ETV Bharat / politics

বিধানসভা বৃত্তান্ত : জানো আহক নৱগঠিত চেণ্ট্ৰেল গুৱাহাটী সমষ্টিক

পশ্চিম গুৱাহাটী সমষ্টিৰ বিলুপ্তিৰ পিছতে চেণ্ট্ৰেল গুৱাহাটী সমষ্টি গঠন কৰা হৈছে ।

Guwahati Central Assembly constituency
নৱগঠিক চেণ্ট্ৰেল গুৱাহাটী সমষ্টি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 7, 2026 at 9:30 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী: বিধানসভা নিৰ্বাচন সমাগত । ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে প্ৰস্তুতি আৰম্ভ কৰিছে । কিন্তু এইবাৰ বিধানসভা নিৰ্বাচন কিছু পৃথক হ'ব । সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে হ'ব বিধানসভা নিৰ্বাচন । গতিকে এইবাৰ বিধানসভা নিৰ্বাচনত সমষ্টিৰ ক্ষেত্রত যথেষ্ট পৰিৱৰ্তন হৈছে । যাৰ বাবে কিছু পৃথক হ'ব ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টিৰ সংখ্যা পূৰ্বৰ ১২৬ টা আছে যদিও বহু সমষ্টিৰ বিলুপ্তি হোৱাৰ লগতে নতুনকৈ বহু সমষ্টি হৈছে । লগতে সমষ্টিৰ সীমাৰ যথেষ্ট সালসলনি হৈছে । আনকি বহু বিধায়কৰ সমষ্টিয়ে নোহোৱা হৈছে । অৰ্থাৎ সমষ্টিৰ গাঁথনিগত ব্যাপক পৰিৱৰ্তন হৈছে ।

Guwahati Central Assembly constituency
চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ ভোটাৰৰ তথ্য (ETV Bharat Assam)

এই প্ৰতিবেদন গুৱাহাটীৰ পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টি আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত নতুনকৈ হোৱা চেণ্ট্ৰেল গুৱাহাটী সমষ্টিক সামৰি প্ৰস্তুত কৰা হৈছে । পুৰণি আৰু নতুন সমষ্টিক সামৰি এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।

চেণ্ট্ৰেল গুৱাহাটী বিধানসভা সমষ্টি

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত হোৱা ৩৬ নং চেণ্ট্ৰেল গুৱাহাটী সমষ্টি পূৰ্বৰ পশ্চিম গুৱাহাটীৰ বেছিভাগ অঞ্চলক সামৰি কৰা হৈছে । অৱশ্যে পূৰ্বৰ পশ্চিম গুৱাহাটীৰ কিছু অংশ জালুকবাৰী আৰু সম্পূৰ্ণ নতুনকৈ হোৱা ডিমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত হৈছে । পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বেছি সংখ্যক অঞ্চলক সামৰি চেণ্ট্ৰেল গুৱাহাটী বিধানসভা সমষ্টি কৰা হৈছে যদিও সীমাৰ ব্যাপক সালসলনি হৈছে । আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বিলুপ্ত হোৱা পূব গুৱাহাটী সমষ্টিৰ কিছু অংশও চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ অন্তৰ্গত হৈছে ।

Ramendra Narayan Kalita
ৰমেন্দ্ৰ নাৰায়ণ কলিতা (ETV Bharat Assam)

উল্লেখ্য যে ১৯৬৭ চনত প্ৰতিষ্ঠা হোৱা পশ্চিম গুৱাহাটী সমষ্টিটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ২০২৩ চনত বিলুপ্ত হৈছে । এই সমষ্টিটো কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ।

চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ ভোটাৰ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত হোৱা ৩৬ নং চেণ্ট্ৰেল গুৱাহাটী বিধানসভা সমষ্টিত শেহতীয়া প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি মুঠ ভোটাৰৰ সংখ্যা হৈছে ১ লাখ ৯৮ হাজাৰ ৯১ গৰাকী । ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ ৯৭,৮৮৫ জন, মহিলা ভোটাৰ ১,০০,২০২ গৰাকী আৰু তৃতীয় লিংগৰ ৪ গৰাকী আছে । সমষ্টিটোত পুৰুষৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা বেছি । আনহাতে সমষ্টিটোত ভোটকেন্দ্ৰৰ সংখ্যা ২০১ টাৰ পৰা ২১৮ টালৈ বৃদ্ধি কৰা হৈছে ।

Guwahati Central Assembly constituency
নৱগঠিত চেণ্ট্ৰেল গুৱাহাটী সমষ্টি (ETV Bharat Assam)

চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ অন্তৰ্গত এলেকা

৩৬ নং চেণ্ট্ৰেল গুৱাহাটী বিধানসভা সমষ্টিত পৌৰ নিগমৰ ১৬ টা ৱাৰ্ডৰ অংশবিশেষ সামৰি লোৱা হৈছে । সমষ্টিটোত পৌৰ নিগমৰ ১১ নং ৱাৰ্ডৰ ফটাশিল অঞ্চলৰ অংশবিশেষ, ১২ নং ৱাৰ্ডৰ মিঠা আমতল, আদিংগিৰি, ১৪ নং ৱাৰ্ডৰ ভাস্কৰ নগৰ, কালাপাহাৰ, ১৫ নং ৱাৰ্ডৰ বর্ষাপাৰা, ১৮ নং ৱাৰ্ডৰ ভৰলুমুখ অঞ্চলৰ অংশবিশেষ, ১৯ নং ৱাৰ্ডৰ মাছখোৱা, ২০ নং ৱাৰ্ডৰ বিষ্ণুপুৰ, ২১ নং ৱাৰ্ডৰ ৰিহাবাৰী, ২৩ নং ৱাৰ্ডৰ বিৰুবাৰী হিলছাইড, ২৫ নং ৱাৰ্ডৰ বিৰুবাৰী, ৰূপনগৰ অঞ্চলৰ অংশবিশেষ, ২৭ নং ৱাৰ্ডৰ ৰিহাবাৰী, নেপালী মন্দিৰৰ অংশবিশেষ, ২৮ নং ৱাৰ্ডৰ ছাত্ৰীবাৰী, আৰ্যনগৰ, ২৯ নং ৱাৰ্ডৰ ফাঁচীবজাৰ, ৩০ নং ৱাৰ্ডৰ ফাঁচীবজাৰ, পাণবজাৰ, পুলিচ ৰিজাৰ্ভৰ অংশবিশেষ, ৩১ নং ৱাৰ্ডৰ পাণবজাৰৰ ডনবস্ক'ৰ সমীপৰ অংশবিশেষ আৰু ৩২ নং ৱাৰ্ডৰ মণিপুৰীবস্তি, উলুবাৰী, ৰিহাবাৰীৰ অংশবিশেষ অন্তৰ্ভুক্ত হৈছে ।

Guwahati Central Assembly constituency
নৱগঠিত চেণ্ট্ৰেল গুৱাহাটী সমষ্টি (ETV Bharat Assam)

বিলুপ্ত পশ্চিম গুৱাহাটী আৰু নতুনকৈ হোৱা চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ নিৰ্বাচনী ৰূপৰেখা

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পশ্চিম গুৱাহাটী সমষ্টিৰ বিলুপ্তি ঘটিল । তাৰ ঠাইত নতুনকৈ হ'ল চেণ্ট্ৰেল গুৱাহাটী । ফলত বৰ্তমানৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ একপ্ৰকাৰ সমষ্টি নোহোৱা হৈ পৰিল । অৱশ্যে বিধায়ক কলিতাই নতুনকৈ হোৱা চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ পৰাই নিৰ্বাচন খেলাৰ কথা সদৰি কৰিছে । চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটো যিহেতু নতুন গতিকে আগন্তুক নিৰ্বাচনতহে সমষ্টিটোৱে প্ৰতিনিধি লাভ কৰিব ।

Guwahati Central Assembly constituency
বৰ্ষাপাৰা অঞ্চল (ETV Bharat Assam)

সেইবাবে এই প্ৰতিবেদনত পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ নিৰ্বাচনী ইতিহাসৰ কিছু আভাস দাঙি ধৰা হৈছে । যিহেতু পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিক সামৰি নতুনকৈ চেণ্ট্ৰেল গুৱাহাটী সমষ্টি কৰা হৈছে । পশ্চিম গুৱাহাটী সমষ্টিক ৬ বাৰকৈ প্ৰতিনিধিত্ব কৰিছে বৰ্তমানৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । ২০২১ৰ নিৰ্বাচনত বিজেপিৰে মিত্রতাত থাকি অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ১,৩৭,৫৩৩ টা (৬০ শতাংশ) ভোট লাভ কৰি জয়ী হৈছিল । আনহাতে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে ৫৯,০৮৪ টা (২৬ শতাংশ) ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল ।

Guwahati Central Assembly constituency
১৯৬৭ চনৰ পৰা নিৰ্বাচিত বিধায়কসকল (ETV Bharat Assam)

নিৰ্বাচনী ইতিহাসৰ পৰা চালে পশ্চিম গুৱাহাটী সমষ্টিত প্ৰতিষ্ঠাৰ পাছতে ১৯৬৭ চনত চি পি আই দলৰ হৈ গোবিন্দ কলিতা প্ৰথম বিধায়ক হৈছিল । ইয়াৰ পিছত ১৯৭২ চনত কংগ্ৰেছৰ বীৰেন ৰাম ফুকন, ১৯৭৮ চনত জনতা পাৰ্টীৰ কিৰণ চন্দ্ৰ বেজবৰুৱা, ১৯৮৩ চনত কংগ্ৰেছৰ তাৰিণীকান্ত বড়ো, ১৯৮৫ চনত নিৰ্দলীয় হিচাপে ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ১৯৯১ চনত নতুন অসম গণ পৰিষদৰ হৈ ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ১৯৯৬ চনত অসম গণ পৰিষদৰ হৈ ৰমেন্দ্ৰ নাৰায়ণ কলিতা সমষ্টিটোৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় ।

Guwahati Central Assembly constituency
পশ্চিম গুৱাহাটী সমষ্টিৰ ২০২১ চনৰ ফলাফল (ETV Bharat Assam)

১৯৮৫ চনৰ পৰা একেৰাহে তিনিবাৰ বিধায়ক হোৱা ৰমেন্দ্ৰ নাৰায়ণ কলিতা ২০০১ চনত কংগ্ৰেছৰ হেমন্ত তালুকদাৰৰ হাতত পৰাস্ত হয় । অৱশ্যে ২০০৬ চনত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পুনৰ সমষ্টিটোক প্ৰতিনিধিত্ব কৰে । ২০১১ চনত কংগ্ৰেছৰ হেমন্ত তালুকদাৰ পুনৰ নিৰ্বাচিত হৈ সমষ্টিটোৰ বিধায়ক হয় । ইয়াৰ পিছত ২০১৬ চনৰ পৰা সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । পশ্চিম গুৱাহাটী সমষ্টিৰ বিলুপ্তিৰ পাছত নতুনকৈ হোৱা চেণ্ট্ৰেল গুৱাহাটী সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী কেইবাগৰাকী নেতাই ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে ।

Guwahati Central Assembly constituency
নৱগঠিত চেণ্ট্ৰেল গুৱাহাটী সমষ্টি (ETV Bharat Assam)

উল্লেখ্য যে, ২০২১ চনত বিজেপিয়ে মিত্রদল অগপক পশ্চিম গুৱাহাটী সমষ্টিটো এৰি দিয়াত দলৰ কৰ্মীসকল যথেষ্ট অসন্তুষ্ট হৈছিল । আনকি নিজ দলৰ প্ৰাৰ্থী দিয়াৰ দাবীত প্ৰতিবাদো সাব্যস্ত কৰিছিল । এইবাৰ বিজেপিৰ কেইবাজনো নেতাই নতুনকৈ হোৱা চেণ্ট্ৰেল গুৱাহাটী সমষ্টিত প্ৰাৰ্থিত্বৰ আশাৰে তৎপৰতা আৰম্ভ কৰিছে । তেনেস্থলত অগপই চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটো লাভ কৰিব নে নাই সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক: বিধানসভা বৃত্তান্ত : জানো আহক জালুকবাৰী সমষ্টিক