কোন চালানী কোন লোকেল ? মানাহত বিপিএফ আৰু ইউপিপিএলৰ দুই প্ৰাৰ্থীৰ শব্দ যুদ্ধ
ইউপিপিএলৰ প্ৰাৰ্থী জৌংশ্ৰাং ব্ৰহ্মই সংবাদ মাধ্য়মৰ আগত বিপিএফ দলৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীক চালানী মাছ বুলি কটাক্ষ কৰে ৷

Published : March 22, 2026 at 1:07 PM IST
বাক্সা: নৱগঠিত ৪১ নং মানাহ বিধানসভা সমষ্টিত এইবাৰ লোকেল বনাম চালানীৰ ইচ্ছ্য়ু লৈ চলিছে প্ৰচাৰ । এই যুঁজত অৱতীৰ্ণ হৈছে ইউপিপিএলৰ প্ৰাৰ্থী জৌংশ্ৰাং ব্ৰহ্ম আৰু বিপিএফ দলৰ থানেশ্বৰ বসুমতাৰীয়ে ।
বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিল পৰ্ব চলি থকাৰ মাজতেই বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈছে । একেদৰে বাক্সা জিলাৰ ৪১ নং মানাহ বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী জৌংশ্ৰাং ব্ৰহ্মইয়ো(ফৈলাও জে বৰগয়াৰী)সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন গাঁৱত প্ৰৱেশ কৰি নিৰ্বাচনী প্ৰচাৰ চলায় । ব্ৰহ্মই মানাহ বিধানসভা সমষ্টিৰ সৰু মাণিকপুৰৰ পশ্চিম চুবা, মাজৰ চুবা, থমনা আৰু নাওশালীত প্ৰচাৰ চলায় ।
ইয়াৰ পিচতেই ইউপিপিএলৰ প্ৰাৰ্থী জৌংশ্ৰাং ব্ৰহ্মই সংবাদ মাধ্য়মৰ আগত কয়, "এইবাৰ মুছলমান ৰাইজে বিপিএফ দলক ভোট নিদিয়ে । যোৱা বিটিচি নিৰ্বাচনত মুছলমান সম্প্ৰদায়ৰ লোকসকলে বিপিএফ দলক ৯০% ভোট প্ৰদান কৰিছিল; কিন্তু আজিৰ দিনত বিপিএফ দলক ভোট দিয়া মানে বিজেপিক ভোট দিয়া । সেয়ে এইবাৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে বিপিএফ দলক ভোট নিদিয়ে ।"
বিপিএফ দলৰ পৰা থানেশ্বৰ বসুমতাৰীক টিকট দিছে যদিও তেওঁ মানাহ সমষ্টিৰ লোক নহয় বুলি উল্লেখ কৰি জৌংশ্ৰাং ব্ৰহ্মই কয়, "ৰাইজে বিপিএফ দলক ভোট নিদিয়ে । মই, এই সমষ্টিত জয়ী হৈ যুৱক-যুৱতীক কৰ্মসংস্থান দিয়াৰ ব্যৱস্থা কৰিম ৷ মানাহ সমষ্টিৰ অন্তৰ্গত মানাহ অভয়াৰণ্য বিশ্বৰ পৰ্যটন ক্ষেত্ৰত বিখ্যাত ৷ পৰ্যটন ক্ষেত্ৰত আধুনিকতা আনিবলৈ চেষ্টা কৰিম ৷" এই প্ৰচাৰৰ সময়ত ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীক সংগ দিয়ে বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী ঘনশ্যাম দাস আৰু ইউপিপিএল দলৰ শীৰ্ষ নেতা দয়াল শৰণীয়াই ।

মই যদি চালানী, জংশ্ৰাং ব্ৰহ্ম ছাপ্লাই মাছ: বসুমতাৰী
ইপিনে, বাক্সাৰ শালবাৰীত বিপিএফৰ সাংগঠনিক সভাত মানাহ বিধানসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীয়ে অংশগ্ৰহণ কৰে । ইউপিপিএলৰ প্ৰাৰ্থী জৌংশ্ৰাং ব্ৰহ্মই সংবাদ মাধ্য়মৰ আগত বিপিএফ দলৰ প্ৰাৰ্থীগৰাকীক চালানী মাছ বুলি কৰা মন্তব্য়ৰ পিচতেই বসুমতাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । থানেশ্বৰ বসুমতাৰীয়ে কয়, "মই চালানী মাছ নহয় । মই যদি চালানী মাছ জংশ্ৰাং ব্ৰহ্ম ছাপ্লাই মাছ । মানুহ মাছ হ'ব পাৰে নেকি ? মাছ পানীতহে থাকে । মানাহ সমষ্টিত মই ১০০ শতাংশই জয়লাভ কৰিম । ইউপিপিএলে যোৱা পাঁচ বছৰে চৰকাৰত থাকি একো কাম কৰিব নোৱাৰিলে ।" বিপিএফ দলৰ পাৰা প্ৰাৰ্থিত্ব পোৱাৰ পাছতেই দলীয় কৰ্মীয়ে প্ৰতিবাদ কৰা সন্দৰ্ভতো মন্তব্য কৰে থানেশ্বৰ বসুমতাৰীয়ে ।
লগতে পঢ়ক:মোদীৰ পৰা যোগীলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব বিজেপিৰ ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ দল
ৰাইজৰ দলতো টিকট বঞ্চিত শ্বেৰমান আলী আহমেদ; কি হ'ব পৰৱৰ্তী পদক্ষেপ ?

