ETV Bharat / politics

অসমৰ সীমাৰ ভিতৰতেই মহিলাৰ নিৰাপত্তা নাই, নাগালেণ্ডৰ ওচৰত আত্মসমৰ্পণ কৰিছে মুখ্যমন্ত্ৰীয়ে: গৌৰৱ গগৈ

অসম-নাগালেণ্ড সীমান্তৰ নাগাজাংকাত অসমৰ পথ নিৰ্মাণকাৰ্যক নগাই বাধা দিয়া স্থানত বৃহৎ আৰক্ষী বাহিনীৰ সৈতে উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৷

Assam Nagaland border visited Congress MP Gaurav Gogoi
অসম-নাগালেণ্ড সীমান্তত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 30, 2026 at 7:32 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: মঙলবাৰে বৃহৎ আৰক্ষী বাহিনীসহ মৰিয়নীস্থিত অসম-নাগালেণ্ড সীমাত উপস্থিত হয় লোকসভা বিৰোধী উপ-দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ । গগৈয়ে মৰিয়নীৰ যিসমূহ ঠাইত নগাৰ আগ্ৰাসন চলিছে আৰু কেইদিনমান পূৰ্বে ৬১নং কাটনি পঞ্চায়তৰ ২নং বাৰ্ডৰ নাগাজাংকাত এম জি এনৰেগাৰ অধীনত চলি থকা কাম নগা প্ৰশাসনে বন্ধ কৰিছিল, সেই স্থানতো উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷ আনকি সীমান্তৱতী ৰাইজ লগত এই সম্পৰ্কত তেওঁ আলোচনাও কৰে ৷

এই পৰিদৰ্শন কালত গৌৰৱ গগৈয়ে নগা প্ৰশাসনৰ লগত সীমা সমস্যাক লৈ আলোচনা কৰা উপৰিও অসমৰ মাটিত তেওঁলোকে চলাই থকা আগ্ৰাসন আৰু দলং, পথ নিৰ্মাণৰ সম্পৰ্কতো প্ৰশ্ন কৰে । আনহাতে অসমৰ মাটিত নগাই আগ্ৰাসন কৰা তথা সীমা সমস্যা সন্দৰ্ভতো গৌৰৱ গগৈয়ে কেতবোৰ মন্তব্য কৰে ৷

অসম-নাগালেণ্ড সীমান্তত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ (ETV Bharat Assam)

তেওঁ কয়, ‘‘গোলাঘাট জিলাৰ মেৰাপানী, উৰিয়ামঘাটকে আদি কৰি যিবোৰ অঞ্চলত অসম ৰাইজে খেতি কৰি আহিছিল বা আছিল সেইবোৰ অঞ্চলত লাহে লাহে নগা সোমাই অহাৰ অভিযোগ শুনিবলৈ পাইছো ৷ অসম নাগালেণ্ডৰ স্থায়ী সীমা সমস্যা বৰ্তমান উচ্চতম ন্যায়ালয়ত বিচৰাধীন হৈ আছে ।’’

‘‘অসম ৰাজহ গাঁৱত জব কাৰ্ডৰ অধীনত কৰা কাম নগা প্ৰশাসনে বন্ধ কৰিছে, তেতিয়া আমাৰ প্ৰশাসনে কি কৰিছে ?’’ এই বুলিও প্ৰশ্ন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ৷

গগৈয়ে অভিযোগ কৰি কয়, ‘‘ষষ্ঠ অনুসূচীৰ এলেকাত মাটি আদানী, আম্বানী আৰু ডাঙৰ উদ্যোগপতিক গতাই দিবলৈ এইখন চৰকাৰে যিদৰে তৎপৰতা চলোৱা দেখা যায়, সেইদৰে কিয় সীমান্তবাসীৰ ক্ষেত্ৰত সেই তৎপৰতা এইখন চৰকাৰে কিয় নেদেখুৱায় ? আজি অসমৰ মহিলাই অসমৰ সীমা ভিতৰত থাকি তেওঁলোকে নিৰাপত্তা পোৱা নাই ৷ অসমৰ মাটিত জব কাৰ্ডৰ কাম নগাই বন্ধ কৰিছে আৰু নাগালেণ্ডৰ দাবীত ইয়াত জব কাৰ্ডৰ কাম হোৱা নাই ৷ নাগালেণ্ড প্ৰশাসনে কোৱা কথা অসম প্ৰশাসনে মানি লৈছে । সমান্তৰালভাৱে নাগালেণ্ড চৰকাৰ অধীনত ইয়াত পকী দলং হৈ গল, সেইসময়ত অসম চৰকাৰ শুই আছে ৷ আমি কিয় ক’ব নোৱাৰিলো সীমা মীমাংসা নোহোৱালৈকে ইয়াত দলং হ'ব নোৱাৰে বুলি !’’

তেওঁ আৰু কয়, ‘‘এইখন চৰকাৰে সীমান্ত অঞ্চলত কি হৈছে, গুৰুত্ব দিয়া নাই ৷ এটা বিশেষ অংশত আৰু বিশেষ উদ্যোগপতিৰ বাবেহে এইখন চৰকাৰে গুৰুত্ব দিছে ৷ ক'ৰ্টত কেছ চলি আছে, সীমা সমস্যা মীমাংসা হোৱা নাই ৷ যোৰহাট, গোলাঘাট আদিত আমি মাটি হেৰুৱাই গৈ আছো ৷ এইটো কথাত আৰু দুখ লাগে যে সমগ্ৰ বিষয়টোত কেন্দ্ৰীয় চৰকাৰে কোনো গুৰুত্ব দিয়া নাই ।’’

‘‘মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নাগালেণ্ডৰ ওচৰত একপ্ৰকাৰ ছাৰেণ্ডাৰ কৰিছে ।’’ কিহৰ কাৰণে কৰিছে, সেই সম্পৰ্কেও বহু কথা উল্লেখ কৰে গৌৰৱ গগৈয়ে ৷

তাপৰ্যপূৰ্ণ যে, মঙলবাৰে মৰিয়নীৰ সীমান্তৱৰ্তী স্থানত গৌৰৱ গগৈ উপস্থিত হোৱা লগে লগে তেওঁ আশে পাশে অসম আৰক্ষীৰ বৃহৎসংখ্যক জোৱান দেখিবলৈ পোৱা যায় । গৌৰৱ গগৈক এই সময়ছোৱাত সংগ দিয়ে যোৰহাট জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলে ৷

লগতে পঢ়ক : আদিবাসী ছাত্ৰ সন্থাৰ উপস্থিতিত পুনৰ আৰম্ভ নগাই বন্ধ কৰা জব কাৰ্ডৰ কাম

লগতে পঢ়ক : নগা হত্যাকাৰীক কিয় গ্ৰেপ্তাৰ কৰা নহ'ল? সেনালৈ প্ৰশ্ন এনপিঅ'ৰ