ETV Bharat / politics

১০৩ খন আসনত শেনচকু বিজেপি মিত্ৰজোঁটৰ ; ২২ সমষ্টিত জয়ৰ আশা দেখা নাই মুখ্যমন্ত্ৰীয়ে

লুঙী-ধুতিৰ ৰাজনীতি কৰে বুলি কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰীৰ । ১০৩ টা সমষ্টিত বিজেপি মিত্ৰজোঁটে ভালদৰে নিৰ্বাচন খেলিব ।

Himanta Biswa Sarma
ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 4, 2026 at 9:02 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইবাৰ বিধানসভাত অধিক ভাল ফলাফল কৰিব বিজেপি আৰু সহযোগী দলসমূহে ৷ এই আত্মবিশ্বাসয়েই দেখা গ’ল ৰাজ্যৰ মুথ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যত ৷ ১২৬ খন বিধানসভা আসনৰ ২২ টাক লৈ যদিও আশাবাদী নহয় কিন্তু বাকী থকা ১০৩ টা আসনৰ বাবে কঁকালত টঙালি বান্ধিছে শাসকপক্ষই ৷ দেওবাৰে সাংবাদিকৰে হোৱা কথা-বতৰাত এই কথাকে জনালে মুখ্যমন্ত্ৰীয়ে ৷ লগতে ক’লে এইবাৰো দলে কিছু নতুন মুখক দলীয় টিকট দিয়াৰ পৰিকল্পনা কৰা ইতিমধ্যে হাতত লৈছে ৷

নিৰ্বাচনত নতুন মুখে প্ৰাধান্য লাভ কৰাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "সমষ্টি বিজেপিৰ কাৰণে বাঢ়িছে । আগতে বিজেপিৰ যিমান সমষ্টি আছিল তাতকৈ এতিয়া সমষ্টি বাঢ়িছে । যেনেকৈ গুৱাহাটীতে ডিমৰীয়া এটা নতুন সমষ্টি হ'ল । গতিকে নতুন প্ৰাৰ্থী হ'বই লাগিব । এইবাৰ বিজেপিৰ পৰা নতুন প্ৰাৰ্থী আহিব । এইবাৰ ১০৩ টা সমষ্টিত বিজেপিৰ জিকাৰ সম্ভাৱনা থাকিব । আগতে সম্ভাৱনা থাকে ৯০ টাত । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ১৩-১৫ খন আসন বাঢ়িছে । ১০৩ টা সমষ্টিত আমি বিজেপি আৰু মিত্রদলে ভালদৰে নিৰ্বাচন খেলিম । ২২ টা মান সমষ্টিত আমি খেলিলেও জিকাৰ সম্ভাৱনা নাই । তাত প্ৰতীকী যুঁজ হ'ব । ১০৩ টাৰ ভিতৰত কেইখন আসন দিব সেইটো ৰাইজে ঠিক কৰিব ।"

কংগ্ৰেছ লুঙী-ধুতিতেই ব্যস্ত থাকে : মুখ্যমন্ত্ৰী (ETV Bharat Assam)

কংগ্ৰেছ ব্যস্ত লুঙী, ধুতিত:

‘‘কংগ্ৰেছ লুঙী, ধুতিতেই ব্যস্ত । আমি মহিলাসকলক লুঙী-ধুতিৰ পৰা উঠাই আনি অৰুণোদয়, লাখপতি বাইদেউ আদিৰে এটা নতুন পৰ্যায়লৈ লৈ গ'লো’’ - এই মন্তব্য মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । দেওবাৰে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছে কৰা সমালোচনাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

মুখ্যমন্ত্রীয়ে কয়, "মহিলাসকলে কৈছে যে আমি কংগ্ৰেছক আহিবই নিদিও আৰু তেতিয়া আঁচনিবোৰ বন্ধ নহয় । কংগ্ৰেছ আহিলে নিশ্চিতভাৱে এইবোৰ কাম কৰিব নোৱাৰে আৰু নকৰে । তেওঁলোকে লুঙী-ধুতি এইবোৰতে ব্যস্ত থাকে । আমি মহিলাসকলক লুঙী-ধুতিৰ পৰা উঠাই আনি অৰুণোদয়, লাখপতি বাইদেউ আদিৰে এটা নতুন পৰ্যায়লৈ লৈ গ'লো । সেইকাৰণে মই নিশ্চিত যে মহিলাসকল আৰু অসমৰ ৰাইজে এইবাৰ বিজেপিক অভিলেখ সংখ্যক আসনেৰে আকৌ চৰকাৰ কৰিবলৈ সুবিধা দিব ।"

এতিয়াই সমীক্ষাৰ সময় হোৱা নাই:

পিপুল'চ প্লাছৰ নিৰ্বাচনী সমীক্ষা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "সমীক্ষাৰ সময় এতিয়াও হোৱা নাই । কাৰণ এন ডি এ মানেনো কোন বা ইউ পি এ মানেনো কোন, এতিয়ালৈকে সেই প্ৰতিচ্ছবিখন সম্পূৰ্ণকৈ ওলাই অহা নাই । অগপই কেইখন আসন পাব, বিজেপিয়ে কেইখন পাব আৰু লগত কোন থাকিব সেইবোৰ স্পষ্ট হোৱা নাই । সেইবাবে মই ভাবো এতিয়াই সমীক্ষাৰ সময় হোৱা নাই, যদিও সমীক্ষাত বিজেপিক ভাল দেখুৱাইছে । ফেব্ৰুৱাৰী মাহতহে আমি প্ৰতিচ্ছবি এটা পাম । মই ভাবো সমীক্ষাকলৈ আমি উৎসাহিত হ'ব নালাগে । কিন্তু সভাত মানুহৰ উপস্থিতি বা মানুহৰ মৰমক লৈ আমি উৎসাহিত হ'ব লাগে । শেষত মোৰ নিজৰে এটা সমীক্ষা থাকিব । সেইকাৰণে মই সমীক্ষাকলৈ বেছি চিন্তা কৰা নাই ।"

ইফালে শেহতীয়াকৈ প্ৰকাশ পোৱা ভোটাৰৰ খচৰা তালিকাত দেখা দিয়া বিসংগতি সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "খচৰাত যিসকলৰ আপত্তি থাকিব তেওঁলোকে ২২ জানুৱাৰীলৈকে অভিযোগ দিব পাৰিব । কিবা থাকিলে অভিযোগ দিয়ক আৰু মই ভাবো নিৰ্বাচন আয়োগে অভিযোগসমূহ নিষ্পত্তি কৰিব ।"

লগতে পঢ়ক :২৫ বছৰে জালুকবাৰী সমষ্টি দখল ড৹ হিমন্ত বিশ্ব শৰ্মাৰ : সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছৰ পৰিৱেশ