ETV Bharat / politics

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক মুকলি সমৰ্থন অগপৰ

বিধানসভা আৰু সংসদত জনজাতিকৰণৰ বিষয় উত্থাপন কৰিব অগপৰ সাংসদ-বিধায়কে ।

AGP Matak community meeting
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক মুকলি সমৰ্থন অগপৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 12, 2025 at 3:59 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনজাতিকৰণৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে ৬ জনগোষ্ঠীৰ বিভিন্ন সংগঠনে । প্ৰতিখন চৰকাৰে অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি প্ৰদানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী কৰিব নোৱৰাত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ ৬ জনগোষ্ঠী ।

মৰাণ, মটক, টাই আহোম, চাহ জনগোষ্ঠী, কোঁচ ৰাজবংশী আৰু চুতীয়া জনগোষ্ঠীৰ ৰাইজে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে । তাৰ মাজতে অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণত পূৰ্ণ সমৰ্থন আগঢ়াইছে অসম গণ পৰিষদে । চৰকাৰৰ অংশীদাৰী দলটোৱে '২৬ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ভোট হেৰুওৱাৰ ভয়ত উজনিত জনগোষ্ঠীসমূহৰ সংগঠনৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে ।

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক মুকলি সমৰ্থন অগপৰ (ETV Bharat)

৬ জনগোষ্ঠীৰ প্ৰতিবাদক সমৰ্থন অগপৰ

দীৰ্ঘদিন ধৰি অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টোত নিমাতে থকা অসম গণ পৰিষদে জনজাতিকৰণৰ দাবীৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়াইছে । বুধবাৰে ডিব্ৰুগড়ৰ আমোলাপট্টিস্থিত জিমখানা ক্লাবত অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত মটক জনগোষ্ঠীৰ সংগঠন সদৌ অসম মটক সন্মিলনৰ লগতে জনগোষ্ঠীটোৰ আটাইকেইটা সংগঠনৰ নেতৃত্বৰ বিষয়ববীয়াৰ সৈতে বৈঠকত মিলিত হয় ।‌

ৰাজ্য চৰকাৰৰ অংশীদাৰী দল হৈ থাকিলেও জনজাতিকৰণৰ বিষয়টোত ৬ জনগোষ্ঠীৰ ৰাইজ আৰু দল-সংগঠনৰ পক্ষত অসম গণ পৰিষদ থাকিব বুলি আশ্বাস প্ৰদান কৰা হৈছে । বৈঠকত অগপৰ শীৰ্ষ নেতা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাংসদ ফণীভূষণ চৌধুৰী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাৰ লগতে ভালেকেইজন শীৰ্ষ নেতা উপস্থিত থাকে ।

AGP Matak community meeting
মটক জনগোষ্ঠীৰে অগপৰ বৈঠক (ETV Bharat)

অসমৰ ৬ জনগোষ্ঠীৰ সমৰ্থন কৰি যাব অগপই

ডিব্ৰুগড়ত প্ৰথমবাৰলৈ জনজাতিকৰণৰ বিষয়টোক লৈ মটক জনগোষ্ঠীৰ সংগঠনৰ সৈতে আলোচনাত মিলিত হৈ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ‍্যই কয়, "অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী ন্যায্য আৰু অতি পুৰণি দাবী । গুৱাহাটীত শেহতীয়াকৈ অনুষ্ঠিত হোৱা অসম গণ পৰিষদৰ চিন্তন বৈঠকে জনজাতিকৰণৰ বিষয়টোক সমৰ্থন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৬ জনগোষ্ঠীৰ ৰাইজ আৰু সংগঠনসমূহে জনজাতিকৰণৰ বাবে যি আন্দোলন অব্যাহত ৰাখিছে তাক অসম গণ পৰিষদে পূৰ্ণ সমৰ্থন জনাইছে । আগন্তুক দিনত হ'বলগা ৰাজ্যসভা, লোকসভা আৰু বিধানসভা এই বিষয়টো যাতে অসম গণ পৰিষদৰ সাংসদ-বিধায়কে উত্থাপন কৰিব পাৰে তাৰ বাবে দল-সংগঠনৰ সৈতে আলোচনাত মিলিত হৈছোঁ । উজনিৰ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু যোৰহাটত বিভিন্ন জনগোষ্ঠীৰ সংগঠনৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হ'ব অসম গণ পৰিষদৰ নেতৃত্ব । অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক অসম গণ পৰিষদে সমৰ্থন দি আহিছে আৰু দি যাব ।"

লগতে পঢ়ক :জনজাতিকৰণ দাবী কৰা বিষয় নহয়: ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰুদ্ধে সোচ্চাৰ জনজাতীয় সংগঠন