ETV Bharat / politics

টিকট বঞ্চিত নন্দিতা গাৰ্লোচাৰ ক্ষোভ প্ৰশমিত কৰিবলৈ ডিমা হাচাওত মুখ্যমন্ত্ৰী

হাফলং সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক নিৰ্মল লাংথাছা । নন্দিতা গাৰ্লোচাক বুজনি দিবলৈ ডিমা হাচাওত উপস্থিত মুখ্যমন্ত্ৰী ৷

Rupali Langthasa and Nandita Garlosa
ৰূপালী লাংথাচা আৰু বিধায়িকা নন্দিতা গাৰ্লোচা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 22, 2026 at 1:32 PM IST

2 Min Read
Choose ETV Bharat

হাফলং: বিদ্ৰোহৰ দাবানলে দহিছে বিজেপিক । এইবাৰ বিজেপিৰ টিকটৰ পৰা বঞ্চিত হৈ হাফলং সমষ্টিৰ বিধায়িকা নন্দিতা গাৰ্লোচাৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল । এই ক্ষোভৰ অগনি প্ৰশমিত কৰিবলৈ স্বয়ং মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ল পাহাৰীয়া জিলাখনত ।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ ঘনিষ্ঠ বুলি পৰিচিত ৰূপালী লাংথাছাক বিজেপি দলে টিকট প্ৰদান কৰাৰ পিচতে ডিমা হাছাও জিলা বিজেপিত বিভাজনৰ সৃষ্টি হয় । দীৰ্ঘদিনৰ পৰা দেৱলাল গাৰ্লোচা আৰু হাফলং বিধানসভা সমষ্টিৰ বিধায়িকা নন্দিতা গাৰ্লোচাৰ মাজত ব্য়ৱধান বৃদ্ধি হোৱাত ৰূপালী লাংথাছাই লাভ কৰে দলীয় টিকট ।

Rupali Langthasa
ৰূপালী লাংথাচা (ETV Bharat Assam)

এই ক্ষোভ যাতে নিৰ্বাচনৰ পূৰ্বে প্ৰশমিত কৰিব পাৰে তাৰবাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আগভাগ লৈছে । দেওবাৰে পুৱাই মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয় হাফলঙত । বিষয়টো নিষ্পত্তি কৰাৰ উপৰি নন্দিতা গাৰ্লোচাৰ ক্ষোভ দূৰ কৰাৰ বাবে আৰু দলীয় কৰ্মকৰ্তাৰ লগতে আলোচনা কৰিবলৈ দেওবাৰে ১১:৩০ বজাত হাফলঙত উপস্থিত হয় মুখ্য়মন্ত্ৰী ।

হাফলং সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা :

ইপিনে,১১৩ নম্বৰ জনজাতি সংৰক্ষিত হাফলং সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক নিৰ্মল লাংথাছাক কংগ্ৰেছ দলে টিকট প্ৰদান কৰে । হাফলং সমষ্টিৰ বৰ্তমান বিধায়িকা নন্দিতা গাৰ্লোচাই কংগ্ৰেছ দলত যোগদান কৰাৰ সিদ্ধান্ত সলনি কৰাৰ পিচতে শনিবাৰ কংগ্ৰেছে প্ৰাৰ্থী হিচাপে নিৰ্মল লাংথাছাৰ নাম ঘোষণা কৰে কংগ্ৰেছ দলে ।

Congress candidate Nirmal Langthasa
কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মল লাংথাচা (ETV Bharat Assam)

এসময়ৰ হেভিৱেট কংগ্ৰেছ নেতা প্ৰয়াত গোবিন্দ চন্দ্ৰ লাংথাছাৰ কণিষ্ঠ পুত্ৰ নিৰ্মল লাংথাচাৰ নাম কংগ্ৰেছ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাত শনিবাৰে নিশাই তেওঁ গুৱাহাটীৰ পৰা গৈ হাফলং ৰাজীৱ ভৱনত উপস্থিত হয় । ইয়াৰ পিচতে কংগ্ৰেছ নেতা-কৰ্মীসকলে উষ্ম আদৰণি জনায় প্ৰাৰ্থীগৰাকীক । হাফলং ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীসকলে ফটকা ফুটাই আনন্দ উল্লাস কৰে ।

Daniel Langthasa
নেচনেল পিপ'লছ পাৰ্টী (এনপিপি)ৰ ডেনিয়েল লাংথাচা (ETV Bharat Assam)

তিনি লাংথাছাৰ যুঁজ :

এইবাৰ হাফলং সমষ্টিত তিনি লাংথাছা যুঁজৰ বাবে সাজু হৈছে । হাফলং সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হোৱা তিনিগৰাকী প্ৰাৰ্থী হৈছে বিজেপিৰ ৰূপালী লাংথাছা, কংগ্ৰেছৰ নিৰ্মল লাংথাছা আৰু নেচনেল পিপ'লছ পাৰ্টী (এনপিপি)ৰ ডেনিয়েল লাংথাছা ।

লগতে পঢ়ক:আন দললৈ নাযায়, বিজেপিতে থাকিব : সিদ্ধান্ত সলনি নন্দিতা গাৰ্লোচাৰ

সেউজ পাহাৰত কোন এই ৰূপালী ! নিবিচৰাকৈয়ে প্ৰাৰ্থিত্ব পোৱা সৌভাগ্যৱতী

টিকট নাপায় বিজেপি এৰি আজি কংগ্ৰেছত যোগ দিব মন্ত্ৰী নন্দিতা গাৰ্লোচাই