ETV Bharat / politics

সাংসদ অজিত কুমাৰ ভূঞাৰ দলটোত কোন আছে : প্ৰশ্ন মুখ্যমন্ত্রীৰ

শুকুৰবাৰে ‘‘জাতীয় দল অসম’’ আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত চামিল হোৱা সন্দৰ্ভত মন্তব্য কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ৷

Assam CM Himanta Biswa Sarma
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (@himantabiswa)
author img

By ETV Bharat Assamese Team

Published : January 9, 2026 at 7:31 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : "ভোট চোৰ ক'ত, ভোট হোৱাই নাই । বিৰোধীয়ে অভিযোগ দিছে ভাল কথা । নিৰ্বাচন আয়োগৰ প্ৰক্ৰিয়া অব্যাহত আছে আৰু ইয়াত ভোট চুৰিৰ কথাই নাহে । বিজেপিৰ ৰাজ্যিক সভাপতিয়ে নিজৰ বি এল এক নিৰ্দেশনা দিছে যে অযোগ্য ভোটাৰৰ নাম কৰ্তন হোৱাৰ বিপৰীতে যোগ্য ভোটাৰৰ নাম অন্তৰ্ভুক্ত হ'ব লাগে । এইটো এটা প্ৰক্ৰিয়া । সকলো দলে অভিযোগ দিব পাৰে ।"

এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ । শুকুৰবাৰে গুৱাহাটীত বিৰোধীৰ ভোট চুৰিৰ অভিযোগৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

সাংসদ অজিত কুমাৰ ভূঞাৰ দল অসম জাতীয় পৰিষদত চামিল হোৱাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "দুইজনৰ কি আছে মই নাজানো । অজিত কুমাৰ ভূঞাৰ লগত কোনে কোনে যোগদান কৰিব । দলটোত কোন আছে । লাচিত বৰদলৈয়কো বটদ্ৰৱা থানতে জড়িত হৈ থকা দেখিছো । এইটো কিবা বিশেষ বুলি মই নাভাবো ।"

উজনিৰ ভ্ৰমণৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, "আমাৰ অসমীয়া মানুহ বহুত কমি গৈছে । এটা পৰিয়ালে এটাও সন্তান জন্ম দিব নিবিচাৰে । বাকী সকলে ৮-৯ টা সন্তান জন্ম দিয়ে । এইটো সঁচা কথা । সকলো গাঁৱতে এই পৰিস্থিতি ।"

আনহাতে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "তেখেতে তেখেতৰ ব্যৱহাৰৰ যোগেদি ৰাইজৰ সন্মান হেৰুৱাই পেলাইছে । এইটো এটা দুখজনক বিষয় । পশ্চিমবংগত বহুত কাম জৰুৰীভাৱে কৰিবলগীয়া আছে । তাত আমাৰ চৰকাৰ হ'ব লাগে । অসম, ত্রিপুৰাত কাম হয় যদিও বেংগলত নহয় । এবাৰ বিজেপিয়ে সুবিধা পাব লাগে । বেংগলত আমি বাংলাদেশৰ অনুপ্ৰৱেশকাৰীৰে মোকাবিলা কৰিব পৰা নাই ।"

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, "নিৰ্বাচন আয়োগে ভোটাৰ তালিকা সংশোধন কৰোতে প্ৰত্যেকটো ৰাজনৈতিক দলৰ একোজন বি এল এ নিযুক্তি দিয়াৰ সুবিধা দিয়ে । আমি বিজেপি দলেও বি এল এ নিযুক্তি দিছো । আমি বি এল এ সকলক কৈছো যে আপোনালোকে নাম সোমাবৰ বাবে ৬ নম্বৰ ফ'ৰ্ম ব্যৱহাৰ কৰিব আৰু নাম উলিয়াবৰ বাবে নম্বৰ ফ'ৰ্ম ব্যৱহাৰ কৰিব । নামত কিবা খেলিমেলি থাকিলে ৮ নম্বৰ ফ'ৰ্মখন ব্যৱহাৰ কৰিব । এইটো এটা প্ৰক্ৰিয়া । কিন্তু কাৰোবাৰ নাম কাটিব খুজিলে ব্যক্তিজনলৈ জাননী যাব আৰু তেওঁ আত্মপক্ষ সমৰ্থনৰ সুবিধা পাব ।"

লগতে পঢ়ক : অসম জাতীয় পৰিষদত সমাহিত সাংসদ অজিত ভূঞাৰ জাতীয় দল অসম

লগতে পঢ়ক : ‘‘বিয়া পাতিছ’ যেতিয়া কমচে কম এটাতো সন্তান জন্ম দে’’ - নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত সন্তান জন্ম দিয়াৰ প্ৰসংগ