মুখ্যমন্ত্ৰীয়ে নিজৰ মুনাফা আৰু পৰিবাৰৰ প্ৰগতিৰ কাৰণে কাম কৰিছে: গৌৰৱ গগৈ
নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ । মুখ্যমন্ত্ৰীক কৰিলে কঠোৰ সমালোচনা ।

Published : March 22, 2026 at 2:10 PM IST
যোৰহাট: আধ্যাত্মিক ভাৱধাৰাৰে যোৰহাট সমষ্টিত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে যোৰহাট বিধানসভা সমষ্টি প্ৰাৰ্থী গৌৰৱ গগৈয়ে । শনিবাৰে নিশাৰ ভাগত জাতীয় সাজপাৰ পৰিধান কৰি গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিৰ অন্তৰ্গত মধ্য যোৰহাট চিপাহীখোলা ব্লকৰ অন্তৰ্গত কেবাটাও নামঘৰলৈ গৈ তেওঁ নেদেখাজনৰ পৰা আৰ্শীবাদ বিচাৰে । এই সময়ছোৱাতেই তেওঁ সমষ্টিবাসী ৰাইজৰ সৈতে বাৰ্তালাপ কৰে, তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয় ।
যোৰহাট সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী গৌৰৱ গগৈক ২০২৬ৰ নিৰ্বাচনৰ এজেণ্ডা সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব ২৫ বছৰে অসমৰ ৰাইজে দেখিছে, তেওঁ নিজৰ মুনাফা আৰু পৰিবাৰৰ প্ৰগতিৰ কাৰণে কাম কৰিছে । তেওঁ মনোনয়ন পত্ৰত দাখিল কৰা শপতনামাই তাৰ স্পষ্ট বাৰ্তা দিয়ে । এনে ধনবল আৰু বাহুবল থকা মুখ্যমন্ত্ৰী অসমবাসীয়ে কেতিয়াও দেখা নাই আৰু সেয়েহে অসমবাসীয়ে বিকল্প বিচাৰিছে ।"
গগৈয়ে কয়, "কংগ্ৰেছ দলে ৰাইজ দল, অসম জাতীয় পৰিষদ, চি পি আই আদি দলৰ লগত মিত্ৰতা কৰিছে আৰু কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ'ব । আমাৰ নেতৃত্বত হোৱা চৰকাৰে নিজৰ বাবে নহয় আৰু ঘৰৰ প্ৰগতিৰ বাবে নহয়, ৰাইজৰ সংস্থাপন, প্ৰগতি, উদ্যোগ আদিৰ বাবে চিন্তা কৰিব আৰু কাম কৰিব ।"

আনহাতে শেষ মুহূৰ্তত ৰাইজ দলৰ সৈতে মিত্ৰতা হোৱা প্ৰসংগত তেওঁ কয়, "এয়া হৈছে ভাৰতীয় ৰাজনীতি, কিছুমান খেল শেষ মুহূৰ্তত হয়, যি হৈছে ভালৰ বাবে হৈছে ।"

আনহাতে গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বী হিতেন্দ্ৰ নাথ গোস্বামীৰ প্ৰসংগত কয়, "তেওঁ মোৰ জ্যেষ্ঠ, সেয়েহে মই তেওঁ পৰা আৰ্শীবাদ বিচাৰিছোঁ । কাক জয়ী কৰি দিছপুৰলৈ পঠাব সেয়া ৰাইজে সিদ্ধান্ত ল'ব । মই নৈতিক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি গৈছোঁ ।" উল্লেখ্য যে যোৰহাট জিলাৰ চাৰিটা সমষ্টিৰ ভিতৰত যোৰহাট বিধানসভা সমষ্টি আৰু মৰিয়নী সমষ্টিত এইবাৰ যুঁজখন বেছ আকৰ্ষণীয় হ'ব বুলি সৰ্বত্ৰে চৰ্চা হৈছে ।

