ভোটাৰে কি কয়: ৫ বছৰে হোৱা উন্নয়নক লৈ সন্তুষ্টনে মাহমৰাৰ ৰাইজ ?
সমাগত বিধানসভা নিৰ্বাচন । এনে সময়তে প্ৰাসংগিক হৈ পৰিছে ভোটাৰে কি পালে, নাপালে বিগত কাৰ্যকালত ? মাহমৰা সমষ্টিৰ একাংশ ভোটাৰৰ মনৰ কথাৰে এক প্ৰতিবেদন...

Published : January 28, 2026 at 2:13 PM IST
মৰাণ : সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচন । ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত এতিয়া ৰাজনৈতিক দলসমূহে তৎপৰতা আৰম্ভ কৰিছে । শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ দিনে নিশাই ভোটাৰ ৰাইজৰ কাষ চাপিছে । তেনে সময়তে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত মনৰ কথা ব্য়ক্ত কৰিলে ঐতিহাসিক চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ ভোটাৰ ৰাইজে ।
১৭ টাকৈ গাঁও পঞ্চায়ত আৰু এটা পৌৰসভা থকা সমষ্টিটোৰ পৰা দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে মন্ত্ৰী যোগেন মহন । ২০১৬ চনৰ পৰাই সমষ্টিটোত বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ বৰ্তমানলৈ সমষ্টিটোক প্ৰতিনিধিত্ব কৰি অসম চৰকাৰৰ কেইবাটাও বিভাগৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী দায়িত্ব লাভ কৰিছে যোগেন মহনে । দহ বছৰে মন্ত্ৰী হৈ থকা মাহমৰা সমষ্টিৰ বিধায়কগৰাকীয়ে সমষ্টি উন্নয়নত সফল হ'ল নে ? ৰাইজৰ সমস্যাক কিমান গুৰুত্ব দিলে সেই সন্দৰ্ভত এক প্ৰতিবেদন ।
পূৰ্বৰ চৰকাৰৰ দিনতকৈ বেছি সুবিধা লাভ কৰিছো :
মাহমৰা সমষ্টিৰ এগৰাকী মহিলাই কয়, "মন্ত্ৰী যোগেন মহনৰ কাৰ্যকালত আমি যথেষ্ট সুবিধা লাভ কৰিছো । মই নিজেই ব্যক্তিগতভাৱে অৰুণোদয়ৰ পৰা আত্মনিৰ্ভৰ আঁচনি আৰু মোৰ ছোৱালীয়ে নিযুত মইনা আঁচনি লাভ কৰিছে । পূৰ্বৰ চৰকাৰৰ দিনতকৈ আমি বিজেপি চৰকাৰৰ দিনত বহুত সুবিধা পাইছো । আমাক আকৌ এনেকুৱা এখন চৰকাৰ লাগে । অতি দৰিদ্ৰ ল'ৰা-ছোৱালীয়ে স্বচ্ছ নিকাভাৱে চাকৰি লাভ কৰিছে । যি চৰকাৰে ভাল কাম কৰিছে সেই চৰকাৰক ভোট দিব ৰাইজে ।"

এখন ভাল চিকিৎসালয় নাই :
মাহমৰা সমষ্টিৰ এজন নতুন প্ৰজন্মৰ ভোটাৰৰ মনৰ কথা জানিবলৈ বিচৰাত তেওঁ কয়, "মাহমৰা সমষ্টিত ৰাস্তাৰ কাম হৈছে; কিন্তু মাহমৰা সমষ্টিৰ পৰা এজন কেবিনেট মন্ত্ৰী পোৱাৰ পাছতো এখন ভাল চিকিৎসালয় লাভ নকৰিলো । দুই এখন চিকিৎসালয় আছে যদিও চিকিৎসক নাই । চিকিৎসাৰ ক্ষেত্ৰত সমষ্টি উন্নয়ন কৰাত ব্যৰ্থ হ'ল মন্ত্ৰী যোগেন মহন । সমষ্টিটোত বহু চৰকাৰী ভূমি আছিল, তাত উদ্যোগ স্থাপন কৰিলে নিবনুৱা সমস্যা সমাধানৰ স্থল আছিল; কিন্তু সেই সমূহ কৰাত তেওঁ ব্যৰ্থ হ'ল । মাহমৰা সমষ্টিত বিভিন্ন দলৰ প্ৰাৰ্থী ওলাইছে; কিন্তু এইবাৰ যুৱ প্ৰজন্মৰ সমস্যাক গুৰুত্ব আৰোপ কৰা নেতা জয়লাভ কৰাটো বিচাৰো ।"

ৰাইজে নতুন মুখৰ সন্ধান কৰিছে :
একে লেঠাৰিয়ে দুবাৰকৈ মাহমৰা সমষ্টিৰ বিধায়ক হৈ মন্ত্ৰী হোৱা যোগেন মহনে কৰা উন্নয়নৰ খতিয়ান ল'বলৈ আন এগৰাকী মহিলাৰ কাষ চপাত তেওঁ কয়, "বিজেপি চৰকাৰে ৰাস্তা পদূলিৰ কাম কৰিছে; কিন্তু ৰাস্তা বনালেই যে উন্নয়ন হ'ব সেইটো কেতিয়াও হ'ব নোৱাৰে । ৰাইজৰ পৰা অধিক টেক্স লৈ আঁচনি ৰূপায়ণ কৰি প্ৰলোভন দিছে । মাহমৰা সমষ্টিত প্ৰাথমিক চিকিৎসালয় আছে; কিন্তু চিকিৎসকৰ অভাৱ, দৰব নাথাকে । সমষ্টিটোৰ নিবনুৱা সমস্যা সমাধান কৰাত ব্যৰ্থ হৈছে । সেইবাবে এইবাৰ সমষ্টিটোত আমি নতুন মুখ বিচাৰো । সমষ্টিটোত মন্ত্ৰী থকাৰ পাছত যিমান উন্নয়ন হ'ব লাগিছিল তেনেদৰে নহ'ল ।"

উন্নয়ন হৈছে যদিও বহুত সমস্যা আছে :
আমি মাহমৰা সমষ্টিৰ বিভিন্ন জন ভোটাৰৰ মনৰ কথা জনাৰ দৰে মন্ত্ৰী যোগেন মহনেনো মাহমৰা সমষ্টিত কি কি উন্নয়ন কৰিলে, তেওঁক লৈ ৰাইজৰ ধাৰণা কেনে সেই বিষয়ে জানিবলৈ সমষ্টিটোৰ এজন সমাজকৰ্মীৰ পৰা জানিবলৈ বিচৰাত তেওঁ কয়, "মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনে ৰাজনীতিৰ পথাৰলৈ যোৱাৰ পূৰ্বেই সমাজৰ বাবে কাম কৰিছিল । সমষ্টিটোত বহু উন্নয়ন হৈছে যদি বহু সমস্যা আছে আজিও । মোৰ নিজৰ পঞ্চায়তত উন্নয়ন হৈছে; কিন্তু সমষ্টিটোৰ সকলো পঞ্চায়তত উন্নয়ন হোৱাটো বিচাৰো । ৰাজনীতি কৰা মানুহ হিচাপে তেওঁৰ এটা ভাল গুণ আছে । তেওঁ সৰু-ডাঙৰ, ধনী- দুখীয়া নাচাই সকলোৰে লগত মুকলিকৈ কথা পাতে । বিধায়ক হিচাপে পুনৰ মাহমৰা সমষ্টিৰ দায়িত্ব লাভ কৰিলে বহুখিনি কাম তেওঁ কৰিব লাগিব ।"

