অসম বিধানসভা নিৰ্বাচন: কংগ্ৰেছৰ দিল্লীত কৌশলী যোগদান
নতুন দিল্লীত কংগ্ৰেছ মুখ্য কাৰ্যালয়ত কংগ্ৰেছত যোগদান অগপৰ বুবুল দাস, অশোক কুমাৰ ৰায় প্ৰধানী, বিজেপিৰ গৌতম ধানোৱাৰ, কাৰ্বি নেতা লংকি টকবিৰ ।

Published : December 13, 2025 at 7:18 AM IST
নতুন দিল্লী : ২০২৬ৰ বিধানসভা নিৰ্বাচনত জাগীৰোডত মন্ত্ৰী পীযুষ হাজৰীকাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব নেকি একালৰ জাতীয়তাবাদী নেতা, অগপ নেতা বুবুল দাস ? একেদৰে ডিগবৈত গৌতম ধানোৱাৰ, ধুবুৰীত অগপ নেতা অশোক ৰায় প্ৰধানী, হাওৰাঘাটত কাৰ্বি জনগোষ্ঠীয় নেতা লংকি টকবী হ’ব নেকি কংগ্ৰেছৰ প্ৰাৰ্থী ?
দিল্লীত শুকুৰবাৰে হোৱা কংগ্ৰেছৰ অসমকেন্দ্ৰিক ৰাজনৈতিক অগ্ৰগতিয়ে অন্তত তাৰেই বতৰা বহন কৰিছে । ২০২৬ৰ অসমৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শুকুৰবাৰে কংগ্ৰেছৰ নতুন দিল্লীত গুৰুত্বপূৰ্ণ যোগদান । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত এই যোগদান কাৰ্যসূচীত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগ দিয়ে শেহতীয়াকৈ বিজেপি দল ত্যাগ কৰা চাহ জনগোষ্ঠীৰ সক্ৰিয় নেতা গৌতম ধানোৱাৰ, কাৰ্বি জনগোষ্ঠীয় নেতা লংকি টকবি, অসম গণ পৰিষদৰ নেতা তথা প্ৰাক্তন বিধায়ক বুবুল দাস আৰু অগপৰ ধুবুৰী জিলাৰ জ্যেষ্ঠ নেতা অশোক কুমাৰ ৰায় প্ৰধানীয়ে ।

"বিগত ১০ বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমত এটা উদ্যোগেই প্ৰাধান্য লাভ কৰিছে আৰু সেয়া হৈছে ঘৃণাৰ উদ্যোগ ।" নতুন দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত শুকুৰবাৰে এইদৰে কয় যোগদানক লৈ উৎসাহিত লোকসভাত বিৰোধী দলৰ উপ-দলপতি, যোৰহাটৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে ।

"মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খোলা ঘৃণাৰ উদ্যোগ বন্ধ কৰিবলৈ আমি সংকল্প গ্ৰহণ কৰিছোঁ । তাৰ পৰিৱৰ্তে আমি অসমত স্থানীয় যুৱক-যুৱতীক প্ৰকৃতাৰ্থত সংস্থাপন দিব পৰাকৈ নতুন নতুন উদ্যোগ গঢ় দিয়াৰ লক্ষ্য হাতত লৈছোঁ । আমি নিশ্চিত যে অসমৰ ৰাইজেও এইবাৰ ঘৃণাৰ উদ্যোগৰ হৰ্তাকৰ্তাসকলক বিদায় দি প্ৰকৃতাৰ্থত উদ্যোগ খুলিবলৈ আমাক সুযোগ প্ৰদান কৰিব ।’’ দলটোত নতুনকৈ যোগ দিয়া নেতাসকলক আদৰণি জনাই এইদৰে কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

উল্লেখ্য যে সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে ছেপ্টেম্বৰ মাহৰ পৰা প্ৰতিটো মাহৰে ১০ তাৰিখে কংগ্ৰেছ দলত বিজেপি-অগপৰ লগতে ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰি আহিছে । ৰাজনৈতিক মহলত চৰ্চা হৈ আহিছে যে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য ১০ ছেপ্টেম্বৰত ৰাজহুৱাকৈ দিব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু সেইদিনা একো তথ্য ৰাজহুৱা কৰিব নোৱাৰিলে ৷ সেইদিনাৰ পৰাই প্ৰতি মাহৰ ১০ তাৰিখে যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে কংগ্ৰেছে ।

পিছে এইবাৰ ১০ ছেপ্টেম্বৰ নহয়, এইবাৰ সংসদৰ চলিত শীতকালীন অধিৱেশনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ব্যস্ত থাকিবলগীয়া হোৱা বাবে ১০ ডিচেম্বৰৰ পৰিৱৰ্তে ১২ ডিচেম্বৰৰ দিনা নতুন দিল্লীত যোগদান কাৰ্যসূচী সম্পন্ন হয় । নেতাকেইগৰাকীৰ যোগদানে অনাগত দিনত কংগ্ৰেছ দলক অধিক শক্তিশালী কৰি তুলিব বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । কংগ্ৰেছ দল অসমৰ ৰাইজৰ সৈতে আছে আৰু এইবাৰ অহংকাৰী মুখ্যমন্ত্ৰীক ৰাইজে যোগ্য প্ৰত্যুত্তৰ দিব বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । কংগ্ৰেছৰ এই যোগদানে ২০২৬ক লৈ দলটোৰ নতুন ৰাজনীতিৰ ইংগিত বহন কৰিছে ।

