ETV Bharat / politics

ছেমিকণ্ডাক্টৰ বিতৰ্ক : অসমৰ মুখ্যমন্ত্ৰীক 'তৃতীয় শ্ৰেণীৰ কুটিল' আখ্যা প্ৰিয়াংক খাৰ্গেৰ

ছেমিকণ্ডাক্টৰ বিতৰ্ক সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰিয়াংক খাৰ্গে আৰু অসমৰ মুখ্যমন্ত্ৰীৰ বাকবিতণ্ডা অব্যাহত আছে ।

Assam CM and Priyank Kharge
অসমৰ মুখ্যমন্ত্ৰীক 'তৃতীয় শ্ৰেণীৰ কুটিল' আখ্যা প্ৰিয়াংক খাৰ্গেৰ (ANI)
author img

By ANI

Published : October 30, 2025 at 7:31 AM IST

3 Min Read
Choose ETV Bharat

বেংগালুৰু : ছেমিকণ্ডাক্টৰ বিষয়ত কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেয়ে কৰা অসম সম্পৰ্কে কৰা এক মন্তব্যই দেশৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিশেষকৈ বিজেপি নেতৃত্বাধীন অসম চৰকাৰে কংগ্ৰেছ নেতা তথা মন্ত্ৰী প্ৰিয়াংক খাৰ্গেক সমালোচনা কৰিছে । অসমৰ মুখ্যমন্ত্ৰী আৰু খাৰ্গেৰ টুইট যুদ্ধও চলি আছে ।

অসমৰ মুখ্যমন্ত্ৰীয়ে খাৰ্গেক 'এক নম্বৰ মূৰ্খ' আখ্যা দিছিল । তাৰ পিছতে কৰ্ণাটকৰ মন্ত্ৰীজনেও অসমৰ মুখ্যমন্ত্ৰীক উভতি ধৰিছে । বুধবাৰে প্ৰিয়ংক খাৰ্গেয়ে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক 'তৃতীয় শ্ৰেণীৰ কুটিল' বুলি অভিহিত কৰিছে ।

উল্লেখ্য যে, এই বিতৰ্কৰ সূচনা হৈছিল যেতিয়া বেংগালুৰুৰ পৰিৱৰ্তে বিজেপি শাসিত দুখন ৰাজ্যত ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপন কৰাক লৈ খাৰ্গেয়ে মন্তব্য কৰিছিল । বেংগালুৰুৰ পৰিৱৰ্তে অসম আৰু গুজৰাটত ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল প্ৰিয়ংক খাৰ্গেয়ে । তেওঁ কৈছিল, "গুজৰাট আৰু অসমত কি আছে ? তাত প্ৰতিভা আছেনে ?"

দেওবাৰে তেওঁ কৰা এই মন্তব্যই বিৰোধীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বহুতে অভিযোগ কৰিছে খাৰ্গেয়ে আন ৰাজ্যক অপমান কৰিছে । অৱশ্যে তাৰ পিছত খাৰ্গেয়ে অসমৰ মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি সাংবাদিকৰ আগত কৈছে, "এইটোৱে তেওঁৰ শ্ৰেণী বিশেষাধিকাৰ আৰু চকীখনৰ বলত তেওঁ যি বিশেষাধিকাৰ লাভ কৰিছে সেই সুবিধাকে দেখুৱাইছে । তাৰ বাহিৰে ইয়াত একো নাই । অতি স্পষ্টভাৱে কওঁ তেওঁ মোৰ বক্তব্যৰ ভুল ব্যাখ্যা কৰি ইয়াক ৰাজনৈতিক কৰি তুলিছে । কিন্তু সত্যটো লুকাই নাথাকে তেওঁ নিজেই টুইট কৰি কৈছিল যে অসমৰ পৰা বহু লোক প্ৰশিক্ষণৰ বাবে বেংগালুৰুলৈ আহে । আমি তেওঁলোকক আদৰণি জনাই আহিছো । কোনেও নালাগে বুলি কোৱা নাই । মিষ্টাৰ শৰ্মাৰ ভাষাই তেওঁৰ হতাশাৰ কথা প্ৰকাশ কৰিছে । 'তৃতীয় শ্ৰেণীৰ কুটিল' এজনৰ পৰা আৰু কি আশা কৰিব পাৰি ?"

ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীয়ে ২৭ অক্টোবৰত সাংবাদিকৰ আগত কৈছিল যে জুনিয়ৰ খাৰ্গেয়ে অসমৰ যুৱক-যুৱতীক 'অশিক্ষিত' বুলি 'অপমান' কৰিছিল । তেওঁ লগতে কৈছিল, "প্ৰিয়াংক খাৰ্গে 'এক নম্বৰ মূৰ্খ' । তেওঁ অসমীয়া যুৱকক অপমান কৰিছে আৰু কংগ্ৰেছে এই কথাটো এতিয়াও গৰিহণা দিয়া নাই । আমি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰো কাৰণ তেওঁ কৈছে যে অসমত শিক্ষিত যুৱক-যুৱতী নাই । এয়া সমগ্ৰ অসমীয়া যুৱক-যুৱতীৰ প্ৰতি অপমান ।"

আনহাতে অসমৰ চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাইও এই বিষয়টো সন্দৰ্ভত খাৰ্গেক আক্ৰমণ কৰি কয়, "ধাৰাবাহিকভাৱে অসমক সমালোচনা কৰা চিনিয়ৰ খাৰ্গে আৰু জুনিয়ৰে অসমৰ সংস্কৃতিক উপহাস কৰি থাকে আনহাতে প্ৰদেশ কংগ্ৰেছৰ মেৰুদণ্ডহীন কাপুৰুষসকলে এই অপমানবোৰ সহ্য কৰি থাকে । আনকি অসমৰ কংগ্ৰেছৰ মিত্ৰসকলেও পিছুৱাই গৈছে । পাইজানৰ পৰা আৰু কি আশা কৰিব পাৰি ?"

পীযুষ হাজৰীকাই এক্সৰ পোষ্টত অভিযোগ কৰিছে যে নিখিল ভাৰত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু পুত্ৰ প্ৰিয়াংক খাৰ্গেয়ে কেৱল অসমৰ সংস্কৃতি আৰু সম্পদক লৈ উপহাস কৰি থাকে । ২০২৬ত ইয়াৰ মূল্য কংগ্ৰেছে পাব বুলিও তেওঁ দাবী কৰে ।

লগতে পঢ়ক :খাৰ্গেৰ পৰিয়ালটোৱেই অসমবিৰোধী; প্ৰিয়াংক খাৰ্গেৰ মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া