ETV Bharat / politics

যাও যাও বুলিও নাযায়, এৰো এৰো বুলিও নেৰে... চাৰি দশকৰ প্ৰাপ্তিয়েও উদৰ পূৰোৱা নাই এইসকল নেতাৰ

শেষবাৰৰ বাবে হেনো এইবাৰ নিৰ্বাচন খেলিব ! তাৰ পাছতহে বিদায় ল'ব ৷ ক্ষমতাৰ মোহ !

many veteran AGP BJP legislators do not want to make way for the new faces
নতুনৰ বাবে বাট এৰি দিব নিবিচাৰে বহু বৰ্ষীয়ান বিধায়কে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 4, 2026 at 1:19 PM IST

10 Min Read
Choose ETV Bharat

গুৱাহাটী : সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । ইতিমধ্যে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল । ইফালে টিকট প্ৰত্যাশীসকলেও নিজৰ নিজৰ সমষ্টিত দৃষ্টি আকৰ্ষণৰ বাবে কাম কৰি আছে । প্ৰাৰ্থিত্বৰ ছবিখন এতিয়াও স্পষ্ট হোৱা নাই । কাৰণ শাসক পক্ষৰ কোনো এটা দলে অদ্যপি প্ৰাৰ্থী তালিকা ঘোষণা কৰা নাই ।

তিনি বিধায়কৰ ৰাজনৈতিক অংক :

ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টিৰ বিলুপ্তি, নতুন নামকৰণেৰে সমষ্টিৰ সীমা সালসলনিয়ে বহু বর্ষীয়ান নেতাৰ ৰাজনৈতিক ভবিষ্যতত আউল লগাইছে; কিন্তু তাৰে মাজতে একাংশ বৰ্ষীয়ান নেতা এইবাৰৰ নিৰ্বাচনতো দলীয় প্রার্থিত্ব পাবই বুলি দৃঢ় হৈ আছে । সমষ্টি পুনৰ নিৰ্ধাৰণে ৰাজনৈতিৰ ভৱিষ্যতত আউল লগোৱা তেনে তিনিজন নেতা হৈছে ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্রদীপ হাজৰিকা আৰু অতুল বৰা । তেওঁলোক তিনিওজন আঞ্চলিক দল অগপৰ প্ৰতিষ্ঠাপক নেতা ।

Ramendra Narayan Kalita, Atul Bora, and Prodip Hazarika
ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অতুল বৰা আৰু প্রদীপ হাজৰিকা (ETV Bharat Assam)

অৱশ্যে পৰৱৰ্তী সময়ত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই দল সলনি কৰি বিজেপিত যোগ দিছিল । আন বহু নেতাৰ দৰে এই তিনিওজন নেতাৰ সমষ্টিসমূহৰ বৃহৎ সালসলনি হ'ল । অগপৰ বিধায়ক প্রদীপ হাজৰিকাৰ সমষ্টি আমগুৰি বিলোপ হ'ল । অতুল বৰাৰ দিছপুৰ সমষ্টি বিভক্ত হৈ ডিমৰীয়া নামৰ আন এটা সমষ্টি নতুনকৈ সৃষ্টি হৈছে । ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ পশ্চিম গুৱাহাটীয়ে নতুন ৰূপ লৈ নামকৰণ হ'ল চেণ্ট্ৰেল গুৱাহাটী । সমষ্টি পুনৰ গঠনে নতুন সমীকৰণ সৃষ্টি কৰাৰ পাছত তেওঁলোকে প্রার্থিত্ব পাব নে নাপায় তাক লৈ সৰৱ চৰ্চা চলি আছে যদিও তেওঁলোক প্রার্থিত্ব পাবই বুলি দৃঢ় হৈ আছে ।

চেণ্ট্ৰেল গুৱাহাটী লাগে ৰমেন্দ্ৰ নাৰায়ণ কলিতাক :

বিজেপিয়ে মিত্রদল অগপৰে আসন বুজাবুজি এতিয়াও চূড়ান্ত কৰা নাই । কোন কেইটা সমষ্টি অগপই পাব সেই কথা এতিয়াও নিশ্চিত হোৱা নাই; কিন্তু তাৰ মাজতে অগপই বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী হিচাপে একপ্ৰকাৰ ঘোষণা কৰিছে । দেওবাৰে সমষ্টিটোৰ অন্তৰ্গত আৰ্য বিদ্যাপীঠ কলেজৰ খেলপথাৰত আয়োজন কৰা 'সংকল্প সমাৰোহ'ত অগপৰ নেতৃত্বই ৰমেন্দ্ৰ নাৰায়ণ কলিতাক পুনৰ জয়ী কৰোৱাৰ বাবে ৰাইজক আহ্বান জনায় ।

MLA Ramendra Narayan Kalita
পশ্চিম গুৱাহাটীৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা (ETV Bharat Assam)

এই সন্দৰ্ভত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "মই ২০২৬ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম । এইটো মোৰ বিধানসভাৰ শেষ নির্বাচন হ'ব । পৰৱৰ্তী নিৰ্বাচনত মই নতুন প্ৰজন্মৰ বাবে বাট মুকলি কৰি দিম । মই দল সলনি কৰি নিৰ্বাচন নেখেলো আৰু এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ পৰাও আঁতৰি নাথাকো । বিজেপিৰ লগত অগপৰ সুন্দৰভাৱে মিত্ৰতা হ’বই । জনপ্রিয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে পুনৰ চৰকাৰ গঠন হ'ব ।"

আগতে সংখ্যালঘু সমষ্টি বেছি আছিল বাবে অগপক বেছিকৈ তেনে ভোটাৰ থকা সমষ্টি দিয়া হৈছিল বুলি উল্লেখ কৰি বিধায়ক কলিতাই কয়,"এইবাৰ সংখ্যালঘু ভোটাৰ থকা সমষ্টি ২২-২৩ টালৈ হ্রাস পাইছে । সেয়েহে অগপক কমকৈ সংখ্যালঘু ভোট থকা সমষ্টি দিব আৰু বিজেপিয়েও তেনে সমষ্টি ল'ব লাগিব । অগপয়ো সমীক্ষা চলাইছে, বিজেপিয়েও সমীক্ষা চলাইছে । অগপৰ নেতৃত্বই দলটোৰ জয়ৰ সম্ভাৱনা থকা আসনসমূহৰ কথা অনানুষ্ঠানিক আলোচনাত বিজেপিক জনাইছে । অতি কম দিনৰ ভিতৰত আনুষ্ঠানিকভাৱে সকলোবোৰ কথা ঠিক হ'ব ।"

লক্ষণীয় বিষয় যে বিধায়কগৰাকী একপ্ৰকাৰ দৃঢ় হৈ আছে সমষ্টিটো বিজেপিয়ে অগপক এৰি দিব আৰু দলে তেওঁকে প্রার্থিত্ব দিব; কিন্তু চেণ্ট্ৰেল গুৱাহাটী সমষ্টিত এইবাৰ বিজেপিৰ পৰা দহগৰাকীৰো অধিক টিকট প্ৰত্যাশী দেখিবলৈ পোৱা গৈছে । সকলোৱে সমষ্টিটোত জোৰদাৰ প্ৰচাৰ অভিযান চলাই আছে । তেনেস্থলত বিজেপিয়ে সমষ্টিটো অগপক এৰি দিব নে নাই সেয়া দুই এদিনৰ ভিতৰতে স্পষ্ট হ'ব ।

টীয়কত তৎপৰ প্ৰদীপ হাজৰিকা :

ইফালে আমগুৰি সমষ্টিটো বিলুপ্তি হোৱাৰ পাছত সমষ্টিহীন হৈ পৰিল অগপৰ জ্যেষ্ঠ নেতা বিধায়ক প্ৰদীপ হাজৰিকা । সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত সমষ্টি নাইকিয়া হোৱাত অগপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে টীয়ক সমষ্টিত নির্বাচনী তৎপৰতা চলাই আছে । অৱশ্যে সমষ্টিটো অগপই পাব নে নাই তাৰ কোনো নিশ্চয়তা নাই । এই সন্দৰ্ভত প্ৰদীপ হাজৰিকাই কয়, "অগপৰ নেতাসকলক একো একোটা বিধানসভা সমষ্টিৰ সাংগঠনিক শক্তি বৃদ্ধি কৰাৰ দায়িত্ব দিয়া হৈছে । মোক টীয়কৰ দায়িত্ব দিয়া হৈছে । আমগুৰিৰ গাতে লাগি থকা সমষ্টি টীয়ক । সমষ্টিটোৰ ৰাইজৰ লগত আন্দোলনৰ সময়ৰে পৰা মোৰ চিনাকি আছে । সেয়েহে মই সমষ্টিটোত কাম কৰাত অসুবিধা পোৱা নাই । শীঘ্ৰেই আসন বুজাবুজি সম্পূৰ্ণ হ'ব । মিত্ৰতাত থকা সকলো দল শক্তিশালী হৈ আছে । মিত্ৰতাত থকা দলসমূহে পুনৰ চৰকাৰ গঠনৰ অংক কৰি আছে ।"

MLA Atul Bora
দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা (ETV Bharat Assam)

দিছপুৰক লৈ নিশ্চিত অতুল বৰা :

আনহাতে এইবাৰ দিছপুৰ সমষ্টিত বৰ্তমানৰ বিধায়ক অতুল বৰাৰ পৰিৱৰ্তে বিজেপিৰ আন যুৱ নেতাইহে প্রার্থিত্ব পাব বুলি চৰ্চা চলি আছে । সেইদৰে জয়ন্ত কুমাৰ দাস আৰু মানস বৰাকে ধৰি বিজেপিৰ কেইবাগৰাকী নেতাই সমষ্টিটোত টিকটৰ আশাৰে কুচকাৱাজ চলাই আহিছে । এনে চৰ্চাৰ বিপৰীতে বিধায়ক অতুল বৰাই দৃঢ়তাৰে কয়,"মই প্রার্থিত্ব পামেই । এই কথা সকলোৱে জানে । নতুনকৈ কোৱাৰ প্ৰয়োজন নাই । মানুহৰ কথা বাদেই আনকি দিছপুৰ সমষ্টিৰ চৰাই-চিৰিকটি, কুকুৰ-মেকুৰী, গৰু-ছাগলী, গছ-গছনি সকলোৱে জানে যে অতুল বৰাই পুনৰ প্রার্থিত্ব পাব । মই প্রার্থিত্ব লাভ কৰাটো খাটাং । নিকটতম প্রার্থীক বহুত ভোটৰ ব্যৱধানত হৰুওৱাটোহে মোৰ কাম ।"

১৯৮৫ চনৰ পৰা খেলিয়েই আহিছে...

দীঘলীয়া ইনিংছ খেলাৰ পাছতো যেন ৰাজনীতিৰ মোহ এৰিব পৰা নাই শাসকীয় মিত্ৰজোঁটৰ একাংশ জনপ্ৰতিনিধিয়ে । আনকি বিধায়ক হ'বলৈ ক্ষমতাৰ মোহত নিশাটোতে নীতি-আদৰ্শ এৰি দলো সলাইছে বহুজনে । দল সলাই পুনৰ মন্ত্রী নাইবা বিধায়কো হৈছে বহুজন । বহুসংখ্যক নেতা আছে যিসকলে বিগত চাৰি দশক ধৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আহিছে; কিন্তু তথাপিও আমনি লগা নাই । নিবিচাৰে নতুনক বাট এৰি দিবলৈ ।

চল্লিশ বছৰ ধৰি ছেগা-চোৰোকাকৈ কেতিয়াবা বিধায়ক আৰু কেতিয়াবা মন্ত্ৰী হোৱাৰ পিছতো এওঁলোকে বাট এৰি দিব নোখোজে নতুন প্ৰজন্মক । ৰাজনীতিত তৰুণ প্ৰজন্মৰ বাট ৰুদ্ধ কৰি দশকৰ পিছত দশক ধৰি বিধায়ক-মন্ত্ৰী হৈ থকাসকলৰ প্ৰায় সংখ্যকেই এইবাৰো নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে সাজু হৈছে । এইবাৰো প্রায় আধা ডজন জনপ্রতিনিধিয়ে তৰুণ প্ৰজন্মৰ বাট ৰুদ্ধ কৰি আকৌ নিৰ্বাচনত নমাৰ প্ৰস্তুতি চলাইছে ।

এনে এজন জনপ্রতিনিধি হৈছে পশ্চিম গুৱাহাটীৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা । ১৯৮৫ চনৰে পৰা কেতিয়াবা অসম গণ পৰিষদ, কেতিয়াবা নতুন অসম গণ পৰিষদৰ জৰিয়তে নিৰ্বাচন খেলি বিধায়ক হোৱা ৰমেন্দ্ৰ নাৰায়ণ কলিতা বিভিন্ন নিগম-নিকায়ৰ অধ্যক্ষ পদতো অধিষ্ঠিত হৈছিল । বিগত চাৰি দশক ধৰি নিৰ্বাচন খেলি থকা ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ পশ্চিম গুৱাহাটী সমষ্টিটো এইবাৰ নোহোৱা হৈ চেণ্ট্ৰেল গুৱাহাটী হ'ল । এইবাৰ তেওঁ এই সমষ্টিটোৰ পৰা নিৰ্বাচন খেলিব বিচাৰিছে ।

আনহাতে ১৯৮৫ চনৰে পৰা সুদীৰ্ঘ চল্লিশ বছৰ ধৰি কেতিয়াবা মন্ত্ৰী, কেতিয়াবা বিধায়ক হৈ আছে ধৰ্মপুৰৰ চন্দ্ৰমোহন পাটোৱাৰী । তেওঁ এটা সময়ত অসম গণ পৰিষদৰ সভাপতিও হৈছিল । পৰৱৰ্তী সময়ত বিজেপিৰ আশ্ৰয়লৈ অহা চন্দ্ৰমোহন পাটোৱাৰীয়ে ২০১৬ চনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপিৰ চৰকাৰ গঠন হোৱাৰে পৰা বিগত দহ বছৰে বিজেপিৰ দুয়োখন চৰকাৰৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ আছে । পূৰ্বতে অগপৰ দুখন চৰকাৰতো দহ বছৰ মন্ত্ৰী আছিল চন্দ্ৰমোহন পাটোৱাৰী । এইবাৰ তেওঁ নৱগঠিত টিহু সমষ্টিৰ পৰা আকৌ বিজেপিৰ প্ৰাৰ্থীৰূপে বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পৰিকল্পনা কৰিছে; কিন্তু সুদীৰ্ঘ চাৰি দশক ধৰি মন্ত্ৰী-বিধায়ক হৈ থকা চন্দ্ৰমোহন পাটোৱাৰীয়েও ক্ষমতাৰ লোভত নতুনক বাট এৰি দিব বিচৰা নাই ।

সেইদৰে অসম আন্দোলনৰ পিছত ১৯৮৫ চনৰে মন্ত্ৰী-বিধায়ক হৈ থকা ৰাজ্যৰ আন এজন জনপ্রতিনিধি হৈছে দিছপুৰৰ বিধায়ক অতুল বৰা । তেওঁ বর্তমান বিজেপিত । পূৰ্বতে অগপৰ প্ৰথমখন চৰকাৰৰ গড়কাপ্তানি মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা অতুল বৰাই এইবাৰো দিছপুৰ সমষ্টিৰ প্রার্থিত্বৰ বাবে আঁকোৰগোজ হৈ আছে । অতুল বৰাই নিজকে তৰুণ বুলি ভাবে আৰু সেয়ে তেওঁ সদায়ে নিৰ্বাচন খেলাৰ পোষকতা কৰে । তেওঁ এৰি দিব নোখোজে তৰুণ প্ৰজন্মৰ বাবে ৰাজনীতিৰ বাট ।

Minister Prasanta Phukan
বিজেপিৰ বৰ্ষীয়ান নেতা তথা মন্ত্রী প্ৰশান্ত ফুকন (ETV Bharat Assam)

ইফালে, বিজেপিৰ বৰ্ষীয়ান নেতা তথা মন্ত্রী প্ৰশান্ত ফুকন আৰু বিধায়ক সিদ্ধার্থ ভট্টাচার্যই এইবাৰ অন্তিমবাৰৰ বাবে পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে । অৱশ্যে এইবাৰেই শেষ হ'ব নে নাই সেয়া সময়েহে জানে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পূব গুৱাহাটী সমষ্টিটো নোহোৱা হ'ল যদিও নতুনকৈ হোৱা নিউ গুৱাহাটীৰ পৰা সিদ্ধাৰ্থ ভট্টাচাৰ্যই নিৰ্বাচন খেলিব বিচাৰিছে ।

MLA Siddhartha Bhattacharya
বিধায়ক সিদ্ধার্থ ভট্টাচার্য (ETV Bharat Assam)

লক্ষণীয় বিষয় যে নিউ গুৱাহাটী সমষ্টিৰ পৰা বিজেপিৰ প্রার্থিত্ব বিচৰা সকলৰ ভিতৰত আছে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, বিশিষ্ট আইনজীৱী তথা মানৱাধিকাৰ কৰ্মী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰাক্তন আইন উপদেষ্টা শান্তনু ভৰালী, ৰূপম গোস্বামী, প্ৰণৱ লহকৰ, অপৰাজিতা ভূঞা, শশাংক ডেকা আদি ।

সেইদৰে ডিব্ৰুগড়ৰ বিজেপি বিধায়ক তথা মন্ত্রী প্রশান্ত ফুকনে এতিয়ালৈকে চাৰিবাৰ বিধায়ক নির্বাচিত হৈছে । প্রশান্ত ফুকনে এইবাৰো অন্তিমবাৰলৈ ডিব্ৰুগড়ৰ প্রার্থিত্বৰ বাবে আঁকোৰগোজ হৈ আছে । উল্লেখ্য যে সমষ্টিটোৰ পৰ‍ নতুন প্ৰজন্মৰ উজ্জ্বল কাশ্যপ, ঋতুপৰ্ণ বৰুৱা আদিয়ে টিকটৰ আশাৰে কাম কৰি আছে ।

অনুৰূপ ধৰণে ১৯৮৫ চনৰে পৰা একেলেথাৰিয়ে মন্ত্ৰী-বিধায়ক হৈ থকা যোৰহাটৰ হিতেন্দ্ৰ নাথ গোস্বামীয়ে অৱশ্যে এইবাৰ প্ৰাৰ্থিত্বৰ শক্তিশালী যুঁজত নমা পৰিলক্ষিত হোৱা নাই । লক্ষণীয় বিষয় যে বিগত চাৰি দশক ধৰি মন্ত্ৰী-বিধায়ক হৈ তৰুণ প্ৰজন্মৰ ৰাজনৈতিক বাট ৰুদ্ধ কৰা কেইবাগৰাকী ৰাজনীতিকক ২০২১ চনৰ নিৰ্বাচনত অৱশ্যে সসন্মানে বিদায় দিছিল অসম গণ পৰিষদে ।

আনহাতে বিগত নিৰ্বাচন সমূহত বিজেপিয়ে বয়সৰ দৃষ্টিৰ বিপৰীতে প্ৰদৰ্শনৰ ভিত্তিত বহু কেইগৰাকী বিধায়কক টিকটৰ পৰা বঞ্চিত কৰিছিল । এইবাৰো বিজেপিয়ে নতুন প্ৰজন্ম আৰু মহিলাক প্ৰাধান্য দিয়াৰ কথা ঘোষণা কৰিছে । তেনেস্থলত এইবাৰ বিজেপিয়ে কাক বঞ্চিত কৰি কাক স্থান দিয়ে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:

নিৰ্বাচনী ৰণশিঙা বজালে অগপই : আসন বুজাবুজিৰ পূৰ্বেই মধ্য গুৱাহাটীত বিশাল সংকল্প সমাৰোহ

আনুষ্ঠানিক আলোচনা নোহোৱা বাবে সমষ্টিৰ কথা খাটাংকৈ ক'ব পৰা হোৱা নাই : অতুল বৰা

কলিয়াবৰ অগপত খহনীয়া;বিজেপিমুখী নেতাক উদ্দেশ্যি কি ক'লে কেশৱ মহন্তই ?