ETV Bharat / politics

এটা পৰ্যায়তে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা অসমৰ বিধানসভা নিৰ্বাচন

ব'হাগ বিহুৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনৰ তাৰিখ চূড়ান্ত কৰিবলৈ ৰাজনৈতিক দলসমূহৰ পৰামৰ্শ নিৰ্বাচন আয়োগক ।

Assam Assembly Elections 2026
মঙলবাৰে গুৱাহাটীত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰে নিৰ্বাচন আয়োগৰ বৈঠক (X@ECISVEEP)
author img

By ETV Bharat Assamese Team

Published : February 17, 2026 at 7:20 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : এটা পৰ্যায়তে অনুষ্ঠিত হ'ব পাৰে অসমৰ আগন্তুক বিধানসভা নিৰ্বাচন ! যদিওবা নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ তাৰিখ এতিয়াও ঘোষণা কৰা নাই, তথাপিও মাৰ্চ মাহৰ প্ৰথম সপ্তাহত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি মঙলবাৰে ই টিভি ভাৰতক নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে । ২০২৬ চনৰ ২০ মে’ত অসম বিধানসভাৰ কাৰ্যকাল শেষ হ’ব ৷

মঙলবাৰে নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলে গুৱাহাটীত অসমৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু আম আদমী পাৰ্টী, ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী), কংগ্ৰেছ, অসম গণ পৰিষদ, অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট, বড়োলেণ্ড পিপলছ ফ্ৰণ্ট, ইউনাইটেড পিপলছ পাৰ্টী লিবাৰেলকে ধৰি ৰাজনৈতিক দলসমূহৰ সৈতে বৈঠকত মিলিত হয় ।

আয়োগৰ সূত্ৰই জনোৱা মতে, বেছিভাগ ৰাজনৈতিক দলেই এটা পৰ্যায় বা সৰ্বাধিক দুটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দাবী জনাইছিল । ১৫ এপ্ৰিলৰ পৰা আৰম্ভ হ'বলগীয়া ৰঙালী বিহুৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনৰ তাৰিখ নিৰ্ধাৰণ কৰিবলৈও দলসমূহে দাবী জনায় ।

চলিত মাহৰ আৰম্ভণিতে নিৰ্বাচন আয়োগে ২ কোটি ৪৯ লাখৰো অধিক ভোটাৰ থকা অসমৰ ১২৬খন বিধানসভা আসনৰ বাবে ২০২৬ চনৰ বিশেষ সংশোধনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিছিল । অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ তথ্য অনুসৰি খচৰা ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা আছিল ২৫,২০১,৬২৪ ৷ কিন্তু চূড়ান্ত ভোটাৰ তালিকাত এই সংখ্যা হ্ৰাস পাই ২৪,৯৫৮,১৩৯ গৰাকী হৈছে ।

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল

২৭ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈ তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা ২০২১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এই জয়লাভ কৰিছিল । কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে লাভ কৰিছিল ৫০ খন আসন । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক লাখৰো অধিক ভোটৰ ব্যৱধানত জালুকবাৰী আসনত জয়লাভ কৰিছিল ।

লগতে পঢ়ক : অসমলৈ নিৰ্বাচনী প্ৰস্তুতিৰে নিৰ্বাচন আয়োগ; অসমত তিনিদিন কি কৰিব নিৰ্বাচন আয়োগৰ প্ৰতিনিধিসকলে ?

মাৰ্চত ঘোষণা হোৱাৰ সম্ভাৱনা অসমকে ধৰি ৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন

ভোটাৰৰ সুবিধাৰ্থে নিৰ্বাচন আয়োগে ৰাজহুৱা কৰিলে অসমত চলি থকা SR প্ৰক্ৰিয়াত জড়িত BLO ৰ তথ্য