ETV Bharat / politics

নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল : প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৈতিক সমৰ্থন

ঝাৰখণ্ড লোকসেৱা আয়োগৰ পৰীক্ষাৰ লগতে অন্যান্য নিযুক্তি সম্পৰ্কীয় পৰীক্ষাত হোৱা প্ৰশ্নকাকত ফাদিলৰ অভিযোগত ৰাজ্যখনৰ শিক্ষিত যুৱক-যুৱতীসকলে অনিৰ্দিষ্টকালীন প্ৰতিবাদত বহিছে ৷

PAPER LEAK IN JHARKHAND
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো (ETV Bharat Assam)
author img

By PTI

Published : August 4, 2026 at 4:37 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি হোৱা দেশজোৰা প্ৰতিবাদ কিছু পৰিমাণে স্তিমিত হৈছে ৷ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছত নতুন দিল্লীৰ যন্তৰ মন্তৰত ক’কৰোচ্ছ জনতা পাৰ্টীৰ নেতৃত্বত হোৱা প্ৰতিবাদৰ সামৰণি পৰে ৷ এই প্ৰতিবাদৰ সামৰণি পৰিলেও শেষ হৈ যোৱা বুলি ক’ব নোৱাৰি ৷

ঠিক এনে সময়তে ঝাৰখণ্ডৰ নিযুক্তি পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাৰ কথা পোহৰলৈ আহিছে ৷ লগে লগে ৰাজ্যখনত আৰম্ভ হৈছে প্ৰতিবাদ ৷ পিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকললৈ নৈতিক সমৰ্থন আগবঢ়ায় ৷ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঝাৰখণ্ড মুক্তি মৰ্চা নেতৃত্বাধীন ৰাজ্য চৰকাৰক প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলৰ দাবীসমূহ শীঘ্ৰে মানি ল’বলৈ আহ্বান জনায় ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ঝাৰখণ্ড মুক্তি মৰ্চা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ছাত্ৰ-ছাত্ৰীৰ অভিযোগ অনুসৰি যদি সময়মতে অতি সংবেদনশীলতাৰে আৰু স্বচ্ছভাৱে ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে এই পৰিস্থিতিৰ পৰা হাত সাৰিব পাৰিব ৷

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিষয়টোক লৈ এনেদৰে কয়, ‘‘ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়তে নিযুক্তি সম্পৰ্কীয় পৰীক্ষা যেনে - জেএছএছচি-চিজিএল আদিৰ বাবে প্ৰস্তুতি চলোৱা প্ৰাৰ্থীসকলৰ যন্ত্ৰণা, ক্ষোভ আৰু উদ্বেগ নিজ চকুৰে প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছিলোঁ । আজি নিজৰ ভৱিষ্যত আৰু ন্যায়ৰ বাবে প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ আবেগ সম্পূৰ্ণৰূপে বুজিব পাৰিছো ।’’

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘দুৰ্ভাগ্যজনকভাৱে অনিয়ম আৰু প্ৰশ্নকাকত ফাদিলৰ দৰে অভিযোগসমূহ ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে ৷ আজি ৰাজ্যখনৰ লাখ লাখ যুৱক-যুৱতীৰ ভৱিষ্যত বিপদাপন্ন হৈ পৰিছে । মই ঝাৰখণ্ডৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে যুৱক-যুৱতীসকলে কৰা এই বৈধ আন্দোলনৰ প্ৰতি মোৰ নৈতিক সমৰ্থন আগবঢ়াইছো ৷ একেদৰে ৰাজ্য চৰকাৰক আহ্বান জনাইছো যাতে ছাত্ৰ-ছাত্ৰীসকলৰ যুক্তিসংগত দাবীসমূহ তৎকালীনভাৱে মানি লৈ তেওঁলোকক ন্যায় প্ৰদান কৰে ।’’ যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ সৈতে জড়িত কোনো ধৰণৰ অন্যায় কোনো কাৰণতে সহ্য কৰিব নোৱাৰি বুলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ উল্লেখ কৰে ।

উল্লেখ্য যে, ঝাৰখণ্ড লোকসেৱা আয়োগৰ পৰীক্ষা আৰু অন্যান্য নিযুক্তি সম্পৰ্কীয় পৰীক্ষাত হোৱা প্ৰশ্নকাকত ফাদিলৰ অভিযোগত যোৱা ২৯ জুলাইৰ পৰা ৰাজ্যখনৰ শিক্ষিত যুৱক-যুৱতীসকলে ৰাঁচীৰ জয়পাল সিং মুণ্ডা ষ্টেডিয়ামত অনিৰ্দিষ্টকালীন প্ৰতিবাদত বহিছে ৷

মঙলবাৰে প্ৰতিবাদকাৰীসকলে তদন্তৰ খাতিৰত ঝাৰখণ্ডৰ বাহিৰৰ পৰা অহা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰে গঠিত এখন সুকীয়া বিচাৰপীঠ গঠনৰ দাবী তোলে ৷ ৰাজ্য চৰকাৰে বিষয়টোৰ তদন্তৰ ভাৰ চিআইডিৰ হাতত অৰ্পণ কৰি দায়সৰাৰ লগতে সমগ্ৰ বিষয়টো গাপ দিয়াৰ চেষ্টা চলোৱা বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰিছে ৷

পূৰ্বে যুৱক-যুৱতীসকলে বিষয়টোত চিবিআই আৰু প্ৰৱৰ্তন সঞ্চালকালয়(ইডি)ৰ হস্তক্ষেপ দাবীৰে এই নিযুক্তি কেলেংকাৰীত বৃহৎ পৰিমাণৰ ধনৰ লেনদেন হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৷

লগতে পঢ়ক: ২০২৪ৰ পাছত ২০২৬ত প্ৰশ্নকাকত ফাদিল হোৱাটোৱে চৰকাৰখন ব্যৰ্থতাৰ প্ৰমাণ: গৌৰৱ গগৈ