বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তেজপুৰত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পোষ্টাৰৰ চমক
তেজপুৰ সমষ্টিত নিৰ্বাচনী প্ৰস্তুতি তুংগত । প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ইতিমধ্যে বেনাৰ-পোষ্টাৰেৰে প্ৰচাৰ আৰম্ভ কৰিছে ।

Published : January 25, 2026 at 12:40 PM IST
তেজপুৰ : সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন । ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম তথা এক আকৰ্ষণীয় বিধানসভা সমষ্টি হৈছে তেজপুৰ বিধানসভা সমষ্টি । বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় দলৰে নেতাসকলে প্ৰাৰ্থিত্বৰ বাবে বিগত সময়ছোৱাত নিজকে প্ৰস্তুত কৰি আহিছে । আনহাতে প্ৰাৰ্থিত্বৰ বাবে আবেদনো সংগ্ৰহ কৰিছে কংগ্ৰেছ দলৰ প্ৰত্যাশীসকলে । ইতিমধ্যে কংগ্ৰেছ দলে অহা ২৮ জানুৱাৰীলৈ এই প্ৰাৰ্থিত্বৰ আবেদন গ্ৰহণৰ সময়সীমা বৃদ্ধি কৰিছে ।
তেজপুৰ বিধানসভা সমষ্টি বিগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁট অসম গণ পৰিষদৰ হাতত অৰ্পণ কৰে যদিও বিজেপিয়ে নিৰ্বাচনত সম্পূৰ্ণভাৱে সহায় কৰিছিল । বৰ্তমান এই বিধানসভা সমষ্টিৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দাবীদাৰ হিচাপে নিজকে প্ৰস্তুত কৰি চহৰৰ বিভিন্ন স্থানত নিজৰ নাম ফালকৰে প্ৰচাৰ চলাইছে । চহৰৰ ভিন্ন স্থানত বিজেপি, কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে নিজৰ নিজৰ ফটো সম্বলিত পোষ্টাৰেৰে ৰাইজৰ মাজত প্ৰচাৰ আৰম্ভ কৰিছে ।

ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে তালিকাৰ প্ৰথম স্থানত আছে তেজপুৰ চহৰৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী তথা দলৰ এগৰাকী জ্যেষ্ঠ কৰ্মকৰ্তা এমট্ৰণৰ উপ সভাপতি ঋতু বৰণ শৰ্মা । সমান্তৰালভাৱে আন এগৰাকী হৈছে সমাজকৰ্মী দীপক শইকীয়া । তালিকাত আছে বিজেপিৰ জিলা সভানেত্ৰী মাধুস্মিতা হাজৰিকা ডেকা, অভিজিত কলিতা, হিৰণ্য ভূঞা ।

আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দৌৰত ডাঃ অনুজ মেচ, প্ৰাক্তন বিধায়ক অভিজিত হাজৰিকা, পল্লৱী শইকীয়া, অধিবক্তা পৰমানন্দ কাকতি, ধৃতিমান শইকীয়া, তৃষ্ণা বৰা কাকতি আছে । তেওঁলোকে ইতিমধ্যে আবেদন সংগ্ৰহ কৰিছে । যিহেতু ২৮ জানুৱাৰীলৈ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ আবেদনৰ সময়সীমা বৃদ্ধি কৰা হৈছে তেনেস্থলত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

আনহাতে এইবাৰ ৰাইজৰ দলেও তেজপুৰত নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰদান কৰাৰ চিন্তা চৰ্চা অব্যাহত ৰাখিছে । বিশেষকৈ তেজপুৰত ৰাইজৰ দলৰ উপ-সভাপতি ঋষিৰাজ কৌণ্ডিন্যই দলীয় প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা যথেষ্ট । লগতে দলৰ এগৰাকী জ্যেষ্ঠ সাধাৰণ সম্পাদক অলক নাথ তেজপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ দাবীদাৰ হিচাপে চর্চা চলি থকা সময়তে তেওঁ কয়, "মই বৰছলা সমষ্টিৰ পৰা দলৰ প্ৰাৰ্থিত্বৰ বাবে কাম কৰি আহিছোঁ এগৰাকী স্থানীয় বাসিন্দা হিচাপে ।" বৰ্তমান আমাৰ দলৰ কোনো মিত্ৰতা হোৱা নাই আৰু মিত্ৰতা হ'লে কংগ্ৰেছ দলৰ তৰফৰ পৰা প্ৰাৰ্থী দিয়া সম্ভৱ নহ'ব বুলি তেওঁ কয় ।

উল্লেখ্য যে এইবাৰ বৰছলা সমষ্টিত কংগ্ৰেছ দলৰ পৰা দলৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই দলীয় প্ৰাৰ্থিত্বৰ বাবে আবেদন জনাইছে । যদি বৰছলা সমষ্টিত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক অলক নাথ দাবীদাৰ হয় তেতিয়া মিত্ৰজোঁটত ব্যাঘাত জন্মিব পাৰে নেকি ? সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন ।

বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ঋতু বৰণ শৰ্মাই ইতিমধ্যে জনাইছে, "পাৰ্টীৰ উৰ্দ্ধত কোনো নহয় । প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত পাৰ্টীৰ সিদ্ধান্তই সদায় চূড়ান্ত হয় । আমি দলৰ এগৰাকী কৰ্মী, দলে যি সিদ্ধান্ত দিয়ে আমি গ্ৰহণ কৰিব লাগিব ।" আনহাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ লগত যোগাযোগ কৰাৰ চেষ্টা কৰাত তেওঁলোকে কোনো ফোন গ্ৰহণ নকৰিলে ।

উল্লেখ্য যে সমষ্টিটো বিজেপিৰ মিত্ৰজোঁট দল অগপৰ দখলত আছে । বৰ্তমান নিৰ্বাচনৰ বাবে অসম গণ পৰিষদ দলে এই সমষ্টিৰ দাবীদাৰ । এক বিশেষ ৰাজনৈতিক সূত্ৰৰ মতে ৬৭ নং তেজপুৰ বিধানসভা সমষ্টি এইবাৰো বিজেপিৰ মিত্ৰজোঁট অগপৰ হাততে থকাৰ সম্ভাৱনা প্ৰকট । যদি এনে হয় তেনেহ'লে অগপ দলৰ পৰা বৰ্তমানৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই পুনৰ টিকট লাভ কৰাটো নিশ্চিত আৰু তেতিয়া বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল অসন্তুষ্ট হোৱাৰ সম্ভাৱনা আছে নেকি ? এই সন্দৰ্ভত বিজেপিৰ কোনো প্ৰত্যাশী প্ৰাৰ্থীয়ে মন্তব্য দিয়া নাই ।

সমষ্টিটোত ২২৫ টা ভোটকেন্দ্ৰ থকাৰ বিপৰীতে ৩,৫৩১ গৰাকী নতুন ভোটাৰ অন্তৰ্ভুক্ত হৈছে আৰু ২,৪৬৩ গৰাকীৰ নাম কৰ্তন কৰা হৈছে । যাৰ ফলত ১,০৬৮ গৰাকী ভোটাৰ নতুনকৈ বৃদ্ধি পাইছে । ইয়াত মুঠ ভোটাৰৰ সংখ্যা ১,৮০,৮৮৫ টা । সমষ্টিটোত হিন্দু ভোটাৰ ৮৫,০০০ আৰু সংখ্যালঘু ভোটাৰ ৪২,০০০ ।
লগতে পঢ়ক :তৰুণ গগৈক পিঠিত, সোণোৱালক বুকুত ডেগাৰ মাৰিছে হিমন্তই : গৌৰৱ গগৈ

