ETV Bharat / politics

বঢ়মপুৰত জিতু গোস্বামী-ৰাজেন গোঁহাইৰ বিৰুদ্ধে কিদৰে যুঁজ দিব ৰানুমাই টেৰংপীয়ে ?

"ৰাজনৈতিক গুৰু ৰাজেন গোহাঁইৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ ৷ জিতুদা মোৰ জ্যেষ্ঠ ভাতৃ ৷" এই মন্তব্য আপ অসমৰ বঢ়মপুৰ প্ৰাৰ্থী ৰানুমাই টেৰংপীৰ ৷

Ranumai Terangpi
বিজেপিেয়ে যথেষ্ট কাম কৰিলেও,গৰুবাট আজিও গৰুবাট হৈয়ে আছে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 22, 2026 at 2:20 PM IST

3 Min Read
Choose ETV Bharat

বঢ়মপুৰ: ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে মনোনয়ন দাখিল পৰ্ব চলি আছে ৷ সোমবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন ৷ ৰাজ্যৰ ১২৬ টা সমষ্টিৰ ভিতৰত অন্য়তম বঢ়মপুৰ সমষ্টিও ৷ বৰ্তমান বিজেপিৰ দলত থকা সমষ্টিটোত আগন্তুক নিৰ্বাচন অধিক আকৰ্ষণী হৈ পৰিব ৷ কিয়নো দুবাৰৰ বিধায়ক জিতু গোস্বামী আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অজাপৰ ৰাজেন গোহাঁইৰ মাজত তুমুল যুঁজ হোৱাৰ সম্ভাৱনা আছে ৷ তথাপিও সমষ্টিটোত দুই দলৰ নেতাক প্ৰত্যাহ্বান দিবলৈ সাজু হৈছে আপ অসমৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰানুমাই টেৰংপীও ৷

২৩ মাৰ্চত মনোনয়ন দাখিল কৰিব বুলি উল্লেখ কৰি আপ অসমৰ প্ৰক্ষেপিত প্ৰাৰ্থী টেৰংপীয়ে কয়, "মোৰ নিজা ঠাইখন বহু সমস্যাৰে জৰ্জৰিত আৰু এই সমস্যাসমূহ সমাধান কৰা বাবে প্ৰতিদ্বন্দ্বিতা কৰিম ৷ বিজেপিয়ে বঢ়মপুৰ সমষ্টিত বহুখিনি কাম কৰিছে ৷ কিন্তু মোৰ জন্মস্থান কামপুৰৰ গৰুবাট মৌজাৰ বহু সমস্যা আছে ৷ গৰুবাট আজিও গৰুবাটেই হৈ থকিল ৷"

বিজেপিেয়ে যথেষ্ট কাম কৰিলেও,গৰুবাট আজিও গৰুবাট হৈয়ে আছে (ETV Bharat Assam)

বঢ়মপুৰৰ বিজেপিৰ প্ৰাৰ্থী জিতু গোস্বামীৰ ভগ্নী বুলি নিজকে পৰিচয় দি তেওঁ পুনৰ কয়, "নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাতো তাৎক্ষণিকভাৱে লোৱা সিদ্ধান্ত ৷ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পায় আৱেগিক হৈ পৰিছো লগতে ৰাইজৰ পৰা প্ৰেৰণা পাইছো ৷ জিতুদা মোৰ জ্যেষ্ঠ ভাতৃ ৷"

উল্লেখ্য যে, পঞ্চায়ত নিৰ্বাচনত কচুৱা জিলা পৰিষদৰ পৰা জয়ী হৈ নগাঁও জিলা পৰিষদৰ উপ-সভানেত্ৰী পদত অধিষ্ঠিত হৈছিল ৰানুমাই টেৰংপী ৷ এগৰাকী জনজাতীয় মহিলা হিচাপে জনজাতীয়লোকৰ সমস্যাসমূহ সমাধানৰ বাবে কেনেধৰনে পদক্ষেপ ল'ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰানুমাই টেৰংপীয়ে কয়, "ভৈয়ামৰ কাৰ্বিসকল বিভিন্ন সমস্যা সমাধানৰ লক্ষ্যৰে ২০২৬ৰ নিৰ্বাচনত বঢ়মপুৰত প্ৰতিদ্বন্দ্বিতাত নামিছো ৷ সমস্যাসমূহ সদনত উপস্থাপন কৰিবলৈ ৷"

তেওঁ লগতে কয়, "২০১৩ চনত মই কচুৱা জিলা পৰিষদৰ পৰা নিৰ্বাচন খেলি জিকিছো আৰু জিলা পৰিষদৰ ৫ বছৰ উপ-সভাপতি আৰু ভাৰপ্ৰাপ্ত সভাপতি হিচাপে ছমাহ আছো ৷ মই জানো আমাৰ অঞ্চলটোত কি কি সমস্যা আছে ৷ মই আপৰ পৰা নিৰ্বাচন খেলি স্থানীয় সমস্যাসমূহ সমাধান কৰিব পাৰো নেকি সেই আশাৰে মই নিৰ্বাচন খেলিছো ৷"

সমষ্টিটো বিজেপিক পৰাস্ত কৰিবলৈ ৰণকৌশল কেনে হ'ব বুলি সোধা প্ৰশ্নৰ উত্তৰত টেৰংপীয়ে কয়, "বিজেপিয়ে বৰ্তমান ইয়াতে ভাল কাম কৰি আছে আৰু তেওঁলোকে বহুত কাম কৰি থৈছে ৷ জিতু গোস্বামী মোৰ জ্যেষ্ঠ ভাতৃ সেয়ে মই ভণ্টি হিচাপে তেওঁৰ পৰা আৰ্শীবাদ বিচাৰিছো ৷"

আনফালে প্ৰাক্তন সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইয়ে বঢ়মপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্পৰ্কত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত টেংৰপীয়ে কয়, "তেখেত মোৰ গুৰু হয় ৷ ২০১৬ চনত মই তেখেতৰ নেতৃত্বত বিজেপিত যোগ দিছিলো ৷ গুৰু শিষ্য হ’লেও সাংবিধানিক নিয়ম মতে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম ৷"

নগাঁও জিলাৰ কামপুৰ ৰাজহচক্ৰৰ গৰুবাট মৌজাৰ অন্তৰ্গত বানে বিধ্বস্ত কৰা গাৰুখুন্দা অঞ্চলত জন্মগ্ৰহণ কৰা ৰানুমাই টেৰংপীয়ে অঞ্চলটোৰ উন্নয়নৰ বাবে কেনে পদক্ষেপ ল'ব সেই কথা উল্লেখ কৰি কয়, "পূৰ্বৰ ৰহা সমষ্টিৰ আৰু সমষ্টি পুনৰ গঠনৰ পিছত বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত গৰুবাট আজিও গৰুবাট হৈয়ে আছে ৷ বৰ্তমানলৈকে যাতায়তৰ বাবে নাই সূচল পথ ৷ জিলা পৰিষদৰ উপ-সভাপতি হিচাপে থাকোতেও বহুত প্ৰয়াস কৰিছো ৷ কিন্তু অতি কম আৰ্থিক অনুদানৰ বাবে মই সেই কাম কৰিব পৰা নাই ৷ সেই আশা পুহি ৰাখি মই প্ৰতিদ্বন্দিতা কৰিছোঁ, কেৱল সমষ্টিটোৰ লগতে মোৰ গাঁওখনৰ উন্নয়নৰ বাবে ৷"

লগতে পঢ়ক: টিকট বঞ্চিত নন্দিতা গাৰ্লোচাৰ ক্ষোভ প্ৰশমিত কৰিবলৈ ডিমা হাচাওত মুখ্যমন্ত্ৰী