ETV Bharat / politics

এটকা দি দুটকা লোৱা মানুহ মই... স্বকীয় ৰূপত আকৌ হাগ্ৰামাৰ এণ্ট্ৰি দিছপুৰত

"চাৰি-পাঁচ মাহৰ মন্ত্রীৰ বাবে আমাৰ ইমান ডাঙৰ ইচ্ছ্যু নহয় । কিন্তু ২০২৬ত দেখাওক ।" বি টি চি মুৰব্বীৰ স্পষ্ট কথা ৷

Assam CM and BTC chief
মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 18, 2025 at 5:51 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী: ক্ষমতাত থাকিলে সকলো আছে আৰু নাথাকিলে কোনো নাই । শেহতীয়াকৈ বি টি চিৰ নিৰ্বাচনী ফলাফলত তাৰেই প্ৰতিফলন ঘটিছে । ক্ষমতাত থকাৰ সময়ত প্ৰমোদ বড়োৰ নেতৃত্বৰ ইউ পি পি এল দলটো শাসকীয় বিজেপিৰ অভিন্ন আছিল । মিত্রতাত থাকি ভোগ কৰিছিল ক্ষমতা ।

সেই সময়ত এলাগী হৈ আছিল ক্ষমতাহীন হাগ্ৰামা মহিলাৰীৰ নেতৃত্বৰ বি পি এফ দলটো; কিন্তু এতিয়া পৰিৱেশ-পৰিস্থিতি বিপৰীত হৈ পৰিল ।

বিজেপি-বি পি এফ আকৌ একেঘাটত (ETV Bharat Assam)

বি টি চি নিৰ্বাচনত অভূতপূৰ্ব সফলতা লাভ কৰাৰ পিছত বি পি এফৰ মুৰব্বী তথা বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী বিজেপি চৰকাৰ তথা মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অতি আপোন হৈ পৰিল । ইফালে, নিৰ্বাচনত পৰাজয়বৰণ কৰাৰ পিছত এলাগী হোৱাৰ পথত সৌ সিদিনালৈ অতি আপোন হৈ থকা প্ৰমোদ বড়োৰ ইউ পি পি এল । বি টি আৰৰ শাসনভাৰ হাগ্ৰামা মহিলাৰীৰ হাতলৈ যোৱাৰ লগে লগে সলনি হ'ল বড়োভূমিৰ ৰাজনৈতিক প্ৰেক্ষাপট ।

বি পি এফৰে পুনৰ সম্পৰ্ক গাঢ় হৈ পৰিল বিজেপিৰ । আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্রীসভাত স্থান পালে বি পি এপৰ বিধায়কে । বি পি এফৰ মাজবাটৰ বিধায়ক চৰণ বড়োৱে আজি নতুন মন্ত্রী হিচাপে ৰাজভৱনত শপত গ্ৰহণ কৰে । এই সম্পৰ্কৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য হৈছে ২০২৬ৰ বিধানসভা নিৰ্বাচন । মাজত মাত্র কেইটামান মাহ বাকী আছে । তাৰ পূৰ্বে ৰাজনৈতিক লাভালাভৰ বাবে সম্পৰ্ক স্থাপনৰ বাবে মন্ত্রীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হৈছে । কাৰ্যতঃ বি পি এফ দলটো এন ডি এৰ অংশীদাৰ হৈ পৰিল ।

নিশ্চিতভাৱে ২০২৬ৰ নিৰ্বাচনত বিজেপিয়ে বি পি এফৰে মিত্রতাত থাকি অৱতীৰ্ণ হ'ব । ইফালে, আজি ৰাজভৱনত আয়োজন কৰা শপত গ্ৰহণ অনুষ্ঠানত অংশ লোৱা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বি পি এফৰে মিত্রতা আৰু ২০২৬ৰ নিৰ্বাচন সন্দৰ্ভত কেতবোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । বড়োভূমিত থকা বিধানসভাৰ আসন কেইখনতৰ ক্ষেত্রত কোনে ক'ত প্ৰতিদ্বন্দ্বিতা কৰিব সেই সন্দৰ্ভত আগন্তুক দুই-তিনি মাহৰ ভিতৰত আলোচনা কৰাৰ কথাও মুখ্যমন্ত্রীয়ে সদৰী কৰে । আনহাতে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়েও দিয়া আৰু লোৱাৰ প্ৰসংগত ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া ।

২০২৬ৰ বিষয়ে ডিচেম্বৰ-জানুৱাৰীত সুন্দৰ প্ৰতিচ্ছবি দিব পাৰিম: মুখ্যমন্ত্রী

আগন্তুক নিৰ্বাচন আৰু বড়োভূমিৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "আমাৰ প্ৰচেষ্টা হ'ব আমি সকলোৱে লগ হৈ বড়োভূমিৰ প্ৰগতি, শান্তি আৰু সকলো শ্ৰেণীৰ জনগণৰ সমন্বয়ৰ বাবে কাম কৰা । অহা দুই-এদিনতে বিটিচিৰ নৱ-নিৰ্বাচিত ই এমসকলৰ লগত আমাৰ মন্ত্রীসভাৰ বৈঠক হ'ব । আমি বি টি চিৰ উন্নয়নৰ বাবে সকলো প্ৰকাৰে বি পি এফৰ চৰকাৰখনক সহযোগিতা কৰিম ।"

মুখ্যমন্ত্রীয়ে কয়, "২০২৬ চনৰ নিৰ্বাচনতো আমি এটা সমন্বিত ৰণকৌশল প্ৰস্তুত কৰিম । কাৰণ সকলোৱে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমত এখন সুন্দৰ চৰকাৰ হোৱাটো বিচাৰে । তাৰ বাবে ৰাজনৈতিক দিশত কোন ক'ত উঠিব সেই বিষয়ে আলোচনা কৰা নাই যদিও স্বাভাৱিকভাৱে ২০২৬ৰ নিৰ্বাচনৰ কথাও আমাৰ মনত তথা চিন্তাত আছে । এই বিষয়ে ডিচেম্বৰ বা জানুৱাৰী মাহৰ ভিতৰত আমি এটা সুন্দৰ প্ৰতিচ্ছবি দিব পাৰিম । এটা কথা ঠিক যে গোটেই কথাবিলাক গঠনমূলক আৰু ইতিবাচক হ'ব । ইয়াত নিগেটিভ একো নহয় ।"

মিত্রতা : ইউ পি পি এলৰ লগত নতুনকৈ হ'ব আলোচনা

ইউ পি পি এলৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "আমাৰ মন্ত্রীসভাত আজিও উৰ্খাও গৌৰা ব্ৰহ্ম আছে। ইউ পি পি এলৰ লগত আমাৰ যিটো মিত্রতা সেইটো ২০২১ চনৰ নিৰ্বাচনৰ সময়ত কৰিছিলো । ২০২৬ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিকভাৱে আমি অগপৰ লগত নতুনকৈ কথা পাতিম, বি পি এফৰ লগতো পাতিম আৰু ইউ পি পি এলৰ লগতো কথা পাতিব লাগিব । অৰ্থাৎ ২০২৬ৰ ৰণকৌশল আমি এতিয়ালৈকে প্ৰস্তুত কৰা নাই; কিন্তু নৱেম্বৰ-ডিচেম্বৰ মাহৰ ভিতৰত স্বাভাৱিকতে আমি কথা পাতিবই লাগিব । গতিকে মই এটা এটাকৈ সৰুকৈ ষ্টেপ লৈ গৈ আছো ।"

হাগ্ৰামা মহিলাৰীৰে মুখ্যমন্ত্রীৰ সম্পৰ্ক :

মুখ্যমন্ত্রীয়ে কয়, "হাগ্ৰামা মহিলাৰীৰ লগত মোৰ সম্পৰ্ক বহু দিনৰ । ২০২১ চনত কিবা এটা কথাৰ কাৰণে অলপমান ব্যৱধান হৈছিল; কিন্তু ২০২১ চনৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহত আমি আকৌ লগ হ'লো, কথা পাতিলো । তেওঁলোকে আমাক সমৰ্থন কৰিলে আৰু যোৱা চাৰে চাৰিটা বছৰ চৰকাৰ চলোৱাত বি পি এফে ফ্ল'ৰ ক'ৰডিনেচনৰ যোগেদি আমাক সদায় সহায় কৰি আহিছে । ৰাজ্যসভাৰ নিৰ্বাচন সমূহতো আমাকেই ভোট দিয়ে । মই সদায় ব্যক্তিগত সম্পৰ্ক বজাই ৰাখিছিলো আৰু তাৰ প্ৰতিফলন আজি দেখিবলৈ পাইছে । মন্ত্রীসভাৰ সম্প্ৰসাৰণত স্বাভাৱিকতে নতুন দিল্লীৰ নেতৃত্বৰো অনুমোদন আছে । আমি সকলোৱে মিলিজুলি সমাজৰ উন্নয়নৰ বাবে কাম কৰিম ।"

আমি এটকা দিলে দুটকা লোৱা মানুহ : হাগ্ৰামা

ইফালে, বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয়, "২০২৬ৰ বাবে মই ডিচেম্বৰ মাহৰ পৰা ওলাম । নৱেম্বৰ মাহটো বি টি চিৰ কাৰণে অলপ কাম কৰিম । বহুত কাম বাকী আছে । এন ডি এত চামিল হোৱা বাবে বন্ধু হিচাপে মন্ত্রিত্ব দিছে । সেইদৰে আমিও দিম । আমি বিজেপিৰ দুজন ই এম দিম । ডেপুটি স্পীকাৰ দিম আমি । আমি এনেকুৱা মানুহ ল'বও জানো আৰু দিবও জানো । ল'বও জানিব লাগিব আৰু দিবও জানিব লাগিব । কথা সেইটোহে । দুজন ই এম দি মই কি এনেই থকা মানুহ ? কিবা এটা নোলোৱাকৈ থকা মানুহ নেকি মই ? চাৰি-পাঁচ মাহৰ মন্ত্রীৰ বাবে আমাৰ ইমান ডাঙৰ ইচ্ছ্যু নহয় । অংশীদাৰ হিচাপে দিব লাগে দিছে; কিন্তু ২০২৬ত দেখাওক। ২০২৬টোহে আচল । আসনক লৈ আলোচনা কৰাই নাই । আমি এনেকুৱা যে এটকা দিলে দুটকা লোৱা মানুহ ।"

লগতে পঢ়ক:আজি মন্ত্ৰী ৰূপে শপত ল’ব বি পি এফৰ চৰণ বড়োৱে; ৰাজভৱনত ১১ বজাত শপত গ্ৰহণ

মন্ত্রী হিচাপে শপত ল'লে বি পি এফৰ বিধায়ক চৰণ বড়োৱে, দায়িত্ব পালে পৰিবহণৰ