ETV Bharat / politics

প্ৰাৰ্থীক জানো আহক: লখিমপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ঘন বুঢ়াগোঁহাইৰ সবিশেষ

৭৬ নং লখিমপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ঘন বুঢ়াগোঁহাইক । জানো আহক ঘন বুঢ়াগোঁহাইৰ বিষয়ে কিছু কথা ।

Details of Lakhimpur constituency Congress candidate Ghana Burhagohain
লখিমপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ঘন বুঢ়াগোঁহাইৰ সবিশেষ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 22, 2026 at 11:13 AM IST

5 Min Read
Choose ETV Bharat

লখিমপুৰ: ৰাজ্যত বলিছে নিৰ্বাচনৰ গৰম বতাহ । ইতিমধ্যে শাসক-বিৰোধী সকলোৱে দলীয় প্রার্থীসকলৰ নাম ঘোষণা কৰিছে । ৭৬ নং লখিমপুৰ বিধানসভা সমষ্টিত এনডিএই মানৱ ডেকাক প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে কংগ্রেছে প্ৰাৰ্থিত্ব দিছে প্ৰদেশ কংগ্রেছৰ উপ-সভাপতি ঘন বুঢ়াগোঁহাইক । ইমানদিনে এই সমষ্টিটোক লৈ সকলোৰে দৃষ্টি নিবদ্ধ আছিল ।

কিয়নো ৭৬ নং লখিমপুৰ বিধানসভা সমষ্টিটো সকলোৰে আকৰ্ষণৰ এটা সমষ্টি । ই কেৱল জিলা সদৰৰ সমষ্টি হিচাপেই নহয় বৰং লখিমপুৰ লোকসভা সমষ্টিৰো সদৰ সমষ্টি । সেয়ে ৰাজনৈতিক দলসমূহৰ বাবে এই সমষ্টিটো দখল কৰিব পৰাতো এক সন্মানৰ বিষয়ৰ দৰে ।

লখিমপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ঘন বুঢ়াগোঁহাইৰ সবিশেষ (ETV Bharat Assam)

সমষ্টিটোত যোৱাতো নিৰ্বাচনৰ ৰেহ-ৰূপ:

যোৱাতো নিৰ্বাচনত লখিমপুৰ সদৰ সমষ্টিটো দখল কৰে বিজেপিৰ মানৱ ডেকাই । সেই নিৰ্বাচনত সমষ্টিটোত মুঠ ৭ জন প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল । মূল প্ৰতিদ্বন্দ্বিতা হৈছিল কংগ্রেছৰ ডাঃ জয় প্ৰকাশ দাস আৰু বিজেপিৰ মানৱ ডেকাৰ মাজত । মানৱ ডেকাৰ প্ৰাপ্ত ভোটৰ সংখ্যা আছিল ৭০ হেজাৰ ৩৮৭ টা । আনহাতে কংগ্রেছৰ ডাঃ জয় প্ৰকাশ দাসে পাইছিল ৬৭ হেজাৰ ৩৫১ টা ভোট ।

মানৱ ডেকাই ৩ হেজাৰ ৩৬ টা ভোটত জয় প্ৰকাশ দাসক পৰাস্ত কৰিছিল ৷ সমষ্টিটোত মুঠ ভোটদান হৈছিল ১ লাখ ৫৬ হেজাৰ ৩৮৬ টা । ন’টাত ভোট পৰিছিল ১ হেজাৰ ১১৪ টা । ভোট নাকচ হৈছিল ৮৮ টা । এইবাৰ পূৰ্বৰ কংগ্রেছৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী জয় প্ৰকাশ দাস এই সমষ্টিত নাই । তেওঁ অনুসূচীত জাতিৰ বাবে সংৰক্ষিত নাওবৈচা সমষ্টিত প্ৰাৰ্থী ৰূপে ঠিয় দিছে । জয় প্ৰকাশ দাসৰ স্থানত এইবাৰ কংগ্রেছে লখিমপুৰ সমষ্টিত দলে প্ৰাৰ্থিত্ব দিছে প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোঁহাইক ।

ঘন বুঢ়াগোঁহাই কোন ?

২০০৬ চনৰ নিৰ্বাচনত লখিমপুৰ বিধানসভা সমষ্টিত কংগ্রেছৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ঘন বুঢ়াগোঁহাই । কিন্তু পৰৱৰ্তী ২০১১ ৰ নিৰ্বাচনত তেওঁ পৰাজয় বৰণ কৰে । ২০১৬ চনৰ নিৰ্বাচনত দলে তেওঁক টিকট দিয়া নাছিল যদিও তেওঁ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল । পিছে সেইবাৰো তেওঁ পৰাজয় বৰণ কৰে । পৰৱৰ্তী ২০২১ চনৰ নিৰ্বাচনত তেওঁ দলীয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হয় আৰু এইবাৰ পুনৰ দলৰ টিকট পাবলৈ সক্ষম হয় ।

উল্লেখ্য যে, ১৯৮৪ চনত তেওঁ এনএছইউআইত যোগদান কৰিছিল । ১৯৮৯ চনত এনএছইউআইৰ জিলা উপ-সভাপতি হৈছিল । ১৯৯৫ ত জিলা যুৱ কংগ্রেছৰ সভাপতি আৰু ২০০১ চনত যুৱ কংগ্রেছৰ ৰাজ্যিক উপ-সভাপতি ৰূপে সংগঠনটো পৰিচালনা কৰিছিল । ২০০৫ চনত তেওঁ জিলা কংগ্রেছৰ সভাপতিৰ আসনত বহে । ২০০১ ত প্ৰদেশ কংগ্রেছৰ সদস্যৰ দায়িত্ব লাভ কৰে ।

শেহতীয়াকৈ ২০২৫ চনত প্ৰদেশ কংগ্রেছৰ উপ-সভাপতি হিচাপে দায়িত্ব লাভ কৰে । দীর্ঘদিন ধৰি কংগ্রেছৰ সেৱা আগবঢ়োৱা ঘন বুঢ়াগোঁহাই এইবাৰ পুনৰাই লখিমপুৰ সমষ্টিত কংগ্রেছৰ প্ৰাৰ্থী । তেওঁৰ সন্মুখত আছে শক্তিশালী ৰূপত এনডিএৰ প্ৰাৰ্থী মানৱ ডেকা । অৱধাৰিতভাৱে দুয়োৰে মাজত এখন তুমুল নিৰ্বাচনী যুঁজ হ'ব ।

কি কয় ঘন বুঢ়াগোঁহাইয়ে ?

লখিমপুৰ সমষ্টিৰ কংগ্রেছৰ প্ৰাৰ্থী হিচাপে ঘন বুঢ়াগোঁহাইয়ে বিজেপি দলৰ লগতে লখিমপুৰৰ বিধায়কজনক সমালোচনা কৰে । তেওঁ কয়, "লখিমপুৰ সমষ্টিত বৰ্তমানৰ বিজেপিৰ বিধায়কজনে পূৰ্বৰ বিধায়কসকলে কাম নাই কৰা বুলি মন্তব্য কৰিছে । কিন্তু লখিমপুৰ সমষ্টিটো বিগত সময়ত কংগ্রেছ, অগপ দলৰ মাজত সাল-সলনি হৈ দখলত আছিল । পূৰ্বৰ উৎপল দত্ত, ইন্দ্ৰ গগৈ আদি বিধায়কসকলৰ লগতে মইয়ো কাম কৰিছোঁ । কম বেছি পৰিমাণে সকলোৰে কাৰ্যকালত কাম হৈছে ।"

বুঢ়াগোঁহাইয়ে কয়, "শেহতীয়াকৈ সমষ্টিটো বিজেপিয়ে দখল কৰে । বিধায়কজনে ৩ হেজাৰ ৩ শ কোটি টকাৰে উন্নয়ন কৰা বুলি কৈছে । সেয়া বিজেপিৰ পকেটৰ টকা নহয় । সেয়া ৰাইজৰ টকাহে । আঁচনিৰ নামত টকা অপব্যৱহাৰ কৰা হৈছে । বিজেপি চৰকাৰৰ নিবনুৱা সংস্থাপন, মূল্যবৃদ্ধি ৰোধ, বিদেশী খেদা আদি প্ৰতিশ্ৰুতিসমূহ পূৰণ নহ'ল ।"

চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কয়, "লখিমপুৰ মেডিকেল কলেজ লাগে বুলি মইয়ে প্ৰথম বিধানসভাত দাবী তুলিছিলোঁ । মেডিকেল কলেজ বনালে । কিন্তু সৰহভাগ নিযুক্তি দিলে নলবাৰী, জালুকবাৰীৰ যুৱক-যুৱতীক । লখিমপুৰত কি শিক্ষিত যুৱক-যুৱতী নাছিল নে কি ?" তেওঁৰ দাবী লখিমপুৰৰ পাঁচটা সমষ্টিকে কংগ্রেছে দখল কৰাৰ লগতে গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব ।

সমষ্টিটোত ভোটাৰৰ সংখ্যা:

৭৬ নং লখিমপুৰ বিধানসভা সমষ্টিত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা হ'ল ১ লাখ ৬৩ হেজাৰ ৫২৬ জন । ইয়াৰে ৮১ হেজাৰ ১২০ জন হ’ল পুৰুষ আৰু ৮২ হেজাৰ ৪০২ গৰাকী হ'ল মহিলা ভোটাৰ । তৃতীয় লিংগৰ ভোটাৰ আছে ৪ গৰাকী । এইবাৰ সমষ্টিটোত পুৰুষতকৈ ১ হেজাৰ ২৮২ গৰাকী মহিলা ভোটাৰৰ সংখ্যা বেছি ।

লগতে পঢ়ক: পাঁচ বছৰৰ পাছত পুনৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ কিশোৰ নাথ, বৰখলাত উষ্ম আদৰণি সমৰ্থকৰ

১৩ খন আসনতে সন্তুষ্ট ৰাইজৰ দল, প্ৰকাশ পালে চূড়ান্ত প্ৰাৰ্থীৰ তালিকা

প্ৰাৰ্থী প্ৰক্ষেপক লৈ মুঠেও সচেতন নহয় কংগ্ৰেছ, আন দলক সহায় কৰিব কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাই: মুখ্যমন্ত্ৰী