ETV Bharat / politics

কেইবাটাও সমষ্টিত মুখ্যমন্ত্রীৰ সেউজ সংকেত : আসনকলৈ বিজেপি আৰু অগপৰ মাজত চলিছে আলোচনা, আছে মতানৈক্য

কোন সমষ্টিত কোন হ'ব প্ৰাৰ্থী ? মুখ্যমন্ত্রীয়ে দিছে ইংগিত ।

assam assembly election 2026
মুখ্যমন্ত্রীয়ে কোন সমষ্টিত কোন হ'ব প্ৰাৰ্থী তাৰো ইংগিত দিছে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 28, 2026 at 8:25 PM IST

12 Min Read
Choose ETV Bharat

গুৱাহাটী : সমাগত বিধানসভা নিৰ্বাচনৰ বাবে পূৰ্ণ প্ৰস্তুতিৰে সাজু হৈছে শাসকীয় বিজেপি দল । ইতিমধ্যে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ অনুষ্ঠানৰ মাজেৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে একপ্ৰকাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ।

তাৰ মাজতে মুখ্যমন্ত্রীয়ে কোন সমষ্টিত কোন হ'ব প্ৰাৰ্থী তাৰো ইংগিত দিছে । লক্ষণীয় বিষয় যে বিজেপি আৰু অগপৰ আসন বুজাবুজি ১৫ ফেব্ৰুৱাৰীৰ পূৰ্বে চূড়ান্ত হ'ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে । মিত্রদলৰে আসন বুজাবুজি চূড়ান্ত হোৱা নাই যদিও মুখ্যমন্ত্রীয়ে কেইবাখনো আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম একপ্ৰকাৰ ঘোষণা কৰি পেলাইছে ।

ইফালে অগপৰ নেতৃত্বই কোনো কথাই স্পষ্টভাৱে ক'ব পৰা নাই । এতিয়াও বৈঠক আৰু আলোচনাৰ মাজতে সীমাবদ্ধ আছে অগপৰ নেতৃত্ব । মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে শাসকীয় দল বিজেপি একপ্ৰকাৰ সকলো প্ৰকাৰে সাজু হৈছে ।

assam assembly election 2026
আসনকলৈ বিজেপি আৰু অগপৰ মাজত চলিছে আলোচনা (ETV Bharat)

প্ৰাৰ্থীৰ তালিকাও প্ৰায় চূড়ান্ত কৰা হৈছে । দিল্লীৰ শীৰ্ষ নেতৃত্বৰ অনুমোদনৰ পাছতে আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা হ'ব । ইফালে মিত্রদল বিজেপিৰ পৰা নিশ্চিত চিগনেল নোপোৱা বাবে অগপৰ নেতৃত্বই কোনো কথা স্পষ্টভাৱে ক'ব পৰা নাই ।

আনকি কেইখন আসনত খেলিব বিচাৰে সেই কথাও অগপৰ সভাপতি অতুল বৰাই স্পষ্ট কৰা নাই । ইফালে অগপৰ ভিতৰচ'ৰাত ইয়াকলৈ বিদ্ৰোহৰ উকমুকনি আৰম্ভ হৈছে । অগপত ৪০ ৰ পৰা ৫০ খন আসনৰ দাবী উত্থাপন হৈছে ।

উল্লেখ্য যে, ২০২১ ৰ নিৰ্বাচনত বিজেপিয়ে অগপক ২৯ খন আসন এৰি দিছিল আৰু অগপ জয়ী হৈছিল ৯ খন আসনত । এইবাৰ অগপই অধিক আসনৰ আশা কৰিছে যদিও বিজেপিত কম আসন দিয়াৰহে গুণাগথা চলিছে । কাৰণ এইবাৰ বিজেপিত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকাখন যথেষ্ট দিঘলীয়া আৰু বহু সমষ্টি এইবাৰ বিজেপিৰ নেতা-কৰ্মীয়ে অগপক এৰি দিয়াটো বিচৰা নাই ।

assam assembly election 2026
কোন সমষ্টিত কোন হ'ব প্ৰাৰ্থী ? (ETV Bharat)

পাঁচটা সমষ্টিত প্ৰাৰ্থীৰ সেউজ সংকেট মুখ্যমন্ত্রীৰ :

শেহতীয়াকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণৰ বাবে ৰাজ্যৰ বিভিন্ন সমষ্টিলৈ গৈছে । এই অনুষ্ঠানবোৰলৈ গৈ মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমৰ আগত একাংশ সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ নামো পৰোক্ষভাৱে ঘোষণা কৰিছে ।

assam assembly election 2026
কোন সমষ্টিত কোন হ'ব প্ৰাৰ্থী ? (ETV Bharat)

মুখ্যমন্ত্রীয়ে দিয়া সেউজ সংকেট অনুসৰি আগন্তুক বিধানসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিত বৰ্তমানৰ বিধায়ক মানৱ ডেকাই পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিব । সেইদৰে মাহমৰা সমষ্টিত মন্ত্রী যোগেন মোহনে প্ৰাৰ্থিত্ব লাভ কৰিব ।

আনহাতে সৰুপথাৰত বিধায়ক বিশ্বজিৎ ফুকনে লাভ কৰিব প্ৰাৰ্থিত্ব । মুখ্যমন্ত্রী সেউজ সংকেট অনুসৰি নগাঁৱত বিধায়ক ৰূপক শৰ্মাই আৰু ঢকুৱাখনাত নৱ কুমাৰ দলেই প্ৰাৰ্থিত্ব লাভ কৰিব ।

বৰ্তমানলৈ পাঁচটা সমষ্টিত কোনে প্ৰাৰ্থিত্ব লাভ কৰিব তাৰ ইংগিত ইতিমধ্যে মুখ্যমন্ত্রীয়ে দিছে । বাজপেয়ী ভৱনৰ চৰ্চা অনুসৰি ১৫ ফেব্ৰুৱাৰীত বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশৰ সম্ভাৱনা আছে । তাৰ পূৰ্বে অগপৰে চূড়ান্ত হ'ব আসন বুজাবুজি ।

assam assembly election 2026
আসনকলৈ বিজেপি আৰু অগপৰ মাজত চলিছে আলোচনা (ETV Bharat)

ইফালে অগপই এইক্ষেত্রত কোনো ধৰণৰ কথা স্পষ্ট কৰা নাই । এই সন্দৰ্ভত অগপৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয়, "বিজেপি আৰু অগপৰ মাজত আসন বুজাবুজি সন্দৰ্ভত আনুষ্ঠানিক আলোচনা হোৱা নাই যদিও দুয়োপক্ষৰ মাজত কথা-বাৰ্তা চলি আছে । আমি আমাৰ কথা ৰাখিছো ।"

কলিতাই কয়, "বৰ্তমান সময়ত বহু সমষ্টিত আমাৰ সাংগঠনিক ভেঁটি যথেষ্ট শক্তিশালী । যাৰ বাবে নেতা-কৰ্মীসকলে বহু সমষ্টিত নিজৰ প্ৰাৰ্থী দিয়াটো বিচাৰিছে । আমি আমাৰ ভেঁটি সুদৃঢ় থকা সমষ্টি বাচনি কৰিছো । এতিয়াই সমষ্টিৰ সংখ্যা কোৱাটো ভাল নহ'ব ।"

তেওঁ আৰু কয়, "আসন বুজাবুজি সন্দৰ্ভত বিজেপিৰে চূড়ান্ত সিদ্ধান্ত হোৱাৰ পাছত সকলো কথাই স্পষ্ট হ'ব । আমি সন্মানজনক মিত্রতা হোৱাটো বিচাৰো । মিত্রতাত এৰা-ধৰা থাকিবই । এইবাৰ এন ডি এৰ নিৰ্বাচনী ফলাফল আৰু অধিক ভাল হ'ব । আমাৰো আসনৰ সংখ্যা বৃদ্ধি পাব বুলি আমি আশা কৰো ।"

assam assembly election 2026
কোন সমষ্টিত কোন হ'ব প্ৰাৰ্থী ? (ETV Bharat)

বিজেপি আৰু অগপৰ আসন বুজাবুজিক লৈ অব্যাহত আলোচনা :

বৰ্তমান সময়ত বিজেপি আৰু অগপৰ ভিতৰচ'ৰাত চৰ্চাৰ অন্যতম বিষয় হৈছে যে এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে অগপক কেইখন আসন এৰি দিব । মুখ্যমন্ত্রীয়ে কোৱা অনুসৰি অগপৰে মিত্ৰতা হ’ব । ১৫ ফেব্ৰুৱাৰীৰ পূৰ্বে আসন বুজাবুজিৰ দিশটো চূড়ান্ত হ'ব । এই সন্দৰ্ভত আলোচনা চলি আছে বুলি মুখ্যমন্ত্রীয়ে ইতিমধ্যে সদৰী কৰিছে ।

এই পৰ্যন্ত আসন ভাগবাটোৱাৰাক লৈ অগপ আৰু বিজেপিৰ মাজত আনুষ্ঠানিক আলোচনা হোৱা নাই । কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্রী জয়ন্ত মল্লবৰুৱাই আসন বুজাবুজিৰ বিষয়টো সন্দৰ্ভত অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ সৈতে সঘন যোগাযোগত আছে ।

ইফালে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱন আৰু অগপৰ সদৰ আমবাৰীত চলা চৰ্চা অনুসৰি কেইবাটাও সমষ্টিক লৈ বিজেপি আৰু অগপৰ মাজত মতানৈক্য আছে । ইয়াৰ ভিতৰত চাবুৱা সমষ্টিটোক লৈ দুয়োপক্ষৰ মাজত আলোচনা চলি আছে ।

assam assembly election 2026
আসনকলৈ বিজেপি আৰু অগপৰ মাজত চলিছে আলোচনা (ETV Bharat)

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত চাবুৱা সমষ্টিটো চাবুৱা-লাহোৱাল হ’ল । চাবুৱাৰ বৰ্তমানৰ বিধায়ক অগপৰ পোণাকন বৰুৱা আৰু লাহোৱালৰ বিধায়ক বিজেপিৰ বিনোদ হাজৰিকা । অগপই বিচাৰিছে চাবুৱা-লাহোৱাল সমষ্টিৰ পৰা অগপৰ পোণাকন বৰুৱাক টিকট দিয়াটো বিচাৰিছে । কিন্তু বিজেপিয়ে এই আসনখন এৰি দিব বিচৰা নাই ।

ইয়াক লৈ দুয়োটা দলৰ মাজত মতৰ অমিল হৈছে । এই সমস্যাৰ সমাধানৰ বাবে বিজেপিৰ ফালৰ পৰা অগপক সমষ্টিটোত প্ৰয়োজনত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়া হৈছে । কিন্তু অগপ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ পক্ষপাতি নহয় ।

উল্লেখ্য যে, অলপতে মুখ্যমন্ত্রীয়ে অগপৰ টিকটৰ প্ৰসংগত স্পষ্টভাৱে কৈছিল, "দাবী কৰাত কোনো আপত্তি নাই । দাবী কৰিলে কেনেকৈ বাধা দিব । তেওঁলোকে উঠাতো আপত্তি নাই । আমি কোন কেইখন আসনত মিত্রতা কৰিম সেইটো ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সিদ্ধান্ত ল'ম । অতিৰিক্ত যিকেইটা সমষ্টিত তেওঁলোকে উঠিব খোজে উঠিব পাৰে। আমি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিম । আমি তেওঁলোকৰ ওপৰত কোনো হেঁচা প্ৰয়োগ নকৰো । কাৰো মনোনয়ন উঠাই ল'বলৈ নকওঁ । য'ত যিদৰে প্ৰাৰ্থী থিয় কৰাব বিচাৰে থিয় কৰাব পাৰিব । আমি কেইটাত নেখেলো সেইটো সিদ্ধান্ত ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ল'ম ।"

assam assembly election 2026
আসনকলৈ বিজেপি আৰু অগপৰ মাজত চলিছে আলোচনা (ETV Bharat)

অৰ্থাৎ মুখ্যমন্ত্রীয়ে স্পষ্ট কৰি দিছে যে বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা আসনত অগপই খেলিব বিচাৰিলে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব । ইফালে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ প্ৰসংগত অতুল বৰাৰ স্পষ্ট কয়, "বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাই কেতিয়াবা সুফল নিদিয়ে । বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাই কেতিয়াবা কেতিয়াবা বিৰোধীকহে ৰাস্তা দিয়াৰ দৰে হয় ।"

অৰ্থাৎ অগপ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ পক্ষত নাই । কাৰণ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিলে অগপৰ জিকাৰ সম্ভাৱনা কম ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বহু সমষ্টিত চকু বিজেপিৰ :

ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত শিৱসাগৰৰ আমগুৰি সমষ্টিটোৰ বিলুপ্তি ঘটিছে । আমগুৰিৰ এটা অংশ শিৱসাগৰ আৰু আনটো অংশ নাজিৰাত অন্তৰ্ভুক্ত হৈছে । সমষ্টিহীন হোৱাৰ পৰা আমগুৰিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকাই এইবাৰ শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে । কিন্তু বিজেপিয়ে এই সমষ্টিটো এৰি দিব বিচৰা নাই । এনে অৱস্থাত প্ৰদীপ হাজৰিকাই প্ৰয়োজনত সমষ্টিটোৰ পৰা বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু আছে ।

বিজেপি আৰু অগপৰ মাজত আলোচনা চলি থকা আন এটা সমষ্টি হৈছে টীয়ক । টীয়ক সমষ্টিটো বৰ্তমান অগপৰ দখলত আছে । সমষ্টিটোৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ বয়স হোৱাৰ উপৰি শাৰীৰিকভাৱে অসুস্থ ।

দখলত থকা এই সমষ্টিটোত অগপই তেওঁলোকৰ প্ৰাৰ্থী বিকাশ শইকীয়াক টিকট দিব বিচাৰে । এই সমষ্টিটোক লৈ বিজেপি আৰু অগপৰ মাজত আলোচনা অব্যাহত আছে । সেইদৰে অগপৰ দখলত থকা দেৰগাঁও সমষ্টিটো এইবাৰ বিজেপিয়ে বিচাৰিছে ।

সমষ্টিটোৰ বিধায়ক ভবেন ভৰালী । অনুসূচিত জাতিৰ বাবে সংৰক্ষিত থকা সমষ্টিটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সংৰক্ষণমুক্ত কৰা হয় । এই সমষ্টিটো এইবাৰ অগপক এৰি দিব নিবিচাৰে বিজেপিয়ে ।

বিজেপিৰ হৈ সমষ্টিটোত ১০ গৰাকীৰো অধিক প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে । ইয়াৰ মাজত কংগ্ৰেছৰ পৰা গৈ বিজেপিত যোগ দিয়া প্ৰাক্তন মন্ত্রী বিস্মিতা গগৈয়ো আছে ।

ইফালে অগপই এই সমষ্টিটোৰ পৰা নুৰুল চুলতানক টিকট দিয়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে । আনহাতে অগপই বিচৰা আন এটা সমষ্টি হৈছে সৰুপথাৰ । কিন্তু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সৰুপথাৰৰ প্ৰাৰ্থী হিচাপে বৰ্তমানৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নাম উল্লেখ কৰিছে ।

এৰা-ধৰ‍াৰ মাধ্যমেৰে আসন বুজাবুজি হ'ব যদিও কোনে কিমান ত্যাগ কৰিব লাগিব সেই কথা কিছুদিনৰ পাছতে স্পষ্ট হ'ব । অৱশ্যে অগপৰ সভাপতি অতুল বৰাৰ বোকাখাট আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ কলিয়াবৰ সমষ্টিক লৈ বিজেপিৰ কোনো দ্বিমত নাই ।

এই দুয়োটা সমষ্টি অগপক এৰি দিবলৈ সাজু আছে বিজেপি । ইফালে অগপৰ দুৰ্গ হিচাপে প্ৰতিষ্ঠিত তথা দীঘলীয়া সময় অগপৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দখলত থকা বঢ়মপুৰ সমষ্টিটো এইবাৰ অগপই বিচাৰিছে ।

২০২১ৰ নিৰ্বাচনত বিজেপিৰ জিতু গোস্বামী সমষ্টিটোৰ পৰা জয়ী হৈছিল । এইবাৰ সমষ্টিটো অগপই পুনৰ বিচাৰিছে আৰু প্ৰাৰ্থী হিচাপে কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্তক প্ৰক্ষ্যেপ কৰিব বিচাৰিছে । কিন্তু বিজেপিৰ দখলত থকা সমষ্টিটো বিজেপিয়ে অগপক এৰি দিয়াৰ পক্ষত নাই

সেইদৰে এইবাৰ অগপৰ দখলত থকা তেজপুৰ বিধানসভা সমষ্টিটোও বিজেপিয়ে বিচাৰিছে । সমষ্টিটোত সংগঠন শক্তিশালী হোৱা বাবে বিজেপিয়ে নিজৰ প্ৰাৰ্থী দিব বিচাৰিছে । কিন্তু অগপই সমষ্টিটোত বৰ্তমানৰ বিধায়ক পৃথ্বীৰাজ ৰাভাক পুনৰ প্ৰাৰ্থিত্ব দিয়াৰ বাবে তৎপৰ হৈ পৰিছে ।

অগপৰ এনে স্থিতিৰ বিপৰীতে বিজেপিয়ে তেজপুৰৰ বিনিময়ত সমীপৰ বৰছলা সমষ্টি অগপক এৰি দিব বিচাৰে । বিজেপিৰ এই অফাৰৰ বিপৰীতে অগপৰ নেতৃত্বই বৰছলাৰ পৰিৱৰ্তে বিশ্বনাথ সমষ্টিটো বিচাৰিছে । বিশ্বনাথত অগপই প্ৰাক্তন বিধায়ক প্ৰবীণ হাজৰিকাক প্ৰাৰ্থীত্ব দিব পাৰিব । কিন্তু বিজেপিয়ে বিশ্বনাথ সমষ্টিটো অগপক এৰি দিব বিচৰা নাই ।

বিশ্বনাথত বিজেপিৰ প্ৰমোদ বৰঠাকুৰৰ উপৰি বিদ্যাসাগৰ আৰু পল্লৱলোচন দাস টিকটৰ দাবীদাৰ । সেইদৰে এইবাৰ নিৰ্বাচনত ৰঙানদী সমষ্টিটো অগপই বিচাৰিছে । ২০২১ৰ নিৰ্বাচনত বিজেপিয়ে অগপৰ জয়ন্ত খাউণ্ডক পূৰ্বৰ নাওবৈচা সমষ্টিটো এৰি দিছিল ।

কিন্তু ভোট বিভাজনৰ ফলত জয়ী হৈছিল কংগ্ৰেছৰ ভৰত নৰহ । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নাওবৈচা দুটা সমষ্টিলৈ পৰিণত হ’ল । নাওবৈচা আৰু ৰঙানদী । নাওবৈচা এছ চিৰ বাবে সংৰক্ষিত । দুয়োটা সমষ্টিত এতিয়া মুছলমানৰ সংখ্যাগৰিষ্ঠতা নাই ।

ৰঙানদী সমষ্টি অগপক এৰি দিব নিবিচাৰে বিজেপিয়ে । এই সমষ্টিটোৰ পৰা কংগ্ৰেছৰ হৈ থিয় দিব প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই । তেনেস্থলত এই সমষ্টিটোত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে কংগ্ৰেছ লাভবান হ'ব । যাৰ বাবে বিজেপিয়ে কেৱল নিজৰ প্ৰাৰ্থী দিব বিচাৰিছে ।

কিন্তু অগপৰ নেতৃত্বই এই কথা মানি ল’ব বিচৰা নাই । সেইদৰে এইবাৰ অগপই চিচিবৰগাঁও সমষ্টিটোও বিচাৰিছে । কিন্তু এই সমষ্টিটো এৰি দিয়াৰ পক্ষপাতি নহয় বিজেপি । এই সমষ্টিৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে জোনাইৰ বিধায়ক ভূৱন পেগুৱে ।

আনহাতে ধেমাজিৰ বিধায়ক ৰণোজ পেগুৱে এইবাৰ জোনাইৰ পৰা নিৰ্বাচন খেলাৰ চৰ্চা হৈছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এনে সিদ্ধান্ত লোৱা হৈছে । ইফালে অগপক বিজেপিয়ে বৰপেটা সমষ্টিটো এৰি দিব বিচাৰিছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰপেটাত হিন্দুৰ সংখ্যা বৃদ্ধি পাইছে ।

সেইদৰে বিজেপিয়ে প্ৰয়োজনত বজালী সমষ্টিটো অগপক এৰি দিব সাজু আছে । কাৰণ মন্ত্রী ৰণজিত কুমাৰ দাসে এইবাৰ সৰভোগ ভবানীপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বিচাৰে । অৱশ্যে বজালীত বিজেপিৰ কমল কুমাৰ মেধি আৰু মনোজ বৰুৱা প্ৰাৰ্থিত্বৰ দাবীদাৰ ।

আনহাতে অগপৰ দখলত থকা বঙাইগাঁও সমষ্টিটো এইবাৰো অগপক এৰি দিবলৈ সাজু আছে বিজেপি । কিন্তু অভয়াপুৰী সমষ্টিটো বিজেপিয়ে অগপক এৰি দিব বিচৰা নাই ।

সেইদৰে ছিপাঝাৰ সমষ্টিক লৈয়ো অগপ আৰু বিজেপিৰ মাজত আলোচনা অব্যাহত আছে । কেইবাটাও সমষ্টিক লৈ বিজেপি আৰু অগপৰ মাজত আলোচনা অব্যাহত আছে যদিও বহুকেইটা সমষ্টিক লৈ দুয়োপক্ষ সহমতত উপনীত হৈছে । শীঘ্ৰেই সহমতত উপনীত হ'লে আসন বুজাবুজিৰ আনুষ্ঠানিক ঘোষণা কৰা হ'ব ।

এটা কথা ঠিক যে এইবাৰ অগপই বিচৰা ধৰণে আসন লাভ কৰাৰ সম্ভাৱনা ক'ম । যাৰ ফলত বহু সমষ্টিত দলীয় বিদ্ৰোহ শাম কটাবৰ বাবে অগপই বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব লগীয়া হ'ব পাৰে ।

এইবাৰ জিকাৰ সম্ভাৱনা থকা সমষ্টিৰ লগতে সংখ্যালঘু অধ্যুষিত সমষ্টি বেছিকৈ লাভ কৰিব অগপই । কাৰণ তৃতীয়বাৰৰ বাবে শাসনৰ বাঘজৰী নিজৰ অধীনলৈ অনাৰ বাবে কোনো ক্ষেত্রতে আপোচ কৰিব বিচৰা নাই বিজেপিয়ে ।

লগতে পঢ়ক : গৌৰৱ গগৈৰ ভূতে খেদি থাকে মুখ্যমন্ত্ৰীক, সাহস আছে যদি গৌৰৱৰে টিভিত বহক : মুখ্যমন্ত্ৰীলৈ কংগ্ৰেছৰ আহ্বান

লগতে পঢ়ক : এছ আৰৰ জৰিয়তে লাখ লাখ সংখ্যালঘু ভোটাৰৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ চলাইছে: বিধায়ক হাফিজ ৰফিকুল ইছলাম