ETV Bharat / politics

মুখ্যমন্ত্রীয়ে ভাগৰিব খুজিলেও ভাগিনীয়েকহঁতে ভাগৰিব দিয়া নাই; জন আশীর্বাদ যাত্রা পালেগৈ লখিমপুৰ

লখিমপুৰত মুখ্যমন্ত্রীৰ জন আশীর্বাদ যাত্রা। হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত মুখ্যমন্ত্রীৰ ঘোষণা-নৱ গঠিত ৰঙানদী সমষ্টিত 100%বিজেপিয়ে নিৰ্বাচন খেলিব। ৰঙানদী বিহপুৰীয়াত কি হ’ব মিত্রদল অগপৰ ভূমিকা ?

JANA ASHIRWAD YATRA ROADSHOW
জন আশীৰ্বাদ যাত্ৰাক ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দিছে: মুখ্যমন্ত্ৰী (Himanta Biswa Sarma  FB post)
author img

By ETV Bharat Assamese Team

Published : March 3, 2026 at 11:29 AM IST

4 Min Read
Choose ETV Bharat

লখিমপুৰ : ‘‘মই ভাগৰা নাই । মই ভাগৰিব খুজিলেও মোক ৰাইজে ভাগৰিব নিদিয়ে । জন আশীর্বাদ যাত্রাত ৰাইজৰ সমৰ্থনৰ বাবে মই অসমৰ ৰাইজক ধন্যবাদ জনাইছো ।’’ লখিমপুৰত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘তিনি আৰু চাৰি তাৰিখে ফাকুৱাৰ বাবে জন আশীর্বাদ যাত্রা বন্ধ থাকিব । পুনৰ পাঁচ তাৰিখৰ পৰা এই যাত্রা আৰম্ভ হ’ব ।’’

জন আশীৰ্বাদ যাত্ৰাক ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দিছে: মুখ্যমন্ত্ৰী (ETV Bharat Assam)

উল্লেখ্য যে, ২৮ ফেব্ৰুৱাৰী পৰা ৯ মাৰ্চলৈ প্রথম পর্যায়ত ৩৪ টা বিধানসভা সমষ্টি সামৰি 'জন আশীর্বাদ যাত্রা' ৰূপায়ণ কৰা হ'ব । তাৰে এক অংশ হিচাবে সোমবাৰে নিশা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জন আশীর্বাদ যাত্রাত অংশ লয় ৷

তেওঁ বিহপুৰীয়া, নাওবৈচা সমষ্টিৰ মাজেৰে আহি ৰঙানদী সমষ্টিত নিশা পৰ্যন্ত জন আশীর্বাদ যাত্রাৰ যোগেদি নিৰ্বাচনী প্ৰচাৰ চলায় । দুপৰ নিশালৈকে চলা এই জন আশীর্বাদ যাত্রাত হাজাৰ হাজাৰ জনতাই অংশগ্রহণ কৰে । মুখ্যমন্ত্রীগৰাকীয়ে ৰাইজৰ সঁহাৰি দেখি দুগুণ উৎসাহেৰে নাচি-বাগি নিৰ্বাচনী প্ৰচাৰ চলায় ।

লখিমপুৰৰ নৱগঠিত ৰঙানদী সমষ্টি সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীগৰাকীয়ে কয়, ‘‘ৰঙানদীত এশ শতাংশ বিজেপিয়ে নিৰ্বাচন খেলিব ।’’

তেওঁ কয়, ‘‘ৰঙানদী অসমৰ ভিতৰতে এটা জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰ হ’ব । ৰঙানদীৰ ৰাস্তা-ঘাট, স্কুল-কলেজ সকলো মোৰ দায়িত্ব । মই কৰিম । আপোনালোকে মাত্র এইবাৰ ৰঙানদীত বিজেপিক জিকাই দিয়ক । সকলোৱে কষ্ট কৰিলে ৰঙানদীত আমি জিকিমেই । আজি ৰাতি তাৰ প্ৰমাণ হৈ গৈছে ৷ নিৰ্বাচন পৰ্যন্ত দিনে-ৰাতিয়ে কাম কৰিব লাগিব আৰু আমি বিপুল ভোটত জিকিব লাগিব । চৰকাৰো হ’ব লাগিব ।’’

লখিমপুৰত কেতবোৰ প্ৰশ্নৰ উদয় :

সোমবাৰে মুখ্যমন্ত্রীৰ জন আশীর্বাদ যাত্রাই লখিমপুৰত কেতবোৰ প্ৰশ্নৰ উদয় কৰে । বিহপুৰীয়া সমষ্টিত জন আশীর্বাদ যাত্রাৰ সময়ত মুখ্যমন্ত্রীৰ সোঁৱে বাওৱে আছিল ন বিজেপি ভূপেন কুমাৰ বৰা আৰু সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক অমিয় ভূঞা । বিধায়ক হিচাপে অমিয় ভূঞাই পুনৰ সমষ্টিটোৰ পৰা দলীয় মনোনয়ন দাবী কৰিছে ।

কিন্তু হঠাৎ ন বিজেপি ভূপেন বৰাৰ এণ্ট্ৰিয়ে অমিয় ভূঞাক সংকটত পেলাইছে । মুখ্যমন্ত্রীয়ে দুয়োকাষে দুয়োজন নেতাক লোৱা দেখা গৈছে । স্বাভাবিকভাৱেই এতিয়া প্ৰশ্ন উঠিছে - মুখ্যমন্ত্রীয়ে নিশ্চয় দুয়োকাষে লোৱা দুজনৰ এজনক ঠেলি আঁতৰাই দিব । কাক ঠেলিব নাইবা কাক কাষ চপাই ল’ব - এয়া সোমবাৰৰ দিনটোৰ বাবে জনতাৰ মাজত এক উত্তৰবিহীন প্ৰশ্ন হৈ উঠিছে ।

আনটো প্ৰশ্ন হ’ল - মুখ্যমন্ত্রীয়ে জনসমাৱেশত কয় যে ৰঙানদীত এশ শতাংশই বিজেপিয়ে নিৰ্বাচন খেলিব । তেওঁৰ এই স্পষ্ট ঘোষণাই উদয় কৰিছে আন এক প্ৰশ্নৰ । কিয়নো ৰঙানদীত বিজেপিৰ সাম্ভাব্য প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাই কিছুদিনৰ পৰা নিৰ্বাচনী প্ৰস্তুতি চলাই আছে । সমানেই প্ৰস্তুতি চলাই আছে অগপৰ বিত্ত সম্পাদক জয়ন্ত খাউণ্ডেও ।

কিছুদিনৰ আগত অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফণীভূষণ চৌধুৰীকে আদি কৰি শীৰ্ষ নেতৃবৃন্দই সমষ্টিটোত অনুষ্ঠিত দলীয় কাৰ্যসূচীত অংশগ্রহণ কৰি সমষ্টিটো অগপক লাগে বুলি দাবী জনাইছিল । শক্তিশালী ৰূপত নিৰ্বাচনী প্ৰস্তুতি চলাই আছে প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত খাউণ্ডেও ।

শেহতীয়াকৈ মুখ্যমন্ত্রীয়ে সমষ্টিটো আহি অগপক এৰি দিয়াৰ সকলো সম্ভাৱনা নস্যাৎ কৰি থৈ যায় । সমষ্টিটোত অগপৰ দীর্ঘদিনীয়া নিৰ্বাচনী প্ৰস্তুতি লৈ চাই মুখ্যমন্ত্রীয়ে যি ক’লেও অগপ পিছ হুহকি অহাৰ মুঠেই সম্ভাৱনা নাই । সেয়ে এতিয়া প্ৰশ্ন উঠিছে যে অগপ বিজেপিৰ মিত্রজোঁটৰ মাজতে ৰঙানদীত এখন যুঁজ হ’ব নেকি ? সাম্প্রতিক প্ৰেক্ষাপটত সেয়াই হ’বলৈ গৈ আছে ! ৰঙানদীয়ে মিত্রজোটত ফাঁট মেলিব পাৰে ! আজিৰ তাৰিখত সেই কথা স্পষ্ট হৈ পৰিছে !

লগতে পঢ়ক : "অসম কংগ্ৰেছৰ সকলো হিন্দু নেতা বিজেপিলৈ আহিব" : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

লগতে পঢ়ক : জন আশীৰ্বাদ যাত্ৰাত হাতী-বুলড'জাৰত উঠি ৰাইজে আদৰিলে মুখ্যমন্ত্ৰীক

লগতে পঢ়ক : দেওশাল মন্দিৰৰ পৰা আৰম্ভ জন আশীৰ্বাদ যাত্ৰা; উচ্ছেদ অভিযানৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিলে মুখ্যমন্ত্ৰীয়ে

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিবলৈ ৰাজপথলৈ আহিছে ৰাইজঃ দিলীপ শইকীয়া