ETV Bharat / politics

ছুপ্ৰিম ক'ৰ্টত মুখথেকেচা পৱন খেড়াৰ : ৰিণিকি ভূঞাৰ পাছপ’ৰ্ট বিতৰ্কত সুৰক্ষা দিবলৈ অস্বীকাৰ

মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ পাছপ'ৰ্ট বিতৰ্ক সম্পৰ্কীয় গোচৰত সকাহ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰি উচ্চতম ন্যায়ালয়ে পৱন খেড়াক অসমৰ আদালতত আৱেদন কৰিবলৈ কয় ।

Pawan Khera
পৱন খেড়া (ANI)
author img

By PTI

Published : April 17, 2026 at 1:46 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : উচ্চতম ন্যায়ালয়ত বিমুখ হ'বলগা হ'ল কংগ্ৰেছ নেতা পৱন খেড়া । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত ৰুজু কৰা গোচৰত অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ । কংগ্ৰেছ নেতা পৱন খেড়াৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত ২০ এপ্ৰিললৈকে সম্ভাব্য জোৰ-জবৰদস্তিৰ বিৰুদ্ধে সুৰক্ষা বিচাৰি খেড়াই কৰা আৱেদন গ্ৰহণ কৰিবলৈ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে অস্বীকাৰ কৰে ।

আনহাতে, শীর্ষ ন্যায়ালয়ে এই গোচৰৰ প্রত্যাশামূলক জামিনৰ বাবে খেড়াক অসমৰ সংশ্লিষ্ট ন্যায়িক আদালতত আৱেদন কৰিবলৈ কয় ৷

উল্লেখ্য যে ৫ এপ্ৰিলত এক সংবাদমেলত খেড়াই অভিযোগ কৰিছিল যে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ একাধিক পাছপ’ৰ্ট আৰু বিদেশী সম্পত্তি আছে । কিন্তু সেইবোৰৰ তথ্য ৯ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে হিমন্ত বিশ্ব শৰ্মাই যি নিৰ্বাচনী শপতনামা দাখিল কৰিছিল তাত ঘোষণা কৰা হোৱা নাছিল । ইফালে এই অভিযোগক মিছা আৰু মনেসজা বুলি মুখ্যমন্ত্ৰী তথা তেওঁৰ পত্নীয়ে নাকচ কৰে ।

শুকুৰবাৰে ন্যায়াধীশ জে কে মহেশ্বৰী আৰু অতুল এছ চন্দুৰকাৰৰ দ্বাৰা গঠিত বিচাৰপীঠে খেড়াক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা অভিষেক সিংভীয়ে দাখিল কৰা তথ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰে আৰু কংগ্ৰেছ নেতাগৰাকীৰ আৱেদনৰ শুনানি গ্ৰহণ কৰিবলগীয়া অসমৰ আদালতক অনুৰোধ জনায় যে তেওঁলোকে যাতে এই গোচৰত শীৰ্ষ আদালত আৰু তেলেংগানা উচ্চ ন্যায়ালয়ে কৰা যিকোনো বিৰূপ মন্তব্যক বিবেচনা নকৰে ।

আনহাতে, খেড়াৰ আৱেদন ক্ষিপ্ৰতাৰে গ্ৰহণ কৰিবলৈও অসমৰ আদালতক বিচাৰপীঠে আহ্বান জনায় ।

উল্লেখ্য যে ১৫ এপ্ৰিলত শীৰ্ষ আদালতে এই গোচৰত খেড়াক এসপ্তাহৰ অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰা তেলেংগানা উচ্চ ন্যায়ালয়ৰ আদেশ স্থগিত ৰাখিছিল ।

অসম চৰকাৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি দিয়ে যে এয়া ক্ষেত্ৰীয় অধিকাৰৰ অভাৱৰ গোচৰ আৰু খেড়াৰ আৱেদনত এনে কোনো উল্লেখ নাছিল যে তেওঁ কিয় তেলেংগানা উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল ।

খেড়াৰ বিৰুদ্ধে গুৱাহাটী অপৰাধ শাখা আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ১৭৫ (নিৰ্বাচনৰ সৈতে জড়িত ভুৱা বক্তব্য), ৩৫ (ব্যক্তি আৰু সম্পত্তিৰ ব্যক্তিগত প্ৰতিৰক্ষাৰ অধিকাৰ) আৰু ৩১৮ (প্ৰতাৰণা) ধাৰাত ৰুজু হৈছিল ।

লগতে পঢ়ক :তেলেংগানা উচ্চ ন্যায়ালয়ৰ সকাহত শীৰ্ষ ন্যায়ালয়ৰ স্থগিতাদেশ, বিজেপিয়ে তীক্ষ্ণ কৰিলে পৱন খেড়াক আক্ৰমণৰ চোক