ETV Bharat / politics

৫ জুনত সম্প্ৰসাৰণ হ’ব অসম মন্ত্ৰীসভাৰ; প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পাছতেই ঘোষণা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে ৷ প্ৰধানমন্ত্ৰীক সাক্ষাতৰ কিছু সময়ৰ সামাজিক মাধ্যমত ঘোষণা মুখ্যমন্ত্ৰীৰ ৷

Assam Cabinet Expansion
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma FB)
author img

By ETV Bharat Assamese Team

Published : May 31, 2026 at 11:52 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : অসম চৰকাৰৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ অনুমোদন লাভ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । অহা ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ব ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সামাজিক মাধ্যমত সদৰী কৰে এই কথা ৷ সামাজিক মাধ্যম এক্সত মুখ্যমন্ত্ৰীয়ে কয়, "আপোনালোকক আনন্দেৰে অৱগত কৰিব বিচাৰিছোঁ যে অহা ৫ জুন ২০২৬ত অসম চৰকাৰৰ মন্ত্ৰী পৰিষদৰ সম্প্ৰসাৰণ কৰা হ'ব ।"

মুখ্যমন্ত্ৰী শৰ্মাই শনিবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে ৷ প্ৰধানমন্ত্ৰীক সাক্ষাতৰ কিছু সময়ৰ পাছতেই অৰ্থাৎ দেওবাৰে পুৱা মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰে ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰীসহ পাঁচজন মন্ত্ৰীৰে বৰ্তমান চলি আছে মন্ত্ৰীসভা ৷ ১২ মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত চাৰিজন সতীৰ্থক লগত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাবে ড৹ হিমন্ত বিশ্ব শৰ্মাই শপতগ্ৰহণ কৰে ৷ শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰা এই চাৰি বিধায়ক হৈছে ক্ৰমে - প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়ো ৷ ইয়াৰ পাছৰে পৰা নতুন মন্ত্ৰীসভাক লৈ জল্পনা কল্পনা অব্যাহত আছিল ৷

ইয়াৰ মাজতেই মুখ্যমন্ত্রীয়ে জুন মাহৰ প্ৰথম সপ্তাহত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব বুলি ঘোষণা কৰিছিল । তেওঁ লগতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ৩ জুনলৈকে মংগোলীয়া ভ্ৰমণত থকাৰ বাবে তেওঁ অহাৰ পাছতহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব বুলি ঘোষণা কৰিছিল ।

জানিব পৰা মতে, শপতগ্ৰহণ অনুষ্ঠান গুৱাহাটীতে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : ৩ জুনৰ পাছতহে হ'ব মন্ত্রীসভাৰ সম্প্ৰসাৰণ: মুখ্যমন্ত্ৰীৰ ঘোষণা

জালুকবাৰীৰ বিধায়কৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ: ৰাজনীতিৰ পথাৰত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সোণসেৰীয়া যাত্ৰা

দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্য়মন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা, চাৰি সতীৰ্থসহ পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ