ETV Bharat / politics

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া, ভূপেন বৰাৰ বিজেপি গমনে কংগ্ৰেছক ক্ষতি নকৰে

এক বিশেষ সাক্ষাৎকাৰত শইকীয়াই দাবী কৰে যে ভূপেন বৰাই য’ৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰস্তুতি চলাইছিল, সেই সমষ্টিৰ লোকো তেওঁৰ লগত নাই ।

Assam LoP Debabrata Saikia
বিৰোধী দলপতি দেবব্ৰত শইকীয়া (ANI)
author img

By ANI

Published : February 22, 2026 at 6:09 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: প্ৰাক্তন কংগ্ৰেছী ভূপেন বৰাৰ বিজেপিত যোগদান সন্দৰ্ভত বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া ৷ অসম বিধানসভাৰ বিৰোধী দলপতি শইকীয়াই কয় যে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন মূৰব্বী ভূপেন কুমাৰ বৰাই বিজেপিত যোগদান কৰিলে দলটোৰ কোনো ধৰণৰ ক্ষতি নহয় ।

সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা বাৰ্তালাপত শইকীয়াই দাবী কৰে যে ভূপেন বৰাই য’ৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰস্তুতি চলাইছিল, সেইসকল লোকো আজি তেওঁৰ লগত নাই ।

তেওঁ কয়, ‘‘কোনো ক্ষতি নহয় কাৰণ তেওঁৰ সমষ্টিৰ নেতা-কৰ্মীয়ে, য'ৰ পৰা তেওঁ বিগত তিনিবছৰ ধৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰস্তুতি চলাই আহিছে, তেওঁলোকে বৰাৰ লগত নোযোৱাৰ সিদ্ধান্ত লৈছে । তেওঁলোকে ক'লে যে তেওঁ গুচি গ'লেও আমি কংগ্ৰেছত থাকিম । গতিকে আমি কোনো লোকচানৰ সন্মুখীন নহ'ম ।’’

শইকীয়াই লগতে কয়, ‘‘যিসকলে অন্যায়ভাৱে সংবিধানৰ বিৰুদ্ধে কাম কৰি আছে, তেওঁলোকৰ বিষয়ে আমি মানুহক সজাগ কৰিছো ।’’

অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই পৰৱৰ্তী কেইমাহমানৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে দেওবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বিজেপিত যোগদান কৰে ৷ এই কাৰ্যসূচীত উপস্থিত থাকে বিজেপি সাংসদ বৈজয়ন্ত পাণ্ডা ।

গেৰুৱা দলটোলৈ ভূপেন বৰাক আদৰণি জনাই ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই কয় যে আজিৰে পৰা ভূপেন বৰাই নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিব ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী শৰ্মাই বৰাৰ ৰাজনৈতিক জীৱনৰ অভিজ্ঞতাক স্বীকাৰ কৰি কয় যে তেওঁ কংগ্ৰেছ দললৈ বহুখিনি অৱদান আগবঢ়াইছে ।

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ভূপেন কুমাৰ বৰাই কংগ্ৰেছ দললৈ যথেষ্ট অৱদান আগবঢ়াইছিল । ৩২ বছৰ কংগ্ৰেছ দলত তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল । আজিৰ পৰা তেওঁ নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিব । তেখেতলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো ।’’

লগতে পঢ়ক: প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই পৰিধান কৰিলে গেৰুৱা বসন: বাজেপেয়ী ভৱনত উষ্ম আদৰণি