ETV Bharat / politics

মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা আৰু চাৰিগৰাকী বিধায়কে মন্ত্ৰী হিচাপে ল'ব শপত

হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ৷ কোনে কোনে মন্ত্ৰী হিচাপে শপত ল'ব সেই কথা সামাজিক মাধ্যমত ঘোষণা শৰ্মাৰ ৷

ASSAM GOVERNMENT OATH TAKING
মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2026 at 7:35 PM IST

|

Updated : May 11, 2026 at 11:09 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: মঙলবাৰে অসমৰ নতুন চৰকাৰৰ শপতগ্ৰহণ ৷ মুখ্যমন্ত্ৰীৰ সৈতে আন চাৰিগাৰকী বিধায়কে মন্ত্ৰী হিচাপে মঙলবাৰে শপত ল'ব ৷ সোমবাৰে নিশা এই কথা ঘোষণা কৰে বিজেপিৰ জ্যেষ্ঠ নেতা ডo হিমন্ত বিশ্ব শৰ্মাই ৷ সামাজিক মাধ্যম যোগে শৰ্মাই ঘোষণা কৰা অনুসৰি, অগপৰ জ্যেষ্ঠ নেতা অতুল বৰা, বিজেপিৰ জ্যেষ্ঠ নেত্ৰী অজন্তা নেওগ, বিপিএফৰ নেতা চৰণ বড়ো আৰু বিজেপিৰ নেতা ৰামেশ্বৰ তেলীয়ে মন্ত্ৰী মঙলবাৰে হিচাপে শপতগ্ৰহণ কৰিব ৷

বিজেপিৰ জ্যেষ্ঠ নেতা শৰ্মাই সামাজিক মাধ্যমত উল্লেখ কৰা অনুসৰি, বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব বিজেপিৰ জ্যেষ্ঠ নেতা ৰণজিৎ কুমাৰ দাসক প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰিছে ৷ ডo শৰ্মাই সামাজিক মাধ্যমত কয় যে, "মই জনাবলৈ পাই সুখী হৈছো যে, প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতি মঙলবাৰে মোৰ কেইবাগৰাকী সতীৰ্থই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৷ সেই সকলৰ ভিতৰত আছে অতুল বৰা, অজন্তা নেওগ, চৰণ বড়ো আৰু ৰামেশ্বৰ তেলী ৷ লগতে আমাৰ সকলোৰে সৰ্বসন্মতি ক্ৰমে বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব বিজেপিৰ জ্যেষ্ঠ নেতা ৰণজিৎ কুমাৰ দাসক প্ৰদান কৰা হ'ব ৷"

ইফালে মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া গ্ৰহণ অনুষ্ঠাত ভাগ ল'বলৈ প্ৰধানমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, ২২ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী, দেশৰ বিশিষ্ট উদ্যোগপতি, বিদেশৰ ৰাষ্ট্ৰদূত, অসমৰ সত্ৰাধিকাৰসকল উপস্থিত থাকিব বুলি উল্লেখ কৰিছিল বিজেপিৰ জ্যেষ্ঠ নেতা শৰ্মাই ৷

ইফালে সোমবাৰে নিশাৰ ভাগত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত হয় গুৱাহাটীত ৷

Last Updated : May 11, 2026 at 11:09 PM IST