কংগ্ৰেছৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিবলৈ আৰক্ষীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
শ্ৰীভূমিত বাংলা দেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি বিপদত কংগ্ৰেছ । অসম আৰক্ষীক আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

Published : October 29, 2025 at 11:44 PM IST
|Updated : October 30, 2025 at 9:08 AM IST
গুৱাহাটী : কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰলৈ সন্মান জনাই দলীয় সভাত কবীন্দ্ৰ সংগীত গাই অসমত বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে কংগ্ৰেছ দল । সভাত উপস্থিত গীত গোৱাসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিবলৈ আৰক্ষীক নিৰ্দেশ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।
শেহতীয়া দুদিনৰ পূৰ্বৰ এটা ভিডিঅ’ত কংগ্ৰেছৰ সদস্যসকলে শ্ৰীভূমিত এখন দলীয় সভাত ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত 'আমাৰ সোণাৰ বাংলা' গোৱাৰ দৃশ্য সামজিক মাধ্যমযোগে প্ৰচাৰ হয় । এই লৈ সৰৱ হৈ পৰে বিজেপিৰ নেতা-কৰ্মী আৰু মন্ত্ৰী পৰ্যন্ত ।
এই প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্ৰীভূমি জিলা কংগ্ৰেছ কমিটীৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে আৰক্ষীক । বুধবাৰে গুৱাহাটীত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
কংগ্ৰেছ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “শ্ৰীভূমি জিলাত কংগ্ৰেছ দলৰ এখন বৈঠকত বাংলাদেশৰ যি ৰাষ্ট্ৰীয় সংগীত তাক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ দৰে সন্মান কৰি পৰিৱেশন কৰা হয় । বাংলাদেশৰ জাতীয় সংগীত অসমৰ মাটিত পৰিৱেশন কৰাটো আমি কোনোপধ্যেই মানি ল’ব নোৱাৰো । সেই কাৰণে শ্ৰীভূমি জিলাৰ কংগ্ৰেছ দলৰ সদস্য সকলৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিবলৈ আমি অসম আৰক্ষীক নিৰ্দেশ দিছো ।”
এফ আই আৰ দাখিলৰ পিছতেই শ্ৰীভূমিৰ কংগ্ৰেছ কৰ্মীসকলক গ্ৰেপ্তাৰ কৰা হ’ব বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয়, “তেওঁলোকৰ ওপৰত আইনৰ সঠিক ধাৰা অনুসৰি আমি এফ আই আৰ পঞ্জীয়ন কৰিম । আইনৰ প্ৰভিজন অনুসৰি পুলিছে তেওঁলোকক গ্ৰেপ্তাৰো কৰি আইনী ব্যৱস্থা কৰিব ৷” লগতে এইয়া ভাৰতৰ জনতা, আমাৰ ৰাষ্ট্ৰীয় সংগীত আৰু আমাৰ দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি স্পষ্ট অপমান বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷
ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে কয় যে কোনোবাই ৰাষ্ট্ৰক অপমান কৰা বা ভাৰতৰ ঐক্য আৰু অখণ্ডতাক দুৰ্বল কৰা কোনো কাৰ্য সহ্য অসম চৰকাৰে কেতিয়াও নকৰিব ।
ৰাজ্যৰ বৰাক উপত্যকাৰ শ্ৰীভূমিত কংগ্ৰেছ সেৱা দলৰ এখন সভাত কংগ্ৰেছ সদস্যসকলে নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচিত পিছলৈ বাংলাদেশে নিজৰ ৰাষ্ট্ৰীয় সংগীতৰূপে দেশখনে গ্ৰহণ কৰা “আমাৰ সোণাৰ বাংলা”ৰ গীতৰ অংশ গোৱা এটা ভিডিঅ’ত দেখা গৈছে ৷ ইয়াকেই ইছ্যুৰূপে লয় অসম বিজেপিয়ে ।
কংগ্ৰেছে এই ঘটনাটো “ৰাজনৈতিকভাৱে বিকৃত” কৰা হৈছে আৰু গীতটো ঠাকুৰলৈ সাংস্কৃতিক শ্ৰদ্ধাঞ্জলিৰ অংশ আছিল বুলি দাবী কৰি বিজেপিক উত্তৰ দিছে ৷
কংগ্ৰেছ নেতা-কৰ্মীয়ে সম্প্ৰতি বৈৰী জ্ঞান কৰা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা বিতৰ্কৰ প্ৰত্যুত্তৰত কংগ্ৰেছ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আত্মপক্ষ সমৰ্থন কৰি কয় যে গীতটো ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচিত আৰু বাঙালী সংস্কৃতিৰ সাৰমৰ্ম প্ৰকাশ কৰে ।
শাসকীয় বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া কবিগুৰুৰ গীতকো বাংলাদেশৰ গীত বুলি কোৱা এই কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে । বৰাক উপত্যকাৰ কংগ্ৰেছৰ এখন সভাত পৰিৱেশন কৰা এটি ৰবীন্দ্ৰ সংগীতক লৈ বিজেপি দলে কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী আৰু বিজেপি দলক ওভতি ধৰি গগৈয়ে কয়, “যিটো গীতৰ কথা বিজেপিয়ে কৈ আছে সেইটো হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা এটি গীত । এই গীতটোৱে বৰাক উপত্যকা লগতে সমগ্ৰ বাংলা ভাষা-সংস্কৃতিক পৰিস্ফুট কৰি তুলিছে । বিজেপি দলে প্ৰতিটো স্থানীয় ভাষাৰ দৰে বাংলা ভাষাকো অনাদৰ-অৱহেলা কৰি আহিছে । বিজেপি দলে বঙালী লোকসকলৰ সংস্কৃতিকো অপমান কৰি আহিছে ।"
গগৈৰ লগতে মন্তব্য, "বিজেপি দলৰ আই টি চেলে পূৰ্বেও পশ্চিমবংগৰ জনসাধাৰণক অপমান কৰিছিল । বিজেপি দলে বঙালী সমাজক উপলুঙাৰ দৃষ্টিৰে চাই আহিছে । বিজেপি দলে ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰ্শন আৰু আদৰ্শ, ইতিহাসকো আওকাণ কৰাৰ ধৃষ্টতা প্ৰদৰ্শন কৰি আহিছে । বিজেপি দলে পশ্চিমবংগৰ লগতে ভাৰতৰ ভিন্ন প্ৰান্তত বাস কৰা বঙালী লোকসকলকো সময়ে সময়ে অত্যাচাৰ কৰি অহা দেখা গৈছে । বিজেপিয়ে অসমত বঙালী লোকসকলক ভোট বেংকৰ বাবেহে ব্যৱহাৰ কৰে, কিন্তু তেওঁলোকৰ ভাষা-সংস্কৃতি আৰু আৱেগ উপলব্ধি কৰিবলৈ মুঠেই যত্ন নকৰে ।"
লগতে পঢ়ক : কংগ্ৰেছৰ কাৰ্যালয়ত পৰিৱেশন বাংলাদেশৰ জাতীয় সংগীত: বিজেপিৰ গোচৰ ৰুজু

