ETV Bharat / politics

বিধানসভাত অখিল গগৈৰ প্ৰয়োজন আছে, নহ'লে বাহিৰত আন্দোলন কৰি থাকিব: হিমন্ত বিশ্ব শৰ্মাৰ আৰু এপাট শেল

"সদনত আমাৰ মতে কথা কয় অখিল গগৈয়ে । পুৱা পীযুষ হাজৰিকাই ফোন কৰে আৰু বিধানসভাত কি ক'ব সেয়া তাৰ পাছত নিৰ্ধাৰণ কৰে ।"

ASSAM CM HIMANTA BISWA SARMA
জুবিন অনুৰাগীয়ে ভোট নিদিলে কংগ্ৰেছক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 5, 2026 at 6:40 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: বিধানসভা নিৰ্বাচনত বৃহৎ সফলতা লাভ কৰাৰ পাছতে মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে ৷ দিছপুৰৰ চৰকাৰী বাসভৱনত আয়োজিত সংবাদমেলত শেহতীয়াকৈ অনুষ্ঠিত হোৱা নিৰ্বাচনী সম্পৰ্কীয় ভিন্ন বিষয়ত মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী শৰ্মাই ৷

সংবাদমেলত মুখ্যমন্ত্রীয়ে কয়, "মঙলবাৰে নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাবে ফলাফল ঘোষণা কৰাৰ পাছতে ৰাজ্যপালক সাক্ষাৎ কৰি মই পদত্যাগ পত্ৰ দিম । বাংলাদেশী লোকৰ বিৰুদ্ধে চৰকাৰে যি কাম কৰিলে সেইখিনিও এটা ফেক্টৰ । কংগ্ৰেছক এইবাৰ জুবিন গাৰ্গৰ অনুৰাগীসকলেও ভোট নিদিলে । কাৰণ তেওঁলোকে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিলে । জুবিন গাৰ্গেই কৈছিল পলিটিক্স নকৰিবা বন্ধু । কিন্তু তেওঁলোকে পলিটিক্স কৰি থাকিল । কংগ্ৰেছৰ নিজৰ ভোট নাছিল বাবেই জুবিন অনুৰাগীৰ ভোট বিচাৰি নিকৃষ্ট ৰাজনীতি কৰিছিল । বৰ্তমান 'কংগ্ৰেছ ৰকিবুল' হৈ আছে ।"

শব্দৰ বহুত শক্তি আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয়, "তেওঁলোকে 'তিনি গগৈ' নকৈ 'তিনি খিলঞ্জীয়া' বুলি কোৱা হ'লে ভাল প্ৰদৰ্শন কৰিব পাৰিলেহেতেন । তিনি গগৈ বুলি কোৱাৰ লগে লগে সংকীৰ্ণ হৈ গ'ল । মই হ'লে তিনি খিলঞ্জীয়া কৰিলোহেতেন । মই কংগ্ৰেছত থকা হ'লে কংগ্ৰেছে বহুত আসন পালেহেতেন । তেওঁলোকৰ পাৱাৰফুল কম্বিনেচন আছিল যদিও প্ৰজেক্ট কৰিব নোৱাৰিলে । তিনি গগৈ কৰি বেয়া কৰিলে ।"

জেন-জিৰ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "জেন-জিসকলো বিজেপিৰ লগতে আছে । ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিৰ কথা আখৰে আখৰে ৰূপায়ণ কৰা হৈছে । নতুন ৫ বছৰীয়া কাৰ্যকালত বহু উন্নয়ন হ’ব অসমত । প্ৰথম ৫ বছৰ আছিল প্ৰস্তুতিৰ কাৰ্যকাল, যোৱা ৫ বছৰ আছিল আধাৰশিলা স্থাপনৰ কাৰ্যকাল । অহা ৫ বছৰ হ’ব উদ্বোধনৰ ৫ বছৰ । আমি নিৰ্বাচনৰ সময়ত কোৱা সকলো কাম কৰিম । উচ্ছেদ বন্ধ নহয়, জোৰদাৰভাৱে চলিব । সকলো কথা কাৰ্যকৰী কৰিম ।"

দেৱব্ৰত শইকীয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "কংগ্ৰেছৰ হিন্দু নেতাসকল ৫ বছৰত বিজেপিলৈ আহিব। দেৱব্ৰত শইকীয়া ৫ বছৰৰ ভিতৰত বিজেপিলৈ আহিব । মই কৈছিলো তেওঁ হাৰিব, হৰাৰ পাছত বিজেপিলৈ আহিব । মই কোৱাৰ দৰেই সকলো হৈছে । বৰ্তমান তেওঁ নিজৰ নিৰাপত্তাৰ কথা ভাবিছে ।"

গৌৰৱ গগৈৰ পৰাস্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,"যোৰহ‍াটত গৌৰৱ গগৈ পৰাজিত হোৱাৰ মূল কাৰণ পৱন খেড়াৰৰ সেই সংবাদমেল । নহ'লে ইমান ভোটত তেওঁ পৰাজিত নহ'লহেতেন । বাহিৰৰ পৰা অহা মানুহে অসমৰ জীয়ৰী-বোৱাৰীৰ ওপৰত কথা ক'লে মানুহে ভাল নাপায় । কংগ্ৰেছত বৰ্তমান ৰাজনীতি কৰা তথা অসমক বুজি পোৱা মানুহৰ সংখ্যা কম । প্ৰিয়ংকা গান্ধী জুবিন ক্ষেত্রলৈ যোৱাটোৱে প্ৰমাণ কৰে যে তেওঁলোকে জুবিনক লৈ ৰাজনীতি কৰিছিল । মই কংগ্ৰেছত থকা হ'লে জুবিনক্ষেত্রৰ লগতে শ্বহীদ বাকৰি আৰু ভূপেন হাজৰিকাৰ সমাধিক্ষেত্রলৈ যোৱাৰ বাবেও ক'লোহেতেন । কংগ্ৰেছত ৰাজনীতি জনা-বুজা মানুহ নাই বাবে এই সৰু সৰু কামবোৰ কৰে।"

পৱন খেড়‍াৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "তেওঁৰ অধিবক্তাই তথ্যখিনি সঠিক নহয় বুলি ন্যায়ালয়ত কৈছে । ভুলটো স্বীকাৰ কৰিছে । গতিকে তেওঁক শ্বাৰ্জশ্বিট দিয়াৰ পাছত মই ভাবো যে এইটো এটা ভাল কেচ হ'ব, এই গোচৰটোৰ ওপৰত আমাৰ ক'বলগীয়া আছে । চৰকাৰে দায়িত্ব লোৱাৰ পাছত সকলো কম । আমি লগে লগে কথাখিনি মিছা বুলি প্ৰমাণ কৰিলো । যদি নোৱাৰিলোহেতেন তেন্তে আমি নিৰ্বাচনত হাৰিলোহেতেন ।"

আনহাতে বুদ্ধিজীৱি, সাহিত্যিক, শিক্ষাবিদ হীৰেন গোঁহাই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "মোৰ বিৰুদ্ধে 'মিঞা' কোৱাটো ভুল বুলি উচ্চ ন্যায়ালয়ত গোচৰ দিছে তেওঁ । কিন্তু অসমত মিঞা শব্দটো প্ৰথম হীৰেন গোঁহায়ে আৰম্ভ কৰিছিল । বাংলাদেশী মুছলমান মানে মিঞা এই সংজ্ঞ‍াটো হীৰেন গোঁহায়ে দিয়া । তেওঁ লিখা কিতাপতে আছে । মানুহে ফেচবুক চাই ভোট নিদিয়ে । ৰাইজৰ হৈ কাম কৰা মানুহক ৰাইজে ভোট দিছে ।"

অখিল গগৈ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "বিধানসভাত প্ৰয়োজন আছে অখিল গগৈৰ। বিধানসভাত নাথাকিলে বাহিৰত আন্দোলন কৰি থাকিব । সেই বাবে শিৱসাগৰত মই প্ৰচাৰ নচলালো । সদনত আমাৰ মতে কথা কয় অখিল গগৈয়ে । পুৱা পীযুষ হাজৰিকাই ফোন কৰে আৰু বিধানসভাত কি ক'ব সেয়া তাৰ পাছত নিৰ্ধাৰণ কৰে । অখিল গগৈয়ে ভুল নকৰা হ'লে কংগ্ৰেছে পোৱা ৪-৫ খন আসন তেওঁলোকে পালেহেতেন । শ্বেৰমান আলীও তেওঁৰ দলৰ বিধায়ক হ'লহেতেন।"

ৰাজীৱ ভৱনৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "তেওঁলোকৰ পৰিকল্পনা আছিল যে তেওঁলোকে ৪৫-৫০ খন আসন জিকিব বুলি ভাবিছিল । লগে লগে কৰ্ণাটকত ৰিজ'ৰ্ট বুক কৰিলে । চাৰ্টাৰ্ড ফ্লাইটড বিধায়কসকলক লৈ যোৱাৰ কথা আছিল। বিধায়কসকলক তাত ৰাখি তেওঁলোকে হাগ্ৰামা মহিলাৰীক পৰামৰ্শ দিব যে তেওঁৰ পৰিবাৰক উপ-মুখ্যমন্ত্রী দিব । অতুল বৰাকো উপ-মুখ্যমন্ত্রী দিয়াৰ কথা ক'ব । তেওঁলোকক লগত লৈ চৰকাৰ কৰাৰ পৰিকল্পনা কৰিছিল । আনকি হাগ্ৰামাক মুখ্যমন্ত্রীৰ অফাৰ দিয়াৰ কথাও চিন্তা কৰিছিল ।এনেকৈ ৰাজনীতি হয় নেকি ।"

লগতে পঢ়ক:প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজয়ৰ হাঁহি মাৰিলে ভিক্টৰ কুমাৰ দাসে