সাৱধান ! অসমক বিহাৰ বুলি নাভাবিব : বিজেপিক সকীয়ালে অসম জাতীয় পৰিষদে
বিহাৰৰ ভ্ৰাম্যমান অচিনাকি ভোটাৰৰ বলত অসমৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ ষড়যন্ত্ৰ ৰচিছে বিজেপিয়ে ৷ অভিযোগ অজাপৰ ৷

Published : January 9, 2026 at 7:03 AM IST
হায়দৰাবাদ: "অসম বিহাৰ নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনা ভাল যে ভোটাৰ তালিকাত কাৰচাজি কৰি বিহাৰত যেনেকৈ বিজেপিয়ে ক্ষমতা হস্তগত কৰিছে, তেনেকৈ অসমত নোৱাৰে । কাৰণ অসমৰ ৰাজনৈতিক ভৱিষ্যৎ ইয়াৰ খিলঞ্জীয়া মানুহে নিয়ন্ত্ৰণ কৰে । বিহাৰৰ পৰা ভাৰাতীয়া মানুহ আনি বিজেপিয়ে খিলঞ্জীয়াৰ ৰাজনৈতিক ভৱিষ্যৎ নিৰ্ণয় কৰিব বিচৰা কোনো ষড়যন্ত্ৰ অসমৰ খিলঞ্জীয়া মানুহে মানি নলয় । অসমৰ খিলঞ্জীয়া মানুহে ইতিমধ্যেই অস্তিত্বৰ সংকট অনুভৱ কৰিছে । গাদী দখলৰ স্বাৰ্থত বিজেপিয়ে বিহাৰৰ পৰা ভাৰাতীয়া মানুহ আনি খিলঞ্জীয়াৰ ৰাজনৈতিক ভৱিষ্যৎ নিৰ্ণয় কৰিব বিচৰা কোনো ষড়যন্ত্ৰ অসমৰ খিলঞ্জীয়া মানুহে মানি নলয় ।" এই বক্তব্য অসম জাতীয় পৰিষদৰ । দলটোৰ মতে, ভোটাৰ তালিকাৰ বিশেষ সংশোধন (এছ আৰ) প্ৰক্ৰিয়াৰ জৰিয়তে অসমক ভোটাৰ তালিকাত বিহাৰৰ ভ্ৰাম্যমান ভোটাৰৰ নাম অন্তৰ্ভূক্ত হোৱাটো ভয়ংকৰভাৱে উদ্বেগজনক । দলটোৱে বিশেষ সংশোধনী প্ৰক্ৰিয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু ৰাইজেও নজৰ ৰখা উচিত । বিজেপি দল আৰু চৰকাৰে এনে প্ৰক্ৰিয়াৰে অসমত পুনৰ ক্ষমতা দখলৰ অপকৌশল ৰচনা কৰা বুলি দলটোৱে অভিযোগ কৰে ।
এক বিবৃতিত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক সম্পাদক জগদীশ ভূঞাই কয়- "শেহতীয়াকৈ অসমৰ সদ্যপ্ৰকাশিত খচৰা ভোটাৰ তালিকাত বিভিন্ন ঠাইত স্থানীয় লোকৰ ঠিকনা ব্যৱহাৰ কৰি একাংশ অচিনাকি মানুহৰ নাম অন্তৰ্ভূক্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । মূলতঃ বিহাৰী লোকৰ উপাধি সম্বলিত উক্ত লোকসকলৰ নাম যাৰ ঘৰৰ ঠিকনাৰে সংলগ্ন কৰি ইয়াৰ ভোটাৰ তালিকাত অন্তৰ্ভূক্ত হৈছে, সেই স্থানীয় ব্যক্তি বা তেওঁৰ পৰিয়ালৰ লোকে এওঁলোকক চিনিয়ে নাপায় । গুৱাহাটীসহ কেইবা ঠাইত এনে ঘটনা পোহৰলৈ আহিছে। আনহাতে বহু ঠাইত স্থায়ী ভোটাৰৰ নাম কৰ্তন হোৱাৰো তথ্য পোৱা গৈছে । ইতিপূৰ্বে ৰাহুল গান্ধীয়ে কৰ্ণাটক, মহাৰাষ্ট্ৰ, হাৰিয়ানা, বিহাৰ আদি ৰাজ্যত যিটো কৌশলেৰে ভোট চুৰি হোৱা বুলি অভিযোগ তুলিছিল, অসমৰ ভোটাৰ তালিকাৰ বিশেষ লংশোধনীত অনুৰূপ ঘটনা ধৰা পৰিছে । এনে পৰিস্থিতি কোনো পৰিস্থিতিতে হ'বলৈ দিয়া নহয় বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে উল্লিখিত ৰাজ্যসমূহত অনুৰূপ পন্থাৰে ক্ষমতা কুক্ষিগত কৰা বিজেপিয়ে অসমতো একেই পন্থা হাতত লৈছে ।" বৈধ পন্থাৰে, জনতাৰ স্বতঃস্ফুৰ্ত সমৰ্থনেৰে চৰকাৰ গঠনৰ আশা নেদেখি বিজেপিয়ে এই অবৈধ অভিসন্ধি ৰচনা কৰা বুলি নেতাদ্বয়ে অভিযোগ কৰে ।
অসমত হৈ থকা ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ জৰিয়তে খিলঞ্জীয়া অসমীয়া মানুহক ৰাজনৈতিকভাৱে নিশকতীয়া কৰি তুলিব বিচৰা হৈছে বুলি অভিযোগ কৰি গগৈ আৰু ভূঞাই কয়, "দুটা ব্যৱস্থাৰে অসমীয়া মানুহক ৰাজনৈতিকভাৱে নিঃশেষ কৰিব বিচৰা হৈছে । এটা হৈছে ভোটাৰ তালিকাৰ সংশোধনী প্ৰক্ৰিয়া । এইটো প্ৰক্ৰিয়াৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা বিজেপিক ভোট দিব নোখোজা খিলঞ্জীয়া মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৌশলেৰে কৰ্তন কৰা আৰু বহিঃৰাজ্যৰ অচিনাকি মানুহৰ নাম অসমৰ ভোটাৰ তালিকাত অন্তৰ্ভূক্ত কৰি বিজেপিৰ ভোট বৃদ্ধি কৰা । আনটো প্ৰক্ৰিয়া হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণ । এইটো প্ৰক্ৰিয়াৰ জৰিয়তে খিলঞ্জীয়া জনগোষ্ঠীসমূহ যেনে আহোম, মৰাণ, মটক, কোচ, কছাৰী, চুতীয়া আদিৰ সংখ্যাধিক্য থকা সমষ্টিৰ সংখ্যা হ্ৰাস কৰা । সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো মন্ত্ৰী অশোক সিংহলৰ হতুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাস্তবায়িত কৰোৱাইছিল । এতিয়া ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰো যাৱতীয় ৰাজনৈতিক দায়িত্ব মুখ্যমন্ত্ৰীয়ে অশোক সিংহলকে দিছে । প্ৰশ্ন হ'ল, খিলঞ্জীয়া অসমীয়া মানুহৰ ৰাজনৈতিক ভৱিষ্যৎ নিৰ্ধাৰণৰ দায়িত্ব অশোক সিংহলে লব নেকি ?"
ভোটাৰ তালিকাৰ বিশেষ সংশোধনীত খেলিমেলি হোৱা নাই আৰু এতিয়াও অভিযোগ দাখিল কৰিলে সংশোধনৰ অৱকাশ আছে বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা বক্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈ আৰু ভূঞাই কয় যে খেলিমেলিৰ প্ৰমাণ ইতিমধ্যে ৰাজহুৱাকৈ প্ৰকাশ পাইছে । আনহাতে সংশোধনৰ দায়িত্ব নিৰ্বাচনী বিষয়াৰহে বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে Registration of Electoral Rules, 1960ৰ Rule 21 মতে যিসকল উত্তৰ ভাৰতীয় (অৰ্থাৎ অযোগ্য) লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভূক্ত হৈছে, তেওঁলোকৰ নাম নিজে নিজে (Suo moto) কৰ্তন কৰাৰ দায়িত্ব ভোটাৰ পঞ্জীয়ন বিষয়া (ERO) আৰু সহকাৰী ভোটাৰ পঞ্জীয়ন বিষয়া (AERO) সকলৰহে । এইক্ষেত্ৰত অন্য সাধাৰণ ভোটাৰৰ কৰিবলগীয়া বিশেষ কাম নাই । গতিকে মুখ্যমন্ত্ৰীৰ বক্তব্য দায়সৰা আৰু ৰহস্যজনক । মুখ্যমন্ত্ৰীয়ে উক্ত দায়িত্ব পালন কৰিবলৈ ৰাইজক নহয়, নিৰ্বাচন আয়োগকহে আহ্বান জনোৱা প্ৰয়োজন ।
গগৈ আৰু ভূঞাই লগতে কয় যে অসমৰ খিলঞ্জীয়া মানুহে এইটো জনা ভাল যে খিলঞ্জীয়া মানুহৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক শত্ৰু হৈছে বিজেপি । বিজেপি চৰকাৰে ২০১৪ চনৰে পৰাই খিলঞ্জীয়া অসমীয়া মানুহৰ ভাষা, সংস্কৃতি, সমাজ ব্যৱস্থাৰ সকলো সত্বাকে দুৰ্বল কৰি ক্ৰমাগতভাৱে অস্তিত্বক নিঃশেষ কৰি বহিৰাগতৰ ভোটবেংক সৃষ্টিৰ ষড়যন্ত্ৰ চলাই আহিছে। এনে খিলঞ্জীয়া অসমীয়া বিদ্বেষী দলক পুলিয়ে-পোখাই উৎখাত কৰি জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত সহযোগিতা আগবঢ়াবলৈ গগৈ আৰু ভূঞাই অসমবাসী ৰাইজক আহ্বান জনায় ।
লগতে পঢ়ক: অসম জাতীয় পৰিষদত বিলীন হ'ব অজিত ভূঞাৰ দল

