কংগ্ৰেছে কি উন্নয়ন কৰিছিল ? গৌৰৱ গগৈক টেঙানীলৈ স্বাগতম জনাই সামাজিক মাধ্য়মত প্ৰশ্ন বিশ্বজিৎ ফুকনৰ
টেঙানীৰ উন্নয়নৰ বাবে গগৈ পৰিয়ালৰ অৰিহনা কি আছে বুলি ক্ষোভ উজাৰিলে বিধায়কে । সামাজিক মাধ্যমত গৌৰৱ গগৈলৈ প্ৰশ্ন বিশ্বজিৎ ফুকনৰ ৷

Published : March 22, 2026 at 11:22 AM IST
সৰুপথাৰ: অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈক প্ৰশ্ন সৰুপথাৰ সমষ্টিৰ বিধায়ক তথা বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ । নিৰ্বাচনী ৰণডংকা বজাবলৈ সৰুপথাৰ সমষ্টিলৈ দেওবাৰে আহিব প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকী । সভাপতি গগৈয়ে সৰুপথাৰ সমষ্টিৰ বিৰোধী উমৈহতীয়া প্ৰাৰ্থী অজাপৰ জীৱন চুতীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ।
সৰুপথাৰ সমষ্টিত বিশেষকৈ সকলো বিৰোধী একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু জীৱন চুতীয়া । অজাপৰ প্ৰাৰ্থী জীৱন চুতীয়াৰ নাম ঘোষণা কৰাৰ পিছতেই সৰুপথাৰ সমষ্টিত গৌৰৱ গগৈয়ে প্ৰচাৰ চলাবলৈ উপস্থিত হ'ব । সমষ্টিটোৰ কেইবাটাও স্থানত কেইবাখনো বৈঠকত অংশ ল'ব প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে ।
তেনে সময়তেই সৰুপথাৰৰ বিধায়ক তথা বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনে সামাজিক মাধ্যমযোগে গৌৰৱ গগৈক প্ৰশ্ন কৰিছে । বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লিখিছে, "গৌৰৱ গগৈ ডাঙৰীয়া, আজি আপুনি সংগ্ৰামৰ ইতিহাসে সমৃদ্ধ টেঙানীলৈ অহাৰ কথা । সমষ্টিৰ বিধায়ক ৰূপে আপোনাক টেঙানীলৈ স্বাগতম জনাইছো । টেঙানীৰ সভাখনত আপুনি আমাৰ তলৰ প্ৰশ্ন কেইটাৰ উত্তৰ দিব বুলি আশা কৰিলো । ১. আপোনাৰ পিতৃ স্বৰ্গীয় তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থকা ১৫ বছৰত টেঙানীৰ বাবে কৰা এটা কামৰ উদাহৰণ দিব । আমাৰ দিনত ৪২ কিলোমিটাৰ পকী পথ, ৮ কোটি টকাৰে নৱজ্যোতি বৰহোলা হাইস্কুল, চিকিৎসালয়, নামঘৰ, আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আদি নিৰ্মাণ হৈছে । ৫ বছৰ আৰু ১৫ বছৰৰ এটা তুলনামূলক ভাষণ দিব বুলি আশা কৰিলোঁ ।’’
‘‘২. আপুনি ১০ বছৰ এজন সন্মানীয় সাংসদ ৰূপে এই সমষ্টিটোৰ প্ৰতিনিধিত্ব কৰা সময়ত পোৱা ৫০ কোটি টকাৰ সাংসদ পুঁজিৰ পৰা টেঙানীক কি কি দিলে ? ৩. আপোনাৰ খুড়া দীপ গগৈ ১৩ বছৰ সাংসদ হৈ থকা সময়ত টেঙানী বাসীয়ে কি পালে ? ৪. টেঙানী সংগ্ৰাম সমিতিৰ আন্দোলনটোৰ সময়ত আপোনাৰ পিতৃৰ চৰকাৰখনে চলোৱা অত্যাচাৰত বাবে আপুনি ৰাজহুৱাকৈ ক্ষমা বিচাৰিব নে ? ধন্যবাদেৰে বিশ্বজিৎ ফুকনবিধায়ক , সৰুপথাৰ সমষ্টি ।" এইদৰে ফেচবুকত লিখিছে বিধায়কগৰাকীয়ে ।
উল্লেখ্য় যে ২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণাৰ পিছতেই সৰুপথাৰ সমষ্টিত উপস্থিত হৈ গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য আগবঢ়াইছিল সৰুপথাৰত বিধায়কগৰাকীয়ে। দেওবাৰে গৌৰৱ গগৈ সৰুপথাৰ সমষ্টিত উপস্থিত হোৱাৰ পূৰ্বেই পুনৰ প্ৰশ্ন কৰিছে বিধায়ক ফুকনে ।
লগতে পঢ়ক:বিজেপিৰ আশীৰ্বাদ যাত্ৰা লুৰীণজ্যোতি গগৈৰ বাবে হ'ব অভিশাপ যাত্ৰা : বিজেপি বিধায়কৰ ভৱিষ্যদ্বাণী
মতগৰ্বী আৰু ৰাজপুত্ৰৰ আচৰণ ল’লে তেওঁ এঘৰীয়া হোৱাটো স্বাভাৱিক ! কাৰ কথা ক'লে বিশ্বজিৎ ফুকনে ?

