ETV Bharat / politics

কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত 'পৰিয়ালবাদৰ প্ৰতিফলন’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

৪২ জনীয়া তালিকাত ৭ জনেই পৰিয়ালকেন্দ্ৰিক প্ৰাৰ্থী কংগ্ৰেছৰ । সৰৱ মুখ্যমন্ত্ৰী ৷ মিত্ৰতাৰ নামত অখিলক ব্লেকমেইলিং বুলি বিস্ফোৰক মন্তব্য ।

Congress Candidates list
কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাক পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ দলিল আখ্যা মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 4, 2026 at 11:20 AM IST

|

Updated : March 4, 2026 at 12:59 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : বিজেপিতকৈ আগতেই প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰি অসম বিধানসভা নিৰ্বাচনৰ বাবে এখোজ আগুৱালে কংগ্ৰেছ দল ৷ পিছে কংগ্ৰেছৰ এইখন তালিকাক 'কংগ্ৰেছৰ পৰিয়ালবাৰ দলিল’ আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । লগতে বিৰোধীৰ মিত্ৰ দলৰ মাজত মিত্ৰতা নৌহওঁতেই কংগ্ৰেছৰ একপক্ষীয় তালিকা ঘোষণা কাৰ্যক প্ৰহসন আখ্যা দি মুখ্যমন্ত্ৰীৰ ঘোষণা, কংগ্ৰেছৰ ওচৰত ব্লেকমেইলৰ পৰিৱেশৰ মাজতেই আত্মসমপৰ্ণ কৰিব অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে ।

কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ দলিল আখ্যা

কংগ্ৰেছে মঙলবাৰে সন্ধিয়া প্ৰকাশ কৰা ৪২ জনীয়া তালিকাখনক লৈ মুখ্যমন্ত্ৰীৰ নিশা বিজপেয়ী ভৱনত প্ৰথম প্ৰতিক্ৰিয়া যে কংগ্ৰেছত পৰিয়ালবাদ অব্যাহত ৰাখি প্ৰাৰ্থিত্ব দিয়া হৈছে ।

“কংগ্ৰেছৰ যিখন তালিকা, সেইখন হৈছে ডাইনেষ্টিক পলিটিকছৰ প্ৰতিফলন । প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ পুত্ৰ, ডাঃ ভূমিধৰ বৰ্মন ডাঙৰীয়াৰ পুত্ৰ, প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ সন্তান, প্ৰয়াত মেম্বৰ গগৈৰ বোৱাৰী, ধুবুৰীৰ সাংসদৰ সন্তান— এই ধৰণৰে তালিকাখন কোনোবা নেতাৰ সতি-সন্ততি আৰু পৰিয়ালৰ লোকেৰে বংশানুক্ৰমিক এখন প্ৰাৰ্থীৰ তালিকা । ” এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

উল্লেখ্য, কংগ্ৰেছৰ প্ৰথমখন তালিকাত ৪২ জনৰ ভিতৰত ৭ জনৰেই আছে পৰিয়ালকেন্দ্ৰিক যোগসূত্ ৰ। তালিকাত কংগ্ৰেছে প্ৰক্ষেপ কৰাসকলৰ ভিতৰত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ, প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়া, প্ৰয়াত মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মন, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, এ পি চি চিৰ প্ৰাক্তন সভাপতি পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ, সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈ, সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন, মেম্বৰ গগৈৰ বোৱাৰী পল্লৱী শইকীয়া গগৈৰ নাম প্ৰাৰ্থীৰূপে কংগ্ৰেছ দলে ঘোষণা কৰিছে ।

Congress Candidates list
তাঞ্জিল হুছেইন (ETV Bharat Assam)

কংগ্ৰেছ দলৰ বিৰুদ্ধে পৰিয়ালবাদৰ অভিয়োগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়, “আপোনলোকে যদি ৰাজ্যসভাৰ তালিকাখন চায় দেখিব, আমি কাক প্ৰাৰ্থিত্ব দিছোঁ ? তেৰছ গোৱালা আৰু যোগেন মহনক আমি প্ৰাৰ্থিত্ব দিছোঁ । তেওঁলোকৰ পিতৃ-মাতৃক কোনেও নাজানে ৷ সন্মানীয় পিতৃ-মাতৃ, তেওঁলোক কোনেও কেতিয়াও ৰাজনীতিৰ লগত জড়িত নহয় ৷ বিজেপিৰ লক্ষ হ’ল যে সাধাৰণ ঘৰৰ ল’ৰা-ছোৱালীক আগুৱাই লৈ যোৱা ৷ সেয়ে কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থী তালিকাত আদৰ্শগত আৰু সংস্কৃতিগত পাৰ্থক্য পৰিস্কাৰ হৈছে ৷”

Congress Candidates list
প্ৰাঞ্জল ঘাটোৱাৰ (ETV Bharat Assam)
Congress Candidates list
প্ৰতীক বৰদলৈ (ETV Bharat Assam)

আনহাতে, সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে বিজেপি দলে মূলতঃ ১০৩টা সমষ্টিত শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ৷

Congress Candidates list
পল্লৱী শইকীয়া (ETV Bharat Assam)

কংগ্ৰেছে অখিল গগৈক কৰিছে ব্লেকমেইলিং

কংগ্ৰেছে বিৰোধীৰ মিত্ৰতা ঘোষণা নৌহওঁতেই নিজৰ তালিকা প্ৰকাশ কৰা প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিৰোধীৰ মিত্ৰতাৰ নামত ব্লেকমেইলিংহে চলিছে । অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈৰ প্ৰসংগত মন্তব্য কৰি শৰ্মাই কয় যে মিত্ৰতা তেওঁলোকৰ হ’ব, কিন্তু দুয়োজনেই কংগ্ৰেছৰ মতেই মিত্ৰতা কৰিব ।

লুৰীণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ মিত্ৰতা সৰ্ম্পকে মুখ্যমন্ত্ৰীৰ মন্তব্য, “বিধায়ক হোৱাৰ স্বাৰ্থতে লুৰীণজ্যোতি গগৈয়েও মিত্ৰতা কৰিব কংগ্ৰেছৰ সৈতে ৷ লুৰীণজ্যোতি গগৈয়ে বহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ কেইবাটাও সমষ্টিত প্ৰাৰ্থীক টিকট দিয়াৰ প্ৰতিশ্ৰুতি দি থৈছে ৷ কিন্তু মূল লক্ষ্য নিজেই খোৱাঙৰ পৰা জিকি অহা ৷”

অখিল-কংগ্ৰেছৰ মিত্ৰতা সম্পৰ্কেও মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । শৰ্মাই কয়, "কাইলৈ হয়তো অখিল গগৈয়ে আত্মসমপৰ্ণ কৰিব পাৰে । কিয় ? অখিল গগৈ শিৱসাগৰৰ ছীটটোত জিকিব লাগে । অখিল গগৈৰ ৰাজনৈতিক ভৱিষ্যত শিৱসাগৰৰ ওপৰত নিৰ্ভৰ কৰিব ৷ শিৱসাগৰত কংগ্ৰেছে প্ৰাৰ্থী দিলে তেওঁ দুৰ্বল অনুভৱ কৰিব ৷ সেই কাৰণে কংগ্ৰেছ দলে তেওঁক ব্লেকমেইলিং কৰি আছে । অখিলে কংগ্ৰেছক ভয় খুওৱা আৰু অখিলক কংগ্ৰেছ ভয় খুওৱা এইদৰেই তেওঁলোকৰ চলি আছে । ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত ৯৯.৯ শতাংশ মিত্ৰতা হ’ব ৷”

লগতে পঢ়ক :

Last Updated : March 4, 2026 at 12:59 PM IST