কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ 'মহিলা আক্ৰোশ': ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী
'মহিলা আক্ৰোশ' শীৰ্ষক বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে বিজেপিয়ে ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব ।

Published : April 22, 2026 at 9:24 PM IST
গুৱাহাটী: দেশৰ মহিলাসকলৰ ৰাজনৈতিক অংশীদাৰিত্ব বৃদ্ধিৰ ক্ষেত্রত হেঙাৰ স্বৰূপে থিয় হোৱাৰ অভিযোগ তুলি কংগ্ৰেছ নেতৃত্বাধীন জোঁটবন্ধনৰ বিৰুদ্ধে বিজেপিয়ে দেশজুৰি অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী । অসমতো ৰাজ্যিক বিজেপিয়ে ২৩ এপ্ৰিলত ৰাজ্যজুৰি ৰূপায়ণ কৰিব প্ৰতিবাদী কাৰ্যসূচী ।
'মহিলা আক্ৰোশ' শীৰ্ষক বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে বিজেপিয়ে বৃহস্পতিবাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব । ইতিমধ্যে উক্ত প্ৰতিবাদী কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিবলৈ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, বিটিচি পাৰিষদ ৰেখাৰাণী দাস বড়ো, প্ৰাক্তন সাংসদ কুইন ওজা, দলৰ সাধাৰণ সম্পাদক অনুপ বৰ্মণকে ধৰি ২৬ গৰাকীক ৰাজ্যিক বিজেপিয়ে বিশেষ দায়িত্ব অৰ্পণ কৰিছে ।
খোদ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই দলৰ মুখ্য কাৰ্যালয়ত গুৱাহাটী মহানগৰ জিলাৰ বিষয়ববীয়াসকলৰ লগত বিশেষ বৈঠক অনুষ্ঠিত কৰি সমগ্ৰ বিষয়টো সম্পূৰ্ণভাৱে তদাৰক কৰি আছে । লগতে সভাপতিগৰাকীয়ে কংগ্ৰেছৰ নাৰী-বিদ্বেষী সিদ্ধান্তৰ বিৰুদ্ধে সকলো মহিলাক একত্ৰিত হ'বলৈ আহ্বান জনাই দলৰ সকলো কাৰ্যকৰ্তাক তীব্ৰ প্ৰতিৰোধ গঢ়ি তুলিবলৈও নিৰ্দেশনা প্ৰদান কৰিছে ।
এই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়, "দেশ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে ৰূপায়ণ কৰা প্ৰতিটো কামৰে বিৰোধিতা কৰাটো কংগ্ৰেছৰ মূল সংস্কৃতি । কেৱল 'নাৰী বন্দন সংশোধন বিধেয়ক ২০২৬'ৰ বিৰোধিতাৰে দেশৰ নাৰী সমাজৰ বিৰোধিতা কৰাই নহয় ইয়াৰ পূৰ্বে কংগ্ৰেছে ৩৭০ ধাৰা, 'কা' আইন, ৰাম মন্দিৰ নিৰ্মাণ, তিনি তালাক সমাপ্ত, নক্সালবাদ সমাপ্ত, ছাৰ্জিকেল ষ্ট্ৰাইক, এয়াৰ ষ্ট্ৰাইক, অপাৰেশ্ব’ন সেন্দূৰ আদিৰ বিৰোধিতাৰে সদায় দেশৰ স্বাৰ্থৰ বিপৰীতে অৱস্থান কৰিছে । বৰ্তমান সংসদত থকা ৭৪ গৰাকী মহিলা সাংসদৰ ভিতৰত বিজেপিৰ ৩১ গৰাকী সাংসদ থকাৰ বিপৰীতে কংগ্ৰেছৰ কেৱল মাত্ৰ ১৪ গৰাকীহে মহিলা সাংসদ আছে । তাৰ পিছতো কংগ্ৰেছ তথা বামপন্থী ইক'চিষ্টেমে মহিলাৰ বাবে আসন সংৰক্ষণৰ সমৰ্থন কৰাৰ সলনি বিজেপিক কুঅভিসন্ধিৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱাই নহয় নাৰী সমাজকো বিভিন্ন ধৰণৰ অপমানসূচক মন্তব্যৰে তুচ্ছ-তাচ্ছিল্য কৰা দেখা গৈছে । মহিলাসকলক সদায় আগ স্থান প্ৰদান কৰা আৰু নাৰী সমাজক অধিক শক্তিশালী কৰাটো বিজেপিৰ অন্যতম লক্ষ্য । মহিলা সমাজৰ উন্নয়ন আৰু অধিকাৰ ৰক্ষাৰ হকে কাম কৰিবলৈ বিজেপি দল সদায় প্ৰস্তুত । কংগ্ৰেছৰ মহিলা বিদ্বেষী নীতি আৰু স্থিতি দেশৰ নাৰী শক্তিয়ে যুগে যুগে মনত ৰাখিব ।"
আনহাতে গুৱাহাটীত আয়োজন কৰা 'মহিলা আক্রোশ' ৰেলীত সকলো স্তৰৰ লোকৰ অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে ৰাজ্যিক বিজেপিৰ । সভাপতিগৰাকীয়ে কয়, "যোৱা ১৬-১৭ এপ্রিল তাৰিখে সংসদৰ বিশেষ অধিৱেশনত দেশৰ আই-মাতৃ মহিলা শক্তিক ৩৩ শতাংশ আসন সংৰক্ষণ দিয়াৰ বাবে অনা বিধেয়কৰ বিৰোধিতা কৰি কংগ্ৰেছ তথা বিৰোধী দলসমূহে নাৰীৰ প্ৰতি যি অপমান আৰু অন্যায় কৰিলে তাৰ বিৰুদ্ধে সমগ্ৰ ৰাষ্ট্ৰজুৰি মহিলা শক্তিৰ মাজত ব্যাপক আক্রোশ পৰিলক্ষিত হৈছে । মহিলা শক্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি কংগ্ৰেছে যি অন্যায় আৰু পাপ কৰিলে তাৰ বিৰুদ্ধে সমগ্র দেশৰ নাৰী শক্তি আজি জাগৃত হৈছে ।"
তেওঁ লগতে কয়, "গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত হ'বলগা জন আক্রোশ মহিলা সমদলত সৰ্বস্তৰৰ আই মাতৃ মহিলা শক্তিৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ । মহিলা শক্তিৰ উদ্যোগত আয়োজিত হ'বলগা এই সমদলে নাৰী শক্তিৰ প্ৰাপ্য অধিকাৰ আৰু নাৰী শক্তিয়ে পাব লগা সম-মৰ্যাদাৰ হকে এই আন্দোলনে গণতান্ত্রিক প্রক্রিয়াত নাৰীৰ ব্যাপক অংশীদাৰিত্বৰ পক্ষত ব্যাপক জনমত সৃষ্টি কৰিব । ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণ আই-মাতৃ নাৰী শক্তিলৈ দয়া নহয়, অনুকম্পা নহয়, এয়া নাৰী শক্তিয়ে পাব লগা অধিকাৰৰ অংশ বিশেষ । কংগ্ৰেছসহ ইণ্ডি এলায়েঞ্চে যিদৰে মহিলা সংৰক্ষণ সংশোধন বিধেয়ক ২০২৬ৰ বিৰোধ কৰি মহিলা শক্তিক ৰাজনৈতিক উত্তৰণত বাধা দিলে আৰু অপমানিত কৰিলে এয়া দেশৰ মহিলা শক্তিয়ে নাপাহৰে ।"
দিলীপ শইকীয়াই কয়, "মহিলা বিৰোধী কংগ্ৰেছৰ এই নেতিবাচক চিন্তাই দেশৰ বিকাশ প্রক্রিয়াতো বাধাৰ প্ৰাচীৰ হিচাপে পৰিলক্ষিত হৈছে । সেয়েহে কাইলৈ পুৱা ১০.৩০ বজাত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ প্রাংগনত আয়োজিত হ'ব লগা প্রতিবাদী সভা আৰু সমদলৰ বাবে সৰ্বস্তৰৰ আই-মাতৃ মহিলা শক্তিক উপস্থিত থাকিবলৈ আন্তৰিকতাৰে আহ্বান জনাইছোঁ । মহিলা শক্তিৰ অধিকাৰৰ বাবে সকলোৱে একত্রিত হৈ এক আৱাজ দিয়ক ।"
লগতে পঢ়ক :
কংগ্ৰেছ আৰু সহযোগী দলবোৰে মহা অপৰাধ কৰিছে: কিয় ক'লে সৰ্বানন্দ সোণোৱালে ?

