ETV Bharat / politics

পাঁচ বছৰৰ পাছত পুনৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ কিশোৰ নাথ, বৰখলাত উষ্ম আদৰণি সমৰ্থকৰ

২০১৬ ৰ বিধানসভা নিৰ্বাচনত বিজয়ী হ'লেও ২০২১ ত দলীয় টিকট লাভৰ পৰা বঞ্চিত হৈছিল কিশোৰ নাথ । এইবাৰ বিজেপিয়ে পুনৰ বৰখলাত প্ৰক্ষেপ কৰিলে নাথক ৷

Kishore Nath
বৰখলা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী কিশোৰ নাথ (Kishore Nath@facebook)
author img

By ETV Bharat Assamese Team

Published : March 22, 2026 at 10:35 AM IST

2 Min Read
Choose ETV Bharat

শিলচৰ: পাঁচ বছৰৰ মূৰত আকৌ দলীয় টিকট লাভ কৰিছে বিজেপি দলৰ প্ৰাক্তন বিধায়ক কিশোৰ নাথে । কাছাৰ জিলাৰ বৰখলা বিধানসভা সমষ্টিৰ বাবে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে দলীয় নেতা-কৰ্মীসকল । দলীয় টিকট লাভ কৰাৰ পিচত এই সমষ্টিটোত উপস্থিত হোৱাত দলীয় সমৰ্থকসকলে প্ৰাৰ্থীগৰাকীক উষ্ম আদৰণি জনায় ।

উল্লেখ্য় যে ২০১৬ ৰ বিধানসভা নিৰ্বাচনত তেওঁ বিজেপি দলৰ প্ৰাৰ্থী হিচাপে বৰখলা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । অৱশ্য়ে ২০২১ চনৰ নিৰ্বাচনত তেওঁ দলীয় টিকট লাভৰ পৰা বঞ্চিত হয় যদিও সমষ্টিটোত বিভিন্ন উন্নয়নমূলক কাম-কাজত জড়িত হৈ পৰে । সেয়েহে এইবাৰ দলীয় নেতৃত্বই তেওঁৰ ওপৰত আস্থা প্ৰকাশ কৰি প্ৰদান কৰিছে টিকট ।

বৰখলা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী কিশোৰ নাথ (TV Bharat Assam)

টিকট লাভৰ পিছত শিলচৰত বিপুল সংখ্যক দলীয় নেতা-কৰ্মী আৰু সমৰ্থকে তেওঁক উষ্ম আদৰণি জনায় । পিচত বিজেপিৰ কাছাৰ জিলাৰ দলীয় কাৰ্যালয়ত সাংবাদিকৰ আগত কয়, "সমষ্টি পুনৰনিৰ্ধাৰণৰ পিছত বৰখলা সমষ্টিৰ পৰিধি বৃদ্ধি পাইছে আৰু সমষ্টিৰ উন্নয়নৰ বাবে বহুত কাম কৰিবলগীয়া আছে । অহা পাঁচ বছৰ সেইবোৰ কাম কৰিম ।"

তেওঁ পুনৰ কয়, "২০২১ চনৰ বিধানসভা নিৰ্বাচনত দলে মোক টিকট নিদিলেও মই বহি থকা নাই । সমষ্টিৰ উন্নয়নৰ লগতে দলৰ বাবে যি কামৰ দায়িত্ব প্ৰদান কৰা হৈছে সেইবোৰ কাম নিষ্ঠাৰে কৰি আহিছো ।"

এইবাৰ নিৰ্বাচনত কিশোৰ নাথে বিপুল ভোটত জয়যুক্ত হ'ব বুলি আশা প্ৰকাশ কৰি তেওঁক টিকট প্ৰদান কৰা বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দলৰ কেন্দ্ৰীয় সভাপতি নীতিন নবীন, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছো ।"

কিশোৰ নাথে বিগত দুটা বছৰ তেওঁৰ সমষ্টিৰ ৰাইজৰ লগতে জন সম্পৰ্ক গঢ়ি তোলাৰ কাম কৰি আছে । তেওঁ ৰাইজৰ লগতে বিভিন্ন ধৰণৰ সাংস্কৃতিক, ক্ৰীড়া, সামাজিক অনুষ্ঠানক সহায় সহযোগ আগবঢ়োৱাৰ বাবে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:নৱগঠিত চিচিবৰগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব জীৱন গগৈ

ৰাইজৰ দলতো টিকট বঞ্চিত শ্বেৰমান আলী আহমেদ; কি হ'ব পৰৱৰ্তী পদক্ষেপ ?