দেৰগাঁও সমষ্টি নিদিলে অগপক, বন্ধুত্বমূলকভাৱে নিৰ্বাচন খেলাৰ প্ৰস্তাৱ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীৰ
দেৰগাঁৱত বন্ধুত্বমূলকভাৱে নিৰ্বাচন খেলিব অগপই । বন্ধুত্বমূলক নিৰ্বাচন খেলিবলৈ কেন্দ্ৰীয় সমিতিলৈ প্ৰস্তাৱ প্ৰেৰণ দেৰগাঁও সমষ্টি সমিতিৰ ।

Published : March 22, 2026 at 12:57 PM IST
গোলাঘাট: ক্ৰমান্বয়ে আকৰ্ষণীয় হৈ পৰিছে দেৰগাঁও বিধানসভা সমষ্টিৰ নিৰ্বাচনী পৰিৱেশ । কিয়নো দেৰগাঁও সমষ্টিত এইবাৰ বিজেপি দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পাছত অগপৰ নেতা-কৰ্মীসকলৰ মাজত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে ৷ তাৰ সমান্তৰালকৈ ক্ষোভ প্ৰকাশ কৰিছে অগপৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়েও । যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে নিশা পৰ্যন্ত ভবেন্দ্ৰ নাথ ভৰালী তথা দেৰগাঁও সমষ্টিৰ অগপ সমিতিৰ লগতে ২২ খন পঞ্চায়তৰ নেতা-কৰ্মীসকলৰ মাজত অনুষ্ঠিত হয় এক বৈঠক ।
বৈঠকৰ অন্তত দেৰগাঁও সমষ্টিত এইবাৰ অগপই বন্ধুত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কেন্দ্ৰীয় সমিতিলৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰে । অগপ কৰ্মীসকলে যথেষ্ট আশা কৰি থকা সমষ্টিটোত যাতে আকৌ এবাৰ বিচাৰ-বিবেচনা কৰি চায় তাৰ বাবে আহ্বান জনায় । এতিয়া মাথোঁ অপেক্ষা অগপৰ শীৰ্ষ নেতৃত্বৰ সিদ্ধান্তলৈ ।
এই সম্পৰ্কে অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া পৰেশ গগৈয়ে কয়, "আজি আমি সকলোৱে একগোট হৈ আলোচনা কৰিছোঁ । সকলোৰে মনত দুখ, দেৰগাঁও সমষ্টি নোপোৱাৰ বাবে । আজি দীঘলীয়া আলোচনা কৰিলোঁ, যিহেতু দলটোত সকলোৱে বহু কষ্ট কৰি কাম কৰি আহিছে দলৰ কৰ্মীসকলে । প্ৰায় ২০ হাজাৰ কৰ্মীক লৈ আমি সংকল্প সমাৰোহ অনুষ্ঠিত কৰিছিলোঁ । তাৰ পাছতো আমাক এই সমষ্টিৰ পৰা বঞ্চিত কৰিছে । এই সমষ্টি আমাক নিদি মিত্ৰজোঁটৰ প্ৰাৰ্থীক প্ৰদান কৰিছে ।"

তেওঁ লগতে কয়, "সমষ্টিৰ ৰাইজে এতিয়াও মানি ল'ব পৰা নাই । যাৰ বাবে তেওঁলোকে কৈছে বন্ধুত্বমূলকভাৱে হ'লেও এই সমষ্টিত আমাক দিয়ক । এই বিষয়ে আমি কেন্দ্ৰীয় সমিতিলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিম । আমাৰ ২২ খন পঞ্চায়তৰ প্ৰতিনিধি জিলা পৰিষদৰ সদস্য, ১০০ জন ৱাৰ্ড সদস্য, এই সকলোৱেই এই সমষ্টিত হাতীৰ প্ৰতীক বিচাৰিছে ।"
মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ সন্দৰ্ভত তেওঁ কয়, "মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে বৰ্তমানলৈকে আমাৰ লগত কোনোধৰণৰ যোগাযোগ কৰা নাই । তথাপিও তেখতক শুভেচ্ছা জনালোঁ । বন্ধুত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতা কৰিলে যিগৰাকী আমাৰ বিধায়ক আছিল, তেওঁ পুনৰ অৱতীৰ্ণ হ'ব । আমি আশা কৰিছোঁ যে কেন্দ্ৰীয় সমিতিয়ে আমাক নিৰাশ নকৰে । কিয়নো আমি আজীৱন জাতীয়তাবাদী । ৰাজনীতি আমাৰ পেচা নহয়, আমি আঞ্চলিকতাবাদ ভালপাওঁ আৰু দেৰগাঁও অগপৰ দুৰ্গ ।"

উল্লেখযোগ্য যে যদি দেৰগাঁও সমষ্টিত অগপ আৰু বিজেপি দলে নিৰ্বাচনত অৱতীৰ্ণ হয় তেনেহ’লে লাভান্বিত হ'ব নেকি কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী ? সেয়া সময়েহে ক'ব ।

