ETV Bharat / politics

ৰাহুল গান্ধী বিজেপিৰ বাবে সৌভাগ্য়ৰ প্ৰতীক; বিহাৰত এন ডি এৰ বিজয়ত মুখ্য়মন্ত্ৰীৰ কটাক্ষ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিহাৰৰ মুখ্য়মন্ত্ৰী নীতিশ কুমাৰক শুভেচ্ছা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

Assam CM slams Rahul Gandhi
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 14, 2025 at 9:23 PM IST

2 Min Read
Choose ETV Bharat

মিৰ্জা: বিহাৰ বিধানসভা নিৰ্বাচনত এন ডি এই বৃহৎ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । বিহাৰত বিজেপিৰ লগতে এন ডি এৰ এই অভাৱনীয় সাফল্য়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিজয়ৰ কৃতিত্ব দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিহাৰৰ মুখ্য়মন্ত্ৰী নীতিশ কুমাৰক ।

এই প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ জ্য়েষ্ঠ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে । নৱগঠিত জালুকবাৰী সমষ্টিৰ গড়লত ৰামছাৰাণী খণ্ড উন্নয়ন বিষয়াৰ নতুন কাৰ্যালয় উদ্বোধন কৰি সাংবাদিকৰ আগত বিহাৰৰ নিৰ্বাচন সন্দৰ্ভত ৰাহুল গান্ধীক কটাক্ষ কৰি কয়, ‘‘ৰাহুল গান্ধী বিজেপিৰ বাবে সৌভাগ্য়ৰ প্ৰতীক । বিহাৰত যেতিয়াই তেওঁ ভোট চুৰি প্ৰচাৰ আৰম্ভ কৰিছিল, তেতিয়াই বিহাৰৰ জনতাই সিদ্ধান্ত লৈছিল যে তেওঁলোকে কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকেই ভোট দিব, আনক নিদিয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নীতিশ কুমাৰে ৰাইজৰ বাবে গ্ৰহণ কৰা আঁচনিৰ ফল । মই অসমবাসীৰ হকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিজয়ৰ বাবে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছো । আমি বিশ্বাস কৰো যে মোদীৰ নেতৃত্বতেই বিহাৰৰ লগতে অসমকে ধৰি সকলো ৰাজ্য়ৰ বিকাশ হ'ব ।’’

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

‘‘আজি বিহাৰত বিজেপি আৰু এন ডি এৰ চমকপ্ৰদ বিজয়ে অসমকো আনন্দিত কৰিছে । নৰেন্দ্ৰ মোদীৰ প্ৰতি ৰাইজৰ যি সমৰ্থন এই ফলাফলে আকৌ এবাৰ প্ৰমাণ কৰিছে । কংগ্ৰেছৰ যে ভৱিষ্য়ত একেবাৰেই নাই সেয়া আজি পুনৰবাৰ প্ৰমাণ হৈছে । মই ভাবো যে মোদীৰ নেতৃত্বত ভাৰতে বিকাশৰ বাটেৰে খোজকাঢ়িব আৰু ২০৪৭ ৰ ভিতৰত এখন বিকশিত ৰাষ্ট্ৰ হিচাপে আগুৱাই নিব পাৰিম’’ - এইদৰে কয় মুখ্য়মন্ত্ৰীয়ে ।

আনহাতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলোৱা আটাইকেইটা সমষ্টিতেই এন ডি এৰ জয় হোৱা বুলি উল্লেখ কৰি কয়, ‘‘মই প্ৰচাৰ কৰা সমষ্টিকেইটাতো জিকিছো । তথাপি এই জয় মোদীৰ জয়, নীতিশ কুমাৰৰ জয় । বিহাৰৰ লগত মই অসমৰ কথা ক'ব খোজা নাই । অসমত নিৰ্বাচনত আমি জিকিমেই । বিহাৰত নিজিকিলেও অসমত আমিয়েই জিকিম । অসমৰ লগত তুলনা কৰিব খোজা নাই । অসমত আমি নিজেই শক্তিশালী । অসমত আমি মানুহে ভাবিব নোৱৰা ফলাফল কৰিম ।"

ইপিনে, অসমত বিৰোধী ঐক্যৰ সভাত লুৰীণজ্যোতি গগৈৰ বিয়াৰ কথাহে আলোচনা হয় বুলিও কটাক্ষ মুখ্যমন্ত্ৰীৰ ।

লগতে পঢ়ক:বিহাৰৰ ৰাজনীতিত 'বাজীগৰ' হোৱাৰ দিশে নীতিশ কুমাৰ

মিজোৰামৰ উপ-নিৰ্বাচন : বিৰোধী এম এন এফৰ আৰ লালথাংলিয়ানাৰ জয়লাভ