ETV Bharat / politics

নৱগঠিত চিচিবৰগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব জীৱন গগৈ

অৱশেষত বহু চৰ্চিত ধেমাজি জিলাৰ নৱগঠিত ৭৯ নং চিচিবৰগাঁও বিধান সভা সমষ্টিৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ঘোষণা ৷ জীৱন গগৈক দিলে প্ৰাৰ্থিত্ব ।

Newly formed Sissiborgaon constituency, BJP nominated Jiban Gogoi as a candidate
চিচিবৰগাঁও সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী জীৱন গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 22, 2026 at 9:28 AM IST

2 Min Read
Choose ETV Bharat

ধেমাজি: অৱশেষত বিজেপিয়ে ঘোষণা কৰিলে নৱগঠিত ৭৯ চিচিবৰগাঁও সমষ্টিৰ প্ৰাৰ্থীৰ নাম । নৱগঠিত এই সমষ্টিৰ বাবে আছিল বহুকেইজন প্ৰাৰ্থিত্বৰ দাবীদাৰ । বহুকেইজন শক্তিশালী প্ৰাৰ্থীয়ে এই সমষ্টিটোৰ বাবে টিকট দাবী কৰিছিল । যাৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে প্ৰকাশ কৰা প্ৰথমখন প্ৰাৰ্থী তালিকাত ঘোষণা কৰা হোৱা নাছিল প্ৰাৰ্থীৰ নাম ।

কিন্তু শক্তিশালী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সপোন চূড়মাৰ কৰি এগৰাকী সাধাৰণ পৰিয়ালৰ বিজেপিৰ কৰ্মী তথা মাছখোৱা জিলা পৰিষদৰ বৰ্তমানৰ সদস্য জীৱন গগৈয়ে লাভ কৰিলে নতুন সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থিত্ব । যি আছিল সম্পূৰ্ণ অপ্ৰত্যাশিত ।

চিচিবৰগাঁও সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী জীৱন গগৈ (ETV Bharat Assam)

জীৱন গগৈয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে সমষ্টিটোৰ বিজেপি কৰ্মীসকলৰ মাজত দেখা যায় ব্যাপক উচাহ । জীৱন গগৈৰ ধেমাজিৰ খঙীয়া চাপৰিৰ বাসগৃহত উপস্থিত হৈ নেতা-কৰ্মী, সমৰ্থক-শুভাকাংক্ষীয়ে ফটাকা ফুটাই নাচি-বাগি কৰিলে আনন্দ উচাহ । ইফালে প্ৰাৰ্থিত্ব লাভ কৰি সুখী অনুভৱ কৰাৰ লগতে বিজয়ী হোৱাৰ পিছত নৱগঠিত সমষ্টিটোৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা সদৰী কৰে প্ৰাৰ্থিত্ব লাভ কৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী জীৱন গগৈয়ে ৷

তেওঁ কয়, "মই আজি এনেকুৱা এটা সুন্দৰ অনুভৱ কৰিছোঁ, দলত থাকি দলত নিঃস্বাৰ্থভাৱে কাম কৰি আমি যেতিয়া কৰ্মক্ষেত্ৰত আগবাঢ়ি যাওঁ, তেতিয়া তাৰ ভাল ফল দিয়ে আৰু তাৰে এটা নিৰ্দশন বা উদহাৰণ হ'লো মই ৷"

ধন বল, বাহুবলৰ প্ৰয়োভৰ ঘটা প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলক ওফৰাই অৱশেষত প্ৰাৰ্থিত্ব লাভ কৰা সম্পৰ্কত গগৈয়ে কয়, "মই ভাবো যে আমাৰ দলীয় কৰ্তৃপক্ষই তেওঁলোকৰ আদৰ্শ আৰু নেতৃত্বত মই যিখিনি কাম কৰিলোঁ, আমাৰ দলীয় সতীৰ্থসকলে যিখিনি অনুপ্ৰেৰণা যোগালে, তেখেতলোকৰ অনুৰোধমৰ্মে মই টিকট পাবলৈ সক্ষম হ'লোঁ ৷"

লগতে পঢ়ক: মোদীৰ পৰা যোগীলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব বিজেপিৰ ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ দল

নিৰ্দলীয়ভাৱে খেলাৰ কথা ভাবিছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই : দেওবাৰে হ'ব সিদ্ধান্ত