ৰমেন্দ্ৰ নাৰায়ণ কলিতাক সাক্ষাৎ কৰি মুখ্যমন্ত্রীৰ বুজনি: নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলা সন্দৰ্ভত দেওবাৰে সিদ্ধান্ত ল'ব কলিতাই
মুখ্যমন্ত্ৰীয়ে বুজনি দিলে টিকট বঞ্চিত অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক । কি সিদ্ধান্ত ল'ব কলিতাই ? জনাব দেওবাৰে ।

Published : March 22, 2026 at 12:00 PM IST
গুৱাহাটী: গুৱাহাটীৰ দুটা সমষ্টিকলৈ বিপদত পৰিছে শাসকীয় বিজেপি দল । দিছপুৰ আৰু মধ্য গুৱাহাটী সমষ্টিত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে ৰাজনৈতিক সমীকৰণ সলনি কৰাৰ আশংকা হৈ উঠিছে । কামৰূপ মহানগৰ জিলাৰ তিনিটা সমষ্টিৰ তিনিগৰাকীকৈ বিধায়কক টিকট বঞ্চিত কৰাৰ পিছত দুটা সমষ্টিত বিশেষ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । নিউ গুৱাহাটী সমষ্টিত পূৰ্বৰ পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যক প্ৰাৰ্থিত্ব দিয়া নহ'ল যদিও তেওঁকলৈ বৰ্তমান সমস্যাৰ সৃষ্টি হোৱা নাই ।
বিধায়কগৰাকীয়ে কোনোধৰণৰ সমস্যাৰ সৃষ্টি কৰা নাই । অৱশ্যে নিউ গুৱাহাটী সমষ্টিত বিজেপিৰ জ্যেষ্ঠ নেতা শান্তনু ভৰালীয়ে নিৰ্দলীয়ভাৱে খেলাৰ কথা ঘোষণা কৰিছে । আনহাতে দিছপুৰ সমষ্টিত টিকট বঞ্চিত হোৱা বিধায়ক অতুল বৰা আৰু সমষ্টিটোৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত কুমাৰ দাস টিকট নাপাই সৰৱ হৈ পৰিছে ।
ইতিমধ্যে বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত দাসে দলত্যাগ কৰি দিছপুৰৰ পৰা নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলাৰ বাবে সাজু হৈছে । দিছপুৰ সমষ্টিত বিজেপিয়ে কংগ্ৰেছৰ পৰা আহি যোগদান কৰা সাংসদ প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব দিছে ।
ইফালে বিজেপিয়ে এইবাৰ মধ্য গুৱাহাটী সমষ্টিটো মিত্রদল অগপক এৰি নিদিলে । পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত মধ্য গুৱাহাটী হৈছে । এই সমষ্টিটোৰ পৰা টিকট বিচাৰিছিল পশ্চিম গুৱাহাটীৰ ছয়বাৰৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।
কিন্তু বিজেপিয়ে মিত্রদলক মধ্য গুৱাহাটী সমষ্টিটো এৰি নিদি নিজৰ প্ৰাৰ্থী দিলে । বিজেপিয়ে মধ্য গুৱাহাটীত দলৰ জ্যেষ্ঠ নেতা বিজয় গুপ্তাক প্ৰাৰ্থিত্ব দিছে । যাক লৈ সৰৱ হৈ পৰিছে জ্যেষ্ঠ অগপ নেতা তথা ছয়বাৰৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ।
তেওঁ মধ্য গুৱাহাটীৰ পৰা নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি চলাইছে । ইতিমধ্যে তেওঁ অগপ দলৰ সকলো পদপী ত্যাগ কৰিছে । বিধায়কগৰাকী নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হ'লে বিপদত পৰিব বিজেপি । যাৰ বাবে যোৱানিশা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিধায়কগৰাকীক তেওঁৰ দিছপুৰৰ চৰকাৰী আৱাসত সাক্ষাৎ কৰে ।
ৰমেন্দ্ৰ নাৰায়ণ কলিতাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ’ব বুলি মন্তব্য কৰাৰ পাছতেই গুৱাহাটীৰ ৰাজনীতিত আৰম্ভ হৈছিল নতুন চৰ্চা । সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বুজনি দিয়াৰ বাবে ক্ষোভিত ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ঘৰত উপস্থিত হয় মুখ্যমন্ত্ৰী । ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সৈতে বিশেষ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী ।
সংবাদ মধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়, "পূৰ্বতে গুৱাহাটীৰ এখন আসন অগপক দি বাকী আসনকেইখনত আমি খেলোঁ । কিন্তু এইবাৰ সেই আসনখন ডিমৰীয়াত দিব লগা হ'ল । জালুকবাৰীৰ বহু অঞ্চল পশ্চিম গুৱাহাটীৰ পৰা অন্তৰ্ভুক্ত হৈছে । যাৰ বাবে ৰমেনদাৰ পৰা সহায় বিচাৰি আহিছোঁ । ৰমেন্দ্ৰ নাৰায়ণ কলিতাক আমি যথোচিত সন্মান প্ৰদান কৰিম । এজন বিধায়কে আসন নাপালে অসন্তুষ্ট হোৱাটো স্বাভাৱিক । ৰমেন দাৰ লগত মোৰ সম্পৰ্ক পুৰণি । ৰমেনদাক আমি উপযুক্ত সন্মান দি যাম । কৰ্মীসকলৰ দুখ হোৱাটো স্বাভাৱিক ।"
আনহাতে জয়ন্ত কুমাৰ দাসৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "জয়ন্ত দাসে কোৱা কথাখিনিৰ পৰা ক'ব পাৰি যে তেওঁ বিজেপি চৰকাৰক কেতিয়াও ভাল পোৱাই নাছিল । ভাল পালে ইমান কথা ক'ব নোৱাৰিহেতেন । তাৰ মানে আমাৰ দলে এটা সঠিক সিদ্ধান্ত ল'লে । তেওঁক মনটো কেতিয়াও বিজেপিত নাছিল । তেওঁ টিভিত যিখিনি কথা ক'লে, মই ভাবো তাৰ পিছত বিজেপিত থকাৰ কোনো সুবিধা নাথাকে ।"
শৰ্মাই কয়,"ভাল হৈছে, আমি তেওঁক শুভেচ্ছা জনাইছোঁ । ভাল এটা ৰাজনৈতিক কেৰিয়াৰ লওক । দিছপুৰলৈ জয়ী হৈ আহক । ভোট ৰাইজে দিব । যাৰ অশান্তি হ'লে দলৰ ক্ষতি হ'ব তাৰ লগত আমি কথা পাতিছোঁ । কিন্তু টিকট বিচৰা ১৪০০ মানুহৰ লগত কেনেকে কথা পাতিম ।"
ইফালে মুখ্যমন্ত্ৰীৰ সাক্ষাৎ সন্দৰ্ভত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয়, "মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনত প্ৰচাৰৰ বাবে সহায় বিচাৰিছে । মোৰ প্ৰাৰ্থিত্ব কৰ্তন কৰাত মোৰ কৰ্মীসকল ক্ষোভিত হৈছিল । নিৰ্দলীয় হৈ নিৰ্বাচন খেলাৰো প্ৰস্তাৱ প্ৰদান কৰিছিল । মধ্য গুৱাহাটীৰ অগপৰ কাৰ্যকৰী সমিতিৰ বৈঠক আছে । বৈঠকৰ পাছতে গ্ৰহণ কৰা হ’ব সিদ্ধান্ত ।"

