ETV Bharat / politics

কংগ্ৰেছ আৰু ৰাইজৰ দলে সংখ্যাগুৰুক বাদ দিলে, কাজিয়া সংখ্যালঘু সমষ্টিক লৈ : মুখ্যমন্ত্ৰী

আগন্তুক নিৰ্বাচনত বিজেপিয়ে ক’ত, কেনেকৈ প্ৰাৰ্থিত্ব দিব, তাৰে ইংগিত দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

Assam CM Himanta Biswa Sarma comment on upcoming election and criticized Oppositions
কংগ্ৰেছ আৰু ৰাইজৰ দলে সংখ্যালঘু সমষ্টিকলৈ কাজিয়া কৰে : মুখ্যমন্ত্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 23, 2026 at 8:21 AM IST

|

Updated : February 23, 2026 at 12:54 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : অসমৰ তিনিখন ৰাজ্যসভাৰ আসনৰ বাবে ১৬ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ'ব । এই তিনিখন আসনৰ ভিতৰত দুখন আসনৰ বাবে বিজেপিয়ে দুজন প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিছে । তৃতীয়খন আসনৰ বাবে আলোচনা কৰা হোৱা নাই । প্ৰথম দুজন প্ৰাৰ্থীৰ নাম দিল্লীলৈ প্ৰেৰণ কৰা হৈছে । এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

দেওবাৰে গুৱাহাটীত ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, "তৃতীয়খন আসনৰ বাবে এজন ভাল ব্যক্তিক প্ৰাৰ্থিত্ব দিয়া হ’ব । ৰাজ্যসভাৰ দুগৰাকী প্ৰাৰ্থীৰ নাম কালি বিজেপিৰ নিৰ্বাচনী সমিতিয়ে অনুমোদন জনাইছে । তৃতীয়খন আসনৰ বাবে বিৰোধীৰ পক্ষৰ ৰণনীতিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাৰ্থী দিম । এতিয়ালৈকে তৃতীয়খন আসনৰ বাবে আলাপ-আলোচনা কৰা নাই । সেই সন্দৰ্ভত আমি অলপ দেৰিকৈ সিদ্ধান্ত ল'ম । তৃতীয়খন আসনৰ বাবে ভাল মানুহক দিম । বিৰোধী পক্ষৰ প্ৰাৰ্থীগৰাকীৰ ওপৰত চিন্তা-চৰ্চা কৰি আমি প্ৰাৰ্থী দিম । কিন্তু প্ৰথম দুজনৰ নাম আমি কালি পঠাই দিছো ।"

কংগ্ৰেছ আৰু ৰাইজৰ দলে সংখ্যালঘু সমষ্টিকলৈ কাজিয়া কৰে : মুখ্যমন্ত্ৰী (ETV Bharat Assam)

ইফালে ইউ পি পি এলৰ প্ৰমোদ বড়োৰ নামটো চৰ্চালৈ অহা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "নামটো সংবাদ মাধ্যমত মই দেখিছো । কিন্তু এতিয়ালৈকে আমি আমাৰ দলৰ ফালৰ পৰা কথা পতা নাই । ইউ পি পি এল আৰু বি পি এফৰ মিত্রতা সম্পৰ্কত তেওঁলোকে নিজৰ ভিতৰত কথা পাতিব । বিজেপিৰ সহায় লাগিলে বিজেপিয়ে সহায় কৰিব । এইটো সম্পূৰ্ণ তেওঁলোকৰ নিজৰ বিষয় । বি টি চিত আমি বেছি হস্তক্ষেপ নকৰো ।"

আনহাতে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত সংখ্যালঘু সমষ্টিকলৈ চলা টনাআজোৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "দুখ এইটো লাগিছে যে সংখ্যাগুৰু সমষ্টিকলৈ তেওঁলোকৰ মাজত কাজিয়া নালাগে । তেওঁলোকৰ কাজিয়া লাগে সংখ্যালঘু সমষ্টিকলৈ । ত‍াৰ মানে কংগ্ৰেছ দলেও সংখ্যাগুৰুক বাদ দিলে আৰু ৰাইজৰ দলেও সংখ্যাগুৰুক বাদ দিলে । কাজিয়াটো হ'ল সংখ্যালঘু সমষ্টিকলৈ ।"

আনহাতে বিজেপিৰ মিত্রতা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "আমাৰ মিত্রতা প্ৰায় সম্পূৰ্ণ । ইয়াত কোনো আনুষ্ঠানিকতা নাই যে আমি ক'ত ক'ত নিৰ্বাচন খেলিম । এইটো কেন্দ্ৰীয় গৃহমন্ত্রীৰ পৰ্যায়ৰ বিষয় নহয় । সকলোখিনি হোৱাৰ পিছত আমি তালৈ যাম । মিত্রতাকলৈ কোনো ইচ্ছ্যু নাই ।"

লগতে পঢ়ক : ভূপেন বৰাক নতুন ৰাজনৈতিক জীৱনৰ শুভকামনা মুখ্যমন্ত্ৰীৰ : যোগদানৰ পাছতে পালে ৰাজ্যিক কার্যনির্বাহক সদস্যৰ দায়িত্ব

লগতে পঢ়ক : কংগ্ৰেছৰ "ৰাইজৰ অভিযোগনামা"ত বিজেপিৰ বিৰুদ্ধে কি আছে ?

Last Updated : February 23, 2026 at 12:54 PM IST