দুৰ্নীতিৰ বিৰুদ্ধে ভোট দিছে জালুকবাৰীৰ ৰাইজে,বাকী ফলাফলে ক’ব: বিদিশা নেওগ
‘জয়-পৰাজয় ফলাফলে ক'ব, কিন্তু ভালকৈ এখন যুঁজ দিব পাৰিলোঁ বাবে সুখী ৷’ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগৰ প্ৰতিক্ৰিয়া ৷

Published : May 3, 2026 at 7:10 PM IST
গুৱাহাটী : ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম এটা চৰ্চিত সমষ্টি হৈছে কামৰূপ মহানগৰ জিলাৰ জালুকবাৰী সমষ্টি । কাৰণ এই সমষ্টিটোৰ প্ৰাৰ্থীগৰাকী হৈছে ৰাজ্যৰ অন্যতম এগৰাকী শক্তিশালী প্ৰাৰ্থী । তেওঁ হৈছে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । ২০০১ চনৰ পৰা বৰ্তমানলৈকে সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে হিমন্ত বিশ্ব শৰ্মাই । ২০২১ চনৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই ১,৩০,৭৬২ টা ভোট লাভ কৰি জয়ী হৈছিল । তেওঁ লাভ কৰা ভোট আছিল ৭৮.৪ শতাংশ । ২০০১-১১লৈ কংগ্ৰেছৰ পৰা হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল । ২০১৬ বৰ্তমানলৈকে হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ হৈ সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে ।
সুদীৰ্ঘ সময় ধৰি সমষ্টিটোক প্ৰতিনিধিত্ব কৰি অহা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ অৱতীৰ্ণ হৈ এগৰাকী মহিলা । সমষ্টিটোৰ পৰা কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল বিদিশা নেওগক । মুখ্যমন্ত্রীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিদিশা নেওগ এইবাৰ যথেষ্ট চৰ্চাত আছিল । নিৰ্বাচনী প্ৰচাৰৰ সময়ত কেইবাটাও বিক্ষিপ্ত ঘটনাৰ সন্মুখীন হৈছিল প্ৰাৰ্থীগৰাকী । প্ৰচাৰ চলাবলৈ গৈ বাধাৰো সন্মুখীন হৈছিল ।
তথাপিও কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে নিজৰ প্ৰচাৰকাৰ্য পূৰ্ণোদ্যমে চলাই গৈছিল । যাৰ বাবে তেওঁ বিশেষভাৱে চৰ্চালৈয়ো আহিছিল । সোমবাৰে অনুষ্ঠিত হ'ব ভোটগণনা আৰু ওলাব ফলাফল । জালুকবাৰী সমষ্টিক ধাৰাবাহিকভাৱে পাঁচবাৰকৈ প্ৰতিনিধিত্ব কৰি অহা ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্রীগৰাকীৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা বিদিশা নেওগ যথেষ্ট আত্মবিশ্বাসী হৈ আছে ।
ফলাফল সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিদিশা নেওগে কয়, "এটা কথা ভাল লাগিছে যে ভালদৰে যুঁজ এখন দিব পাৰিলোঁ । মনৰ হেঁপাহেৰে যুদ্ধ কৰিব পৰাটো মোৰ কাৰণে ভাল লগা কথা । জালুকবাৰীৰ ৰাইজে গণতন্ত্র ৰক্ষাৰ বাবে ভোট দিছে ।"
তেওঁ লগতে কয়, "সমষ্টিৰ ৰাইজে মুখ্যমন্ত্রীগৰাকীৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিছে । ৰাইজে মুখ্যমন্ত্রী আৰু তেওঁৰ পৰিবাৰৰ অগাধ সম্পত্তিৰ বিৰুদ্ধে ভোটদান কৰিছে । চিণ্ডিকেটৰ বিৰুদ্ধে ভোট দিছে । জালুকবাৰীৰ ৰাইজে কেৱল জালুকবাৰীৰ নহয় সমগ্ৰ অসমৰ কথা ভাবি এখন দুনীৰ্তি পৰায়ন চৰকাৰৰ বিৰুদ্ধে ভোট দিছে । এগজিট প'ল প্ৰকৃত ফলাফল নহয় । প'লসমূহ কিদৰে কৰা হৈছে সেইবোৰ ৪ মে'ত সকলো গম পোৱা যাব ।"
উল্লেখ্য যে ৩৭ নং জালুকবাৰী সমষ্টিত তিনিগৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল । সমষ্টিটোত এইবাৰৰ ভোটদান আছিল ৮২.০৪ শতাংশ ।

