মোদীৰ পৰা যোগীলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব বিজেপিৰ ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ দল
প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, ৰাষ্ট্ৰীয় সভাপতি, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে অসমত বিজেপিৰ হৈ চলাব প্ৰচাৰ ।

Published : March 22, 2026 at 7:54 AM IST
|Updated : March 22, 2026 at 8:44 AM IST
মঙলদৈ: অসমত বিধানসভা নিৰ্বাচনত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব কেইবাগৰাকীও ষ্টাৰ কেম্পেইনাৰে । ইতিমধ্য়ে এই নিৰ্বাচনী প্ৰচাৰৰ বাবে ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰস্তুত কৰি ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ প্ৰৰণ কৰিছে ৰাজ্য়িক বিজেপিয়ে । এই কথা সদৰী কৰিছে বিজেপিৰ ৰাজ্য়িক সভাপতি দিলীপ শইকীয়াই ।
কোন কোন আহিব প্ৰচাৰৰ বাবে ?
শনিবাৰে আবেলি বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া মঙলদৈ জিলা বিজেপি কাৰ্যালয়ত দৰং জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীসকলকৰ লগতে দলীয় সমৰ্থকসকলক লৈ নিৰ্বাচন সম্পৰ্কে আলোচনা কৰে । ইয়াৰ পিচতেই নিৰ্বাচনী প্ৰচাৰৰ বাবে কোন কোন আহিব এই সম্পৰ্কে সভাপতি শইকীয়াই সাংবাদিকৰ আগত মন্তব্য কৰে ৷
তেওঁ কয়, "অসমত নিৰ্বাচনী প্ৰচাৰৰ বাবে ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা আমি প্ৰস্তুত কৰি ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ প্ৰেৰণ কৰিছোঁ । ইতিমধ্যে এপ্ৰোভেল হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীয়ে অশ্বিনী বৈষ্ণৱ, শিৱৰাজ সিং চৌহান আদিয়ে অংশগ্ৰহণ কৰিব নিৰ্বাচনী প্ৰচাৰ কাৰ্যত ।"
দৰঙত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ এখন সভা আৰু টংলাত গৃহমন্ত্ৰীৰ এখন সভা অনুষ্ঠিত কৰিব বুলি কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰাৰ বিষয়ে সভাপতি শইকীয়াই জানিবলৈ দিয়ে ।
প্ৰতিটো নিৰ্বাচনেই প্ৰত্যাহ্বানমূলক:
এই নিৰ্বাচন কিমান প্ৰত্যাহ্বান হ'ব এই সম্পৰ্কে মন্তব্য কৰি শইকীয়াই কয়, "ৰাজনৈতিক দৃষ্টিকোণেৰে প্ৰতিটো নিৰ্বাচনেই কম-বেছি পৰিমাণে প্ৰত্যাহ্বানমূলক । কোনো নিৰ্বাচনকে ভাৰতীয় জনতা পাৰ্টীয়ে সহজ ভাবে নলয় । বিৰোধী ৰাজনৈতিক দলৰ গতি বিধি আমি তীক্ষ্ণভাৱে পৰ্যবেক্ষণ কৰিম । বিজেপি চৰকাৰৰ যিখিনি জন কল্যাণমূলক কাৰ্যসূচী বা আঁচনি, এই আচঁনিসমূহক আমি ৰাইজৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিম । আঁচনিসমূহ আমি ৰাইজক ৰোমন্থন কৰাই দিম । বিজেপিৰ দিনত কিছুমান ঐতিহাসিক কাম সম্পাদন হৈছে । আগন্তুক দিনত বিজেপিৰ নেতৃত্বত এখন চৰকাৰ আমি গঠন কৰিব পাৰিম ।"

প্ৰগতি অধিক শক্তিশালী কৰিবলৈ আকৌ এবাৰ বিজেপি চৰকাৰৰ আহ্বান:
বিগত সময়ত বিজেপি চৰকাৰে লাভ কৰা সমৰ্থন সন্দৰ্ভত সভাপতি শইকীয়াই কয়, "বিজেপি দলৰ প্ৰতি বা এনডিএৰ প্ৰতি ৰাইজৰ ব্যাপক সমৰ্থন আশা কৰিছো । বিগত সময়ত ডাবল ইঞ্জিনৰ চৰকাৰে নৰেন্দ্ৰ মোদী আৰু ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিমানখিনি কাম অসমখনৰ উন্নয়নৰ কাৰণে কৰিছে, নিশ্চিতভাৱে এই কামখিনি দৃশ্যমান হৈছে । মানুহে আমি কৰা কামৰ প্ৰতি নিশ্চয় সন্তুষ্টি ব্যক্ত কৰিব । এই যিটো প্ৰগতিৰ ধাৰা, তাক অধিক শক্তিশালী কৰিবৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ গঠনৰ বাবে ৰাইজে আশীৰ্বাদ কৰিব । "

ইপিনে, দিছপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ দলীয় নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰা জয়ন্ত দাস সন্দৰ্ভতো মন্তব্য কৰে ৰাজ্যিক সভাপতিগৰাকীয়ে । ৰাজ্যিক সভাপতিগৰাকীয়ে জয়ন্ত দাসক পুনৰ এবাৰ বিবেচনা কৰিবলৈ আহ্বান জনায় ৷
উক্ত কাৰ্যসূচীত ছিপাঝাৰ, মঙলদৈ আৰু দলগাঁও সমষ্টিৰ বিজেপিৰ দলৰ প্ৰাৰ্থী ক্ৰমে পৰমানন্দ ৰাজবংশী, নীলিমা দেৱী আৰু কৃষ্ণা সাহাৰ লগতে জিলা বিজেপিৰ নেতা-কৰ্মীসকল উপস্থিত থাকে ।
লগতে পঢ়ক:নিৰ্দলীয়ভাৱে খেলাৰ কথা ভাবিছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই : দেওবাৰে হ'ব সিদ্ধান্ত

