ETV Bharat / politics

বিজেপি নাথাকিলে গোটেই অসম মিঞাই ল'ব: মুখ্যমন্ত্ৰী

তিনি গগৈয়ে হৈছে মিঞাৰ আটাইতকৈ ডাঙৰ সমৰ্থক । বিজেপিক অভিশাপ দিয়াসকল নিজেই অনুতপ্ত হ'ব । গহপুৰত মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ ।

Assam CM Gohpur visit
গহপুৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 6:28 PM IST

4 Min Read
Choose ETV Bharat

গহপুৰ : "আপোনালোকে এটা কথাত নিশ্চিত থাকক, যিদিনাখনেই ইয়াত বিজেপি নাথাকে দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখন মিঞাই লৈ ল'ব । এইটো কথা মই ভৱিষ্যদ্বাণী কৰি থৈ গ'লোঁ... যিদিনাখনেই অসমত বিজেপি চৰকাৰ যাব, যিবিলাক এতিয়া আমাৰ অসমীয়া মানুহে বিজেপিক অভিশাপ দি আছে তেওঁলোক এদিন নিজে অনুতপ্ত হ'ব ।" গহপুৰত এই বিস্ফোৰণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।

বৃহস্পতিবাৰে বিশ্বনাথ জিলাৰ গহপুৰৰ ভোলাগুৰিত অসম চৰকাৰৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত সাংবাদিকৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীয়ে লগতে দিল্লী বিস্ফোৰণৰ প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক তীব্ৰ আক্ৰমণ কৰাৰ লগতে বিৰোধী ঐক্য সন্দৰ্ভতো তীৰ্যক মন্তব্য কৰে ।

বিজেপি নাথাকিলে গোটেই অসম মিঞাই ল'ব: মুখ্যমন্ত্ৰী (ETV Bharat Assam)

উল্লেখ্য যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত গহপুৰ সমষ্টিৰ 36,857 গৰাকী মহিলাক 10 হাজাৰ টকাৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । আনুষ্ঠানিক চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মহিলাসকলক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, "বিজেপি চৰকাৰ থকা মানে দুখীয়া মানুহৰ মুখত হাঁহি থকা । বিজেপি চৰকাৰ থকা বাবে নাৰী সুৰক্ষিত, অসমীয়া সুৰক্ষিত, অসমীয়াৰ ভূমি সুৰক্ষিত । আমি সদায় দৰিদ্ৰ লোকৰ লগত আছোঁ, মহিলাৰ লগত আছোঁ ।"

Assam CM Gohpur visit
গহপুৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

আনহাতে, মিঞাৰ আগ্ৰাসন প্ৰসংগত নাম নোলোৱাকৈ গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈক আক্ৰমণ কৰি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, "তিনি গগৈয়েতো মিঞাৰ আটাইতকৈ ডাঙৰ সমৰ্থক । তেওঁলোক গগৈৰ সমৰ্থক নহয়, তেওঁলোক বুঢ়াগোঁহাইৰ সমৰ্থক নহয়, তেওঁলোক বৰবৰাৰ সমৰ্থক নহয়, তেওঁলোক বৰপাত্ৰ গোঁহাইৰ সমৰ্থক নহয়, এই তিনি গগৈয়ে হৈছে মিঞাৰ আটাইতকৈ ডাঙৰ পৃষ্ঠপোষক ।"

ইফালে দিল্লীকাণ্ডত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, "গৌৰৱ গগৈ পাকিস্তানৰ আই এছ আইৰ এজন এজেণ্ট হয় । ঘৈণীয়েক বেছিকৈ এজেণ্ট, তেওঁ অলপ কমকৈ এজেণ্ট । ইয়াৰ বহুত প্ৰমাণ আমাৰ হাতত মজুত আছে... মই আজিও অসমৰ মুখ্যমন্ত্ৰী হিচাপে ক'ব বিচাৰোঁ যে গৌৰৱ গগৈ আজিও পাকিস্তানৰ লগতে আছে আৰু আগৰ পৰাই তেওঁৰ সমগ্ৰ পৰিয়ালটোৱে পাকিস্তানী এজেণ্টৰ দৰে কাম কৰি আছে ।"

Assam CM Gohpur visit
গহপুৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "যিকোনো এটা ঘটনাৰ পিছত তেওঁ লগে লগে সমালোচনা নকৰে । গধূলিৰ ফালে অলপমান সমালোচনা কৰে । তাৰ মানে সেই সময়ত তেওঁ পাৰমিছন লৈ লয় । যদি দিল্লীত বোমা বিস্ফোৰণৰ পিছত তেখেতৰ যদি প্ৰথম ফেচবুক পোষ্টটো পায় তাত গৰিহণা নামৰ শব্দটোও নাই, খালী দুখ প্ৰকাশ কৰে । যেতিয়া লেখা-লেখি হ'ল তেতিয়া লাহেকৈ গৰিহণা শব্দটো যোগ কৰি দিলে মনত কষ্ট লৈ । তেওঁৰ সাহসো নাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মতাৰ কাৰণে ।"

ইফালে বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, "অসমৰ তিনি গগৈ, তিনি গগৈয়ে হৈ থাকিব, একো কৰিব নোৱাৰে, হাৰি থাকিব সদায় । কিন্তু আমাৰ আন গগৈ তৰংগ গগৈসহ আমাৰ গগৈসকল জিকি থাকিব । সেইসকল বাকী গগৈ হাৰি থাকিব ।"

Assam CM Gohpur visit
গহপুৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

লগতে বিৰোধীৰ মিত্ৰতাৰ মিটিংখন কেৱল এখন বিয়াৰ আলোচনাৰ মিটিংহে আছিল বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ।

আনহাতে, এন এইচ এম কৰ্মচাৰীসকলৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাত কয় যে স্বাস্থ্যকৰ্মী, এন এইচ এমৰ কৰ্মীসকলে ব্লেক মেইলিং আৰম্ভ কৰিছে । স্বাস্থ্য শিবিৰত অংশ নোলোৱাৰ বাবে প্ৰথমে ক্ষমা খুজিব লাগিব । তাৰ পিছতহে বিষয়টো আলোচনা কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ।

Assam CM Gohpur visit
অনুষ্ঠানত উপস্থিত একাংশ হিতাধিকাৰী (ETV Bharat Assam)

ইফালে ৰাজ্যত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিক্তিক কৰ্মচাৰীসকল ১১ নৱেম্বৰৰ পৰা তেওঁলোকৰ 30,000 টকা এককালীন বেতন বৃদ্ধি কৰি সমকামৰ সমমৰ্যাদা প্ৰদান কৰা, প্ৰতি বছৰে ন্যূনতম 10% বেতন বৃদ্ধি স্থায়ীভাৱে প্ৰয়োগ কৰা, দীৰ্ঘদিনীয়া সেৱাৰ স্বীকৃতি হিচাপে 60 বছৰলৈ চাকৰি সুনিশ্চিত কৰা, এইচ আৰ ‌নীতি প্ৰণয়ন আৰু প্ৰয়োগৰ জৰিয়তে তেওঁলোকৰ অধিকাৰ সুনিশ্চিত কৰাকে ধৰি বিভিন্ন দাবীত অব্যাহত ৰখা প্ৰতিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "লাগিলে চৰকাৰেই নকৰোঁ, কিন্তু হেঁচাত মুখ্যমন্ত্ৰী নহওঁ ।"

লগতে পঢ়ক :কংগ্ৰেছৰ বিৰোধী ঐক্যৰ এইখন ছিৰিয়েল চলি থাকিব: মুখ্যমন্ত্ৰী
লগতে পঢ়ক :বিজেপিক খেদিবলৈ ঐক্যবদ্ধ হ'ল বিৰোধী