কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা নহ’লগৈ ! ৰাইজৰ দলৰ ১১ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ
ৰাইজৰ দলে কংগ্ৰেছে প্ৰাৰ্থী দিয়া আৰু প্ৰাৰ্থী দিবলগীয়া সমষ্টিত নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৷

Published : March 4, 2026 at 5:06 PM IST
গুৱাহাটী : বিজেপি বিৰোধী মিত্ৰতা ঘোষণা নৌহওঁতেই চিৰালফাঁট দিলে ! কংগ্ৰেছ দলে নিজৰ ৪২ জনীয়া প্ৰথমখন তালিকা প্ৰকাশৰ এদিনৰ পিছতেই অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে ৷
বুধবাৰে গুৱাহাটীৰ মঠঘৰীয়াস্থিত মুখ্য কাৰ্যালয়ত ৰাইজৰ দলৰ সংবাদমেল অনুষ্ঠিত হয় ৷ এই সংবাদমেলতেই ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ১১জনীয়া প্রার্থী তালিকা ৰাইজৰ দলে ঘোষণা কৰে ৷
ৰাইজৰ দলৰ ১১ গৰাকী প্ৰাৰ্থী :











মন কৰিবলগীয়া যে ৰাইজৰ দলে কংগ্ৰেছে প্ৰাৰ্থী দিয়া আৰু প্ৰাৰ্থী দিবলগীয়া কেইবাটাও সমষ্টিত নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৷ তাৰ ভিতৰত উল্লেখযোগ্য হ’ল মাৰ্ঘেৰিটা আৰু পূব গোৱালপাৰা সমষ্টি ৷ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত কংগ্ৰেছে প্ৰক্ষেপ কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈক । প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰৰ বিৰুদ্ধে ৰাইজৰ দলে যুৱনেতা ৰাহুল চেত্ৰীক প্ৰক্ষেপ কৰিছে । বিজেপিয়ে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলেই সমষ্টিটোত নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হৈ পৰিব ।
আনহাতে, পূব গোৱালপাৰা সমষ্টিক লৈয়ো কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা থমকি ৰৈছিল । কংগ্ৰেছে বিধায়ক এ কে ৰছিদ আলমক প্ৰাৰ্থিত্ব দিয়াৰ স্বাৰ্থত ৰাইজৰ দলত যোগ দিয়া আব্দুৰ ৰছিদ মণ্ডলক এৰি দিব খোজা নাছিল সমষ্টিটো । সাংসদ ৰকিবুল হুছেইনৰ ঘনিষ্ঠ আৰু একান্ত অনুগত বুলি পৰিচিত এ কে ৰছিদ আলমৰ বাবেই সমষ্টিটোত কংগ্ৰেছে ৰাইজৰ দলৰ প্ৰতি সহাঁৰি জনোৱা নাছিল । কংগ্ৰেছে সমষ্টিটোত নিজৰ প্ৰাৰ্থী ঘোষণা কৰাৰ আগতেই ৰাইজৰ দলে কংগ্ৰেছ দল এৰি ৰাইজৰ দলত যোগ দিয়া মণ্ডলক প্ৰাৰ্থিত্ব প্ৰাদন কৰিলে ৷ এই সমষ্টিতো কংগ্ৰেছ ৰাইজৰ দলৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱাটো অৱশ্যম্ভাৱী হৈ পৰিছে ৷

