ETV Bharat / politics

মিত্ৰতাক লৈ অখিল-গৌৰৱৰ স্নায়ু যুঁজ ! কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতাত আউল

"মিত্ৰতাৰ পক্ষত আছিলোঁ, আছো আৰু মীমাংসাৰ শেষ মুহূৰ্তলৈ থাকিম ৷" শুকুৰবাৰৰ ভিতৰত মিত্ৰতা হ'বই বুলি দাবী অখিল গগৈৰ ।

Congress Raijor dal alliance
কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতাত আউল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 26, 2026 at 4:54 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : সমাগত বিধানসভা নিৰ্বাচনৰ বাবে আসনৰ বুজা-পৰাকলৈ তুংগত গৌৰৱ গগৈ আৰু অখিল গগৈৰ স্নায়ু যুঁজ । গৌৰৱ গগৈয়ে যদি কয়- নিৰ্দিষ্ট দলৰে মিত্ৰতাক লৈ মোৰ জোৰ কমিছে, তেন্তে অখিল গগৈয়ে কয় মোৰ মনৰ জোৰ দিনক দিনে বাঢ়িছে । অৱশ্যে শ্বেৰমান আৰু আব্দুৰ ৰছিদৰ যোগদানে মিত্ৰজোঁটত কোনো প্ৰভাৱ নেপেলাই বুলিও দাবী কৰে অখিল গগৈয়ে ।

কংগ্ৰেছৰ পৰা নিলম্বিত শ্বেৰমান আলী আৰু কংগ্ৰেছ ত্যাগ কৰা বিধায়ক আব্দুৰ ৰছিদ মণ্ডল- দুয়োকে নিজৰ দলৰ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব দিব বিচাৰিছে ৰাইজৰ দলে । এনে বিধায়কক প্ৰাৰ্থিত্ব দিব খোজা সেই দলৰ লগত মিত্ৰতাৰ কথা বিবেচনাধীন হৈ আছে কংগ্ৰেছৰ ৷ সেই মিত্ৰতাক লৈ দৃঢ়তা আৰু জোৰ কমিছে অসম প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ । এক কথাত আউল লাগিছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বিজেপি বিৰোধী মিত্ৰতাত ৷ ৰাজ্যৰ ৰাজনীতিত বুধবাৰৰ পৰা তোলপাৰ লাগিছে এই প্ৰসংগই ।

মিত্ৰতাক লৈ অখিল-গৌৰৱৰ স্নায়ু যুঁজ (ETV Bharat)

পিছে শ্বেৰমান আলী আৰু আব্দুৰ ৰছিদ মণ্ডলক লগত ৰাখিও গৌৰৱ গগৈৰ মন্তব্যৰ পিছতো আশাবাদী হৈ আছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ বৃহস্পতিবাৰেও অখিল গগৈৰ মন্তব্য যে ২০২৬ৰ বাবে বিজেপি বিৰোধী মিত্ৰতাক লৈ তেওঁ আশাবাদী ৷ তেওঁ কয়, "যিমান দিন গৈছে মোৰ সিমানেই মিত্ৰতাৰ প্ৰতি জোৰ বাঢ়ি গৈ আছে ৷ মিত্ৰতাৰ প্ৰতি আমি ৰাইজৰ দল অতি দায়বদ্ধ হৈ গৈ আছোঁ । আমাৰ এটাই কথা বিজেপিক যদি পৰাভূত কৰিব লাগে তেন্তে মিত্ৰতা লাগিবই লাগিব । ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিলোঁ, আছোঁ আৰু মীমাংসাৰ শেষ মুহূৰ্তলৈ থাকিম ৷"

নিৰ্বাচন পালেহি, হয়তো বিহুৰ আগতেই এপ্ৰিলৰ প্ৰথম ১০ দিনতেই নিৰ্বাচন হোৱাৰ সম্ভাৱনা । ৰাইজৰ দলৰ বাদে অসম জাতীয় পৰিষদ, বাওঁপন্থী দল, এ পি এইছ এল চি সকলোৰে লগত মিত্ৰতা নিশ্চিত হ'ল কংগ্ৰেছৰ । আনুষ্ঠানিকতা ঘোষণাহে বাকী । এতিয়া পিছে কিমান দিনলৈ ধৈৰ্য ধৰিব অখিল গগৈয়ে ? এখন শীতল স্নায়ু যুদ্ধ কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ মাজত । যেন কংগ্ৰেছে বিচাৰিছে ৰাইজৰ দলে নিজে আঁতৰি যাওক মিত্ৰতাৰ পৰা ৷ আনহাতে অখিল গগৈয়ে এবাৰলৈও উচ্চাৰণ কৰা নাই মিত্ৰতা নহ'ব বুলি ৷ অখিলৰ দাবী মাত্ৰ দুখন আসনক লৈহে মিলা নাই মত ৷

অখিল গগৈৰ মন্তব্য, "দুটা বা তিনিটা সমষ্টিৰ কথা তেওঁলোকে সন্মতি জনালেই মিত্ৰতাৰ পৰ্ব শেষ হৈ যায় । শেষৰ মুহূৰ্তত কিয় জটিলতা বাঢ়িছে আমি নাজানোঁ । হয়তো আমাক প্ৰেচাৰৰ মাজত ৰাখিবৰ বাবে এইটো কৰিছে ।"

তেওঁ লগতে কয়, "আগতে যিবোৰ কথা নাছিল-যেনে শ্বেৰমান আলী, আব্দুৰ ৰচিদ মণ্ডলৰ কথাটো । এইটো বিষয় আগতে নাছিল । জিতেন্দ্ৰ সিঙে মোক কৈছিল যে আপোনালোকে কিয় এওঁলোকক লৈছে ? আমি কৈছিলো- আপোনালোকৰ সৈতে তেওঁলোকৰ সংঘাত হৈছে । আমি যদি নলওঁ আব্দুৰ ৰচিদ মণ্ডলে অগপত যোগদানৰ কথা পাতি আছে । শ্বেৰমান আলীয়ে মই জনাত এ আই ইউ ডি এফৰ লগত কথা পাতি আছিল । তেওঁলোক নিৰ্বাচন জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থী । গতিকে তেওঁলোকক এন ডি এৰ ফালে ঠেলি দিয়াটো ঠিক নহ'ব ৷ ইয়াৰ আগৰ আলোচনা বিলাকত তেওঁলোকে এই কথাটো মানি লৈছিল ৷ কোনেও এই বিষয়টোক লৈ এবাৰো আপত্তি তোলা নাই । মাত্ৰ এদিন জিতেন্দ্ৰ সিঙে এদিন কৈছিল, তেওঁকো মই বিষয়টো বুজাই দিছিলোঁ । মই নাভাবোঁ এই বিষয়টোৱে কোনো জটিলতাৰ সৃষ্টি কৰা নাই ।"

অখিল গগৈয়ে কয়, "এতিয়া যিহেতু আমি আন দুটামান সমষ্টি বিচাৰিছোঁ । সেয়ে এতিয়া দাম-দৰৰ বাবে এই বিষয়টো উত্থাপন কৰিছে ৷" অখিল গগৈৰ মতে বিষয়টোত কোনো জটিলতা নাই ৷

আনহাতে অখিল গগৈৰ দাবী যে বিজেপিক পৰাভূত কৰিবলৈ সকলোৱেই ত্যাগ কৰিব লাগিব । তেওঁ কয়, "মই কংগ্ৰেছক এটাই কথা কওঁ যে বিজেপিক পৰাভূত কৰিবৰ বাবে আমি সকলোৱে অলপ অলপ ছেক্ৰিফাইচ (ত্যাগ) কৰিব লাগিব । আমি ২৭ খনৰ পৰা ১৫ টালৈ নামিলোঁ । মই ক'তো জটিলতা দেখা নাই । কংগ্ৰেছ দলে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত বিষয়টো বিবেচনা কৰক । আশা কৰো কাইলৈৰ ভিতৰত আমাৰ মাজত যি গতিশীলতা কমিছে সি পুনৰ গতি লাভ কৰিব । কিন্তু ই ডেডলাইন নহয় ৷"

লগতে পঢ়ক :দুই গগৈৰ আলোচনা ; ২০ নহয় ১৫ খন আসনহে বিচাৰিলে ৰাইজৰ দলে

লগতে পঢ়ক :ৰাইজৰ দলৰে মিত্রতাক লৈ অসহায় অনুভৱ গৌৰৱ গগৈৰ, মনৰ কথাৰে গৌৰৱে দিলে কিহৰ ইংগিত ?