লখিমপুৰত মহিলা ভোটাৰ হ'ব নিৰ্ণায়ক, কি কয় মহিলা ভোটাৰে ?
লখিমপুৰত এইবাৰ লক্ষণীয়ভাৱে বাঢ়িল মহিলা ভোটাৰ । দুটাকৈ সমষ্টিত চেৰ পেলালে পুৰুষ ভোটাৰক । এইবাৰ মহিলা ভোটাৰে কেনে প্ৰভাৱ পেলাব নিৰ্বাচনত ?

Published : March 26, 2026 at 10:30 PM IST
লখিমপুৰ: এতিয়া ৰাজ্যৰ চৌদিশে বাজিছে নিৰ্বাচনী ৰণ দুন্দুভি । নিৰ্বাচনী জ্বৰত আক্ৰান্ত সমগ্র ৰাজ্য । ৰাজনৈতিক দল, প্ৰাৰ্থী, দলীয় কৰ্মীসকলৰ তৰণি নোহোৱা ব্যস্ততা । বিপৰীতে সাজু হৈছে ভোটাৰ ৰাইজ ।
যোৱা পাঁচটা বছৰত চৰকাৰখনে কিমান উন্নয়ন সাধন কৰিলে ? কি কি কৰিবলৈ থাকি গ'ল ? প্ৰতিশ্ৰুতিসমূহ পুৰণ কৰিব পাৰিলেনে ? এনেবোৰ কথা কাণ্ড এতিয়া ভোটাৰৰ মুখে মুখে । সকলোৱে বিগত সময়ৰ উন্নয়নৰ লেখ লৈছে । সেই অনুসৰি সমাগত নিৰ্বাচনত পচন্দৰ প্ৰাৰ্থীক ভোট দিব । লখিমপুৰৰ সৰ্বত্ৰে এতিয়া এনে পৰিৱেশ ।
এনে দৃশ্যপটৰ মাজতে চৰ্চিত হৈছে আন এক প্ৰসংগ । সেইয়া হৈছে এইবাৰ জিলাখনত লক্ষণীয়ভাৱে মহিলা ভোটাৰৰ সংখ্যা বাঢ়িছে । সমাগত নিৰ্বাচনত মহিলা ভোটাৰে নিৰ্ণায়ক ভূমিকা ল'ব পাৰে নেকি বুলিও চৰ্চা চলিছে ।
উল্লেখ্য জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰত এইবাৰ দুটা সমষ্টিত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা অধিক । সেই সমষ্টি দুটাৰ এটা হৈছে ৭৬ নং লখিমপুৰ বিধানসভা সমষ্টি । সমষ্টিটোৰ মুঠ ভোটাৰ হ'ল ১ লাখ ৬৩ হেজাৰ ৫২৬ জন । ইয়াৰে ৮১ হেজাৰ ১২০ জন পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হ'ল ৮২ হেজাৰ ৪০২ গৰাকী । সমষ্টিটোত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা ১ হেজাৰ ২৮২ গৰাকী বেছি ।
তেনেদৰে ৭৩ নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ মঠ ১ লাখ ৬৬ হেজাৰ ৬৪০ গৰাকী ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰ হ'ল ৮২ হেজাৰ ৯৯১ জন । মহিলা ভোটাৰৰ সংখ্যা হ'ল ৮৩ হেজাৰ ৬৪৯ গৰাকী । সমষ্টিটোত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা ৬৪৮ গৰাকী বেছি ।
৭৪ নং ৰঙানদী সমষ্টিত আকৌ পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা মাত্র ৩৩ গৰাকীহে কম । প্ৰায় সমান পুৰুষ মহিলা ভোটাৰৰ সংখ্যা । সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা ১ লাখ ৭৭ হেজাৰ ৩২৪ জন । ইয়াৰে ৮৮ হেজাৰ ৬৭৭ জন পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হ'ল ৮৮ হেজাৰ ৬৪৪ গৰাকী । তেনেদৰে পুৰুষ ভোটাৰতকৈ ৯৭৭ গৰাকী মহিলা ভোটাৰ কম ।
৭৭ নং ঢকুৱাখনা সমষ্টিতো পুৰুষ-মহিলা উভয় ভোটাৰৰ সংখ্যাৰ ব্যৱধান সামান্য । সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা হ'ল ১ লাখ ৬২ হেজাৰ ৭০৩ জন । ইয়াৰে ৮১ হেজাৰ ৮৪০ জন পুৰুষ আৰু ৮০ হেজাৰ ৮৬৩ গৰাকী হ'ল মহিলা ভোটাৰ ।
কেৱল দুই হেজাৰোধিক ব্যৱধান আছে ৭৫ নং নাওবৈচা সমষ্টিত । সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হ'ল ১ লাখ ৭২ হেজাৰ ৮১১ জন । তাৰে ৮৭ হেজাৰ ৬৭১ জন পুৰুষ আৰু ৮৫ হেজাৰ ১৩৮ গৰাকী মহিলা ভোটাৰ । জিলাখনৰ পাঁচটা সমষ্টিৰ ভিতৰত কেৱল এই সমষ্টিটোত মহিলা ভোটাৰৰ সংখ্যা পুৰুষতকৈ দুই হেজাৰোধিক কম । আন কেইটা সমষ্টিৰ দুটাত বেছি আৰু আন দুটাত ব্যৱধান নগণ্য ।
এতিয়া লক্ষণীয় দিশটো হ'ল মহিলা ভোটাৰৰ বেছি হোৱাৰ ফলত সমাগত নিৰ্বাচনত কেনে প্ৰভাৱ পৰিব । মহিলাসকলে কেনেদৰে গ্রহণ কৰিব বিভিন্ন দলৰ প্ৰাৰ্থীসকলক । শাসকীয় বিজেপিৰ মিত্রজোঁটক কিমান সমৰ্থন দিব মহিলা ভোটাৰে । এই সন্দৰ্ভত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা বেছি থকা ৭৬ নং লখিমপুৰ বিধানসভা সমষ্টিৰ একাংশ মহিলাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
লখিমপুৰ সমষ্টিৰ লীলাবাৰীৰ এগৰাকী মহিলাই কয়, "পুৰ্বৰ চৰকাৰৰ তুলনাত এতিয়া তিনি গুণ কাম হৈছে । বিভিন্ন উন্নয়নে সমগ্র ৰাজ্যক সমৃদ্ধ কৰিছে । বিশেষকৈ মহিলা সবলীকৰণ আঁচনিয়ে মহিলাসকলক ঘৰৰ পৰা উলিয়াই আনি স্বাৱলম্বী কৰি তুলিছে । অহা নিৰ্বাচনত আমি মহিলাসকল বিজেপিৰ লগত আছোঁ । আমি সকলোৱে বিজেপিক সমৰ্থন কৰিম ।"
আন এগৰাকীয়ে কয়, "অহা নিৰ্বাচনত মহিলাই ৯০ শতাংশ প্ৰভাৱ পেলাব । কাৰণ এইখন চৰকাৰৰ দিনত মহিলাসকল সকলো দিশতে উপকৃত হৈছে । স্বাৱলম্বী হৈছে মহিলাসকল । নিৰ্বাচনত আমি দলে বলে ওলাই আহিম ।"
অঞ্চলটোৰ আন এগৰাকী মহিলাই কয়, "নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত ভাৰত বৰ্ষত মহিলাসকলক অগ্ৰাধিকাৰ দিয়ে । অসমত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মহিলা সবলীকৰণ অভিযান চলে । অসমত চৰকাৰী বিভিন্ন আঁচনিয়ে মহিলাসকলক শক্তিশালী কৰি তুলিছে । সেয়ে এইবাৰৰ নিৰ্বাচনত ইয়াৰ পূৰ্ণ প্ৰভাৱ পৰিব । মহিলাসকলে বিজেপিক সমৰ্থন দি পুনৰ মহিলাক শক্তিশালী কৰাৰ পথ প্ৰশস্ত কৰিব । আমি সকলো চৰকাৰখনৰ লগত আছোঁ । মহিলাসকল য'ত থাকিব সেই চৰকাৰৰ মান আৰু অধিক ওপৰলৈ যাব ।"
লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাৰ কাৰ্যকলাপক লৈ অত্যন্ত সুখী মহিলাসকল । এগৰাকী মহিলাই কয়, "মানৱ ডেকাৰ দৰে বিধায়ক দ্বিতীয়জন নোলাব । তেওঁ অদ্বিতীয় । লখিমপুৰত এনেকুৱা ঠাই নাই য'ত উন্নয়ন হোৱা নাই । কোনেও তেওঁৰ সমান কাম কৰিব নোৱাৰে । কংগ্রেছ এই সমষ্টিত কোনো কালে নাহে ।"
লক্ষণীয় যোৱা সময়খিনিত সমষ্টিয়ে সমষ্টিয়ে এনেদৰে উন্নয়নৰ লেখ লৈছে ভোটাৰসকলে । চৰকাৰ পৰা ৰাইজ কিমান উপকৃত হ'ল তাৰ হিচাপ-নিকাচ চলিছে । বিশেষকৈ মহিলাসকলৰ ক্ষেত্রত চৰকাৰে লোৱা পদক্ষেপক এনেদৰে মূল্যায়ন কৰিছে একাংশ মহিলা ভোটাৰে । তেওঁলোকৰ মতে সমাগত নিৰ্বাচনত পৰিব ইয়াৰ পূৰ্ণ প্ৰভাৱ । বৃদ্ধি হৈছে মহিলা ভোটাৰৰ সংখ্যা । মহিলা ভোটাৰে এইবাৰ ল'ব নিৰ্ণায়ক ভূমিকা । এইয়া একাংশ মহিলাৰ মনৰ কথা । তেওঁলোকৰ এনে মনোভাৱ কিমান সঁচা হ'ব সেইয়া স্পষ্ট হ'ব ভোটগণনাৰ অন্তিমটো ক্ষণত ।

