ETV Bharat / politics

এইবাৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলী : হাজো-শুৱালকুছিত খেলিব দুলু আহমেদৰ পত্নীয়ে

পত্নীক হাজো-শুৱালকুছিৰ পৰা টিকট দিয়াৰ লগে লগে ছমৰীয়াৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ দুলু আহমেদৰ ।

Assam Assembly Elections 2026
মন্দিয়াৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 22, 2026 at 5:31 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : ৰাজনীতিত যেন সকলো সম্ভৱ । নিশাটোৰ ভিতৰতে সলনি হ'ব পাৰে গেমপ্লেন । ক্ষমতাৰ আগত আদৰ্শৰ কোনো কথা নাই । টিকট নাপালে নিশাটোৰ ভিতৰতে দল সলনি কৰাটো তেনেই সাধাৰণ কথা হৈ পৰিছে । বিশেষকৈ এইবাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তাৰেই পৰিৱেশ পৰিলক্ষিত হৈছে । সঘনাই সলনি হৈ আছে ৰাজনৈতিক প্ৰেক্ষাপট । কালিলৈকে ৰাইজৰ দলত থকা এগৰাকী প্ৰভাৱশালী সংখ্যালঘু নেতা আজি তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ।

এ আই ইউ ডি এফ আৰু কংগ্ৰেছ দল বাগৰি কিছুদিন পূৰ্বে টিকট লাভৰ আশাৰে অখিল গগৈৰ ৰাইজৰ দলত যোগদান কৰা বাঘবৰৰ প্ৰাক্তন বিধায়ক শ্বেৰমান আলী আহমেদ আজি তৃণমূল কংগ্ৰেছত । শ্বেৰমান আলী আহমেদক তৃণমূল কংগ্ৰেছে মন্দিয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

হাজো-শুৱালকুছিত তৃণমূল কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিব দুলু আহমেদৰ পত্নীয়ে (ETV Bharat)

উল্লেখ্য যে কংগ্ৰেছৰ সৈতে মিত্ৰতা চূড়ান্ত হোৱাৰ পাছত মন্দিয়া সমষ্টিত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হয় ৰাইজৰ দলৰ শ্বেৰমান আলী আহমেদ । বৰ্তমানৰ মন্দিয়া সমষ্টিৰ বিধায়ক হৈ থকা শ্বেৰমান আলীক টিকট প্ৰদান কৰাৰ নিশ্চিতি দিছিল অখিল গগৈয়ে । টিকটৰ আশাতেই ৰাইজৰ দললৈ আহিছিল যদিও কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ ধৰ্ম পালন কৰিবৰ বাবে শ্বেৰমান আলীক টিকট প্ৰদান কৰিব নোৱাৰিলে অখিল গগৈয়ে । যাৰ বাবে শনিবাৰে ৰাইজৰ দল ত্যাগ কৰি শ্বেৰমান আলী আহমেদ তৃণমূল কংগ্ৰেছৰ আশ্ৰয়লৈ আহে আৰু লাভ কৰে মন্দিয়াৰ প্ৰাৰ্থিত্ব ।

শ্বেৰমান আলী তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ লগে লগে তেওঁৰ বিৰুদ্ধে আছে কংগ্ৰেছ তথা বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী আব্দুল খালেক । আনফালে এন ডি এৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ৰফিকুল ইছলামক ।

দেওবাৰে তৃণমূল কংগ্ৰেছে ৭ জনীয়া দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে । যিখন তালিকাত শ্বেৰমান আলী আহমেদক মন্দিয়া সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । সেইদৰে হাজো-শুৱালকুছি সমষ্টিত ৰ'জি আহমেদ, মধ্য গুৱাহাটীত অভিজিৎ মজুমদাৰ, চাবুৱা-লাহোৱালত আইনুচ কুমাৰ কন্দপান, মৰিয়নীত পৰেশ বৰা, উত্তৰ কৰিমগঞ্জত পৰিমল ৰঞ্জন ৰয় আৰু দক্ষিণ কৰিমগঞ্জত আজিজ আহমেদ খানক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তৃণমূল কংগ্ৰেছে । ইয়াৰ পূৰ্বে তৃণমূল কংগ্ৰেছে ১৭ টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল ।

Assam Assembly Elections 2026
তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা (ETV Bharat)

ইফালে ছমৰীয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক উপ সভাপতি দুলু আহমেদে । যাৰ ফলত তৃণমূল কংগ্ৰেছে ২৩ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ।

দেওবাৰে গুৱাহাটীৰ দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে দুলু আহমেদে । তেওঁ কয়, "আমি ২৩ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম । আমাৰ দলত যোগদান কৰা শ্বেৰমান আলী আহমেদক মন্দিয়া সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে । হাজো-শুৱালকুছিত ৰ'জী আহমেদ ওৰফে ফুনু দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । ৰ'জী আহমেদ মোৰ পত্নী । দলে তেওঁক প্ৰাৰ্থিত্ব দিয়াৰ বাবে মই মোৰ ছমৰীয়া সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছো । তৃণমূল কংগ্ৰেছৰ সংবিধান অনুসৰি এটা পৰিয়ালৰ দুজনে নিৰ্বাচন খেলিব নোৱাৰে । যাৰ বাবে মই মোৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছো । মই নিৰ্বাচনী প্ৰচাৰতো ব্যস্ত থাকিব লাগিব । মই দলৰ বাবে ত্যাগ কৰিছোঁ । ভাল লাগিছে যে মোৰ পত্নীয়ে মোৰ নিজৰ ঠাইৰ পৰাই নিৰ্বাচন খেলিব ।"

লক্ষণীয় কথাটো হ'ল যে দুলু আহমেদে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা ছমৰীয়া সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হৈছে ৰেকিবুদ্দিন আহমেদ ।

লগতে পঢ়ক : ১৩ খন আসনতে সন্তুষ্ট ৰাইজৰ দল, প্ৰকাশ পালে চূড়ান্ত প্ৰাৰ্থীৰ তালিকা

অসম বিধানসভা নিৰ্বাচন ২০২৬ঃ চমৰীয়াত ৰেকিবুদ্দিন আহমেদ বনাম দুলু আহমেদ