টেনচন দূৰ কৰিবলৈ এতিয়া আটাইতকৈ ভাল মেডিচিন অখিল গগৈৰ ফেচবুক, ময়ো ৰাতি চাওঁ: মুখ্যমন্ত্ৰী
'২৬ নহয়, '৩৬ ত চৰকাৰ গঠনৰ পৰিকল্পনা বিৰোধীৰ । ২০২৬ আৰু ২০৩১ ইতিমধ্যে আমাক এৰি দিছে । এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।

Published : December 18, 2025 at 6:40 PM IST
গুৱাহাটী : "অখিল গগৈয়ে কৰা ফেচবুক পোষ্টবিলাক চাওঁ ৰাতি । গা-পা ধুই শোৱাৰ আগতে মই অখিল গগৈৰ ফেচবুক লাইভবিলাক চাওঁ । কাৰোবাক জহনি বুলি গালি পাৰে, কাৰোবাক কিবা বুলি গালি পাৰে । ৰাতিটো ভাল টোপনি আহে ।" অখিল গগৈৰ ফেচবুক পোষ্ট-লাইভক এনেদৰে টোপনি অহা ঔষধৰ লগত তুলনা কৰি কটাক্ষ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
পাৰিবাৰিক কন্দল ভাঙিবৰ বাবে অখিল গগৈৰ ফেচবুক পোষ্ট চাবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়, "বৰ্তমান ৰাতি কাৰোবাৰ যদি পৰিয়ালত কন্দল লাগিছে, ল'ৰা-ছোৱালীৰ নিজৰ মাজত কাজিয়া লাগিছে, ক'ৰবাত অফিচত টেনচন হৈছে, ক'ৰবাত মালিকৰ লগত টেনচন হৈছে, ক'ৰবাত অফিচৰ বছৰ লগত টেনচন হৈছে, ক'ৰবাত ভায়েক-ককায়েকৰ মাজত টেনচন হৈছে বৰ্তমান অসমত আটাইতকৈ ডাঙৰ মেডিচিন হৈছে ৰাতি অখিল গগৈৰ ফেচবুক চোৱা । মই নিজেই চাওঁ ৷ মই একপ্ৰকাৰ ফেন হৈ গৈছোঁ, অখিল গগৈৰ ফেচবুক লাইভ চোৱা... বৰ্তমান টেনচন ৰিলিজৰ কাৰণে আটাইতকৈ ভাল হৈছে অখিল গগৈৰ ফেচবুক ।"
দেশৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সন্দৰ্ভত বৃহস্পতিবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক বৈঠকত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ত এনেদৰে কয় মুখ্যমন্ত্ৰীয়ে ।
লগতে বিৰোধী মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছক পুনৰ আক্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "কংগ্ৰেছে ২০৩৬ৰ কাৰণে প্ৰস্তুতি চলাই আছে । ২০৩৬ত যাতে কংগ্ৰেছ চৰকাৰ হ'ব পাৰে তেওঁলোকে তাৰ প্ৰচেষ্টাত আছে । '২৬ আৰু '৩১ আমাক অলৰেডী দি থৈ দিছে । সেইটো কাৰণে মই নাভাবোঁ যে আজিও ক'ৰবাত কংগ্ৰেছৰ প্ৰস্তুতি আছে, মই তেনেকৈ নাভাবোঁ ।"
মুখ্যমন্ত্ৰীয়ে লগতে কয়, "বিৰোধীয়ে ২০৩৬ চনৰ বাবে প্ৰস্তুতি চলাইছে । কংগ্ৰেছ আৰু আন বিৰোধীয়ে ২০২৬ আৰু ২০৩১ ইতিমধ্যে আমাক এৰি দিছে । '২৬ত বিৰোধীয়ে চৰকাৰ গঠন কৰাৰ পৰিকল্পনা কৰা নাই । সেয়েহে আজিও কংগ্ৰেছৰ প্ৰস্তুতি আছে বুলি মই নাভাবোঁ । এটা ভোটবেংক নিশ্চিতভাৱে আছে, যিটোত কোনোবা এজনক তামিলনাডুৰ পৰা আনি উঠাই দিলেও সেই ভোটখিনি পাবই । তাক বাদ দি তেওঁলোকৰ বেলেগ কিবা চেষ্টা আছে বুলি মই নাভাবোঁ ।"
আনহাতে, অখিল গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "অখিল গগৈয়ে নিজৰ আসনখন জিকিবলৈ এটা সময়ত কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিব । অখিল গগৈক কংগ্ৰেছে এখন আসনে দিব । লগতে মৰম কৰি হাৰিবলগা এখন-দুখন আসন দিব পাৰে । অখিল গগৈয়ে যিমান কৈ আছে তেওঁ কৰিব নোৱাৰে । সদায় তাৰিখ দিয়ে থাকে যে ১ জানুৱাৰী, ১ ডিচেম্বৰৰ পৰা আৰম্ভ কৰিম বুলি । তেওঁ এতিয়া ফেচবুকত কাজিয়া কৰি থাকে । তেওঁ এতিয়া ডিজিটেল মাধ্যমৰ মানু্হ, প্রেক্টিকেল ফিল্ডৰ নহয় ।"
আনহাতে, বিজেপিৰ শক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "আমি যোৱা পাঁচ বছৰ ভালকৈ কাম কৰি আছোঁ । লগতে আমাৰ দল তৃণমূল পৰ্যায়লৈকে যাব পৰিছে । সেয়েহে বিৰোধীৰ কি হৈছে, কি হোৱা নাই তাক আমি চিন্তা কৰা নাই । আমি আলোচনা কৰিছোঁ আমি কেনেকৈ ৫০% তকৈ অধিক ভোট পাব পাৰোঁ । বিৰোধীয়ে কোনোবাদিনা লিলি হোটেলত, কোনোবাদিনা বিহালী ধাবাত, কোনোবাদিনা ৰাহুল গান্ধীৰ ঘৰত বহিম বুলি কয় ।"
ইফালে ২০২৬ত মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "মিত্ৰতা সন্দৰ্ভত আমি ইতিমধ্যে কথা পাতি আছোঁ । আমি যিহেতু আমাৰ মিত্ৰদলসমূহক লগ পাই থাকো, কথা-বতৰা হৈ থাকে । আমি মিটিঙত বহি কেমেৰাত কথা ক'ব নালাগে । আমি ৰাতিপুৱা-গধূলি কথা পাতি আছোঁ । মই গাড়ীত গৈ থাকোঁতেও কথা পাতি গৈ থাকো, আমাক লিলি হোটেল নালাগে মিত্ৰতাৰ কথা পাতিবলৈ । চূড়ান্ত হোৱাৰ দিনাখন বিজেপি বা এজিপি অফিচত ঘোষণা কৰিলে হ'ল ।"

