কিয় বাধ্য হ’ল কংগ্ৰেছ এৰিবলৈ ? ৰাইজে নজনা বহু কথাই ক’লে প্ৰদ্যুৎ বৰদলৈয়ে
‘‘লাহে লাহে মই দলত এলাগী হ'বলৈ ধৰিলোঁ । সকলোতে মই উপেক্ষিত হ’বলৈ ধৰিলোঁ । সকলো কথাতে সন্দেহৰ বাতাবৰণ হ’বলৈ ধৰিলে ।’’ প্ৰদ্যুৎ বৰদলৈ ৷

Published : March 21, 2026 at 9:00 PM IST
গুৱাহাটী: শেহতীয়াকৈ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি পদত্যাগ কৰা প্ৰদ্যুৎ বৰদলৈয়ে শনিবাৰে গুৱাহাটীত আত্মপক্ষ সমৰ্থন কৰি সংবাদমেল সম্বোধন কৰে । তেওঁ সংবাদমেল সম্বোধন কৰি কয়, ‘‘ধুমুহাৰ গতিত জীৱনে নতুন গতি লৈছে । বহুতো মনে সজা কথা ওলাই আছে । দলীয় অনুশাসন ভংগ কৰি মই কংগ্ৰেছৰ আভ্যন্তৰীণ কথা বাহিৰত কোৱা নাছিলোঁ । বহুত কাহিনী আছে মই বিলাপ কৰিব বিচৰা নাই ।’’
‘‘কংগ্ৰেছ কিয় এৰিলো অসমৰ ৰাইজে জানিব লাগিব সেই বাবে আজি কথাখিনি ক'ব বিচাৰিছো । ১৬ বছৰ বয়সত মই কটন কলেজত পঢ়ি থকাৰ সময়তে NSUI ত যোগদান কৰিছিলোঁ । কংগ্ৰেছৰ কাৰণে মোৰ ব্যক্তিত্ব গঢ়িছোঁ ৷ জৰুৰীকালীন অৱস্থাৰ পিছত ইন্দিৰা গান্ধীক লেই লেই চেই চেই কৰিছিল । জৰুৰীকালীন অৱস্হা উঠাই দিয়াৰ পিছত 1978 চনত অসমলৈ ইন্দিৰা গান্ধী । মই তেতিয়া কটন কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিলোঁ । জজ খেলপথাৰৰ সভাত মই তেওঁক গামোচা পিন্ধাইছিলো । তেতিয়া মোৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আহিছিল ।’’ বৰদলৈয়ে কয় ৷
তেওঁ আৰু কয়, ’’1996 চনত মাৰ্ঘেৰিটাৰ পৰা দলে নিৰ্বাচন খেলাৰ বাবে মোক নিৰ্বাচন কৰিছিল যদিও মই তৰুণ গগৈক হাতে ভৰি ধৰি নিৰ্বাচন খেলিবলৈ দিছিলোঁ । তাৰ পিছত চাৰিবাৰকৈ মই মাৰ্ঘেৰিটাৰ পৰা নিৰ্বাচন জিকি আহিছিলোঁ । কংগ্ৰেছৰ চৰকাৰ গঠনৰ পিছত গৃহ বিভাগৰ দায়িত্ব দিছিল । পৰৱৰ্তী সময়ত শক্তি বিভাগৰ দায়িত্ব দিছিল । মই সদায় অসমৰ প্ৰগতিৰ লগতে শান্তি অনাৰ চেষ্টা চলাই আছিলোঁ ।’’
কিয় বাধ্য হৈছিল কংগ্ৰেছ ত্যাগ কৰিবলৈ ?
কংগ্ৰেছ ত্যাগ সন্দৰ্ভত প্ৰদ্যুৎ বৰদলৈয়ে কয়, ‘‘শশী থাৰুৰ সভাপতি হোৱাৰ বাবেও মই কাম কৰিছিলোঁ । কিন্তু তাৰ পিছত উত্তৰ-পূৰ্বাঞ্চলৰ কংগ্ৰেছ কমিটীৰ তত্বাৱধায়কৰ পৰা আঁতৰাই দিলে । লাহে লাহে মই দলত এলাগী হ'বলৈ ধৰিলোঁ । গৌৰৱ গগৈ সভাপতি হোৱাৰ সময়ত মই কৈছিলোঁ আমি সকলোৱে একেলগে কাম কৰিব লাগে, ২০২৬ চনত চৰকাৰ গঠন কৰিব লাগে । কিন্তু পিছত সকলোতে মই উপেক্ষিত হ’বলৈ ধৰিলোঁ । সকলো কথাতে সন্দেহৰ বাতাবৰণ হ’বলৈ ধৰিলে । পঞ্চায়ত নিৰ্বাচনৰ সময়ত মোৰ দলৰে মানুহেই মোক আক্ৰমণ কৰিলে । এই কথা মই কেন্দ্ৰীয় নেতৃত্বক কোৱাত মোৰ কথাত কোনো গুৰুত্ব নিদিলে । কেন্দ্ৰত মই অভিযোগ দিয়াৰ পিছত ইমৰান মাছুদে মোৰ অভিযোগ মিছা, মনেসজা বুলি ক’লে । তাত উপস্থিত থকা কেন্দ্ৰীয় নেতৃত্বৰ লগতে সভাপতি গৌৰৱ গগৈয়ে মোৰ পক্ষত একো নক’লে । আছিফ নাজাৰৰ কথা মতে মোক উপেক্ষা কৰা হ’ল আৰু যাৰ বাবে মই দল ত্যাগ কৰিবলৈ বাধ্য হ’লো ।’’
তেওঁ লগতে কয়, ‘‘আমি সংসদত যেতিয়া বিজেপি নেতৃত্বক লগ পাওঁ মোৰলৈ বহুতে নিজৰ দললৈ আমন্ত্ৰণ জনাই প্ৰস্তাৱ দিয়ে, সেইবোৰ নস্যাৎ কৰিছিলোঁ । এইবাৰ পদত্যাগ কৰাৰ পিছত মোৰ সৈতে শীৰ্ষ নেতৃত্বই যোগাযোগ কৰে । মই ভাবিলো বিজেপিত যোগদান কৰোঁ । উচ্চ নেতৃত্বৰ ফালৰ পৰা প্ৰস্তাৱ দিলে দিছপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ মই সেই প্ৰস্তাৱ মানি ল’লো । বিজেপিত যোগদান কৰা দুদিন হ'ল বিজেপি দলৰ পৰা যি উষ্ম সঁহাৰি পালোঁ, যি ধৰণে আদৰি লৈছে আৰু মোক আশ্বস্ত কৰিছে । মই বিজেপিলৈ যোৱাৰ পূৰ্বে কোনো চৰ্ত নাছিল । এটা কথা কৈছিলোঁ যাতে আত্মসন্মান বজাই ৰাখি কাম কৰাৰ সুযোগ পাওঁ । তেওঁলোকে আশ্বস্ত কৰিলে মোক সেই সুযোগ দিব বুলি । বিনা দ্বিধাই ক'ব পাৰো অসমখন আগবঢ়াই নিবলৈ সুযোগ পাম । মুখ্যমন্ত্ৰী অসমখন আগবঢ়াই নিবলৈ উপযুক্ত ব্যক্তি । তেওঁৰ সহযোগী হিচাপে কাম কৰিব পোৱাটো ভাল কথা হ'ব ।’’
বৰদলৈয়ে ক্ষোভ প্ৰকাশ কৰি কয়, ‘‘২০২৪ লোকসভা নিৰ্বাচনত নগাঁও আসন খনৰ বাবে কাকূতি মিনতি কৰিব লগীয়া হৈছিল । ৩৫ বছৰৰ পিছত মই ২০১৯ চনত নগাঁও আসনখনৰ পৰা নিৰ্বাচিত হৈছিলোঁ । তাৰ পিছতো সেই আসনখন গৌৰৱ গগৈ, ৰকিবুল হুছেইনে বিচাৰিলে৷ কিন্তু মই হাহাকাৰ কৰিবলগীয়া হ'ল মোক তাত প্ৰাৰ্থিত্ব দিয়ক বুলি । এইটোৱে অন্তৰত এটা ডাঙৰ দুখ দিছে ।’’
তেওঁ লগতে কয়, ‘‘মই ভাষাৰ নামত ধৰ্মৰ নামত ৰাজনীতি কৰা নাই । মুছলমানৰ তুষ্টিকৰণৰ কৰা নাই । সমাজৰ অৱহেলিত লোকসকলক হাতত ধৰি উত্তৰণ ঘটোৱা । বৰ অসমৰ ধাৰণা সদায় ধৰি ৰাখিব বিচাৰো ।’’ ইফালে দিছপুৰ সমষ্টিৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘‘জয়ন্ত দাস , অতুল বৰাই দীৰ্ঘকাল ধৰি দিছপুৰ সমষ্টিত কাম কৰি আহিছে । নিশ্চয় তেওঁলোকৰ মনত দুখ-ক্ষোভ থাকিব । মোক আসন দিয়াত তেওঁলোকে দুখ পাইছে । মই তেওঁলোকৰ মনৰ অৱস্থাটো বুজি পাওঁ । মই সংবেদনশীলতাৰ সৈতে তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ । মোক যাতে ভুল নুবুজে । অসমৰ জনজীৱনক অতি শক্তিশালীভাৱে প্ৰতিফলিত কৰিছে দিছপুৰে । দিছপুৰ হ'ল ক্ষমতাৰ স্নায়ু কেন্দ্ৰ । সকলোবোৰ সচেতন ভোটাৰ । মই ভাবো প্ৰগতিশীল মনৰ মানুহ হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিছোঁ । বিজেপ দলৰ সাংগঠনিক শক্তিৰ ওপৰত ভিত্তি কৰি মানুহৰ ওচৰলৈ যাম ।’’
মীৰা বৰঠাকুৰৰ সন্দৰ্ভত কি ক'লে প্ৰদ্যুৎ বৰদলৈয়ে ?
প্ৰতিদ্বন্দ্বী মীৰা বৰঠাকুৰ সম্পৰ্কে তেওঁ কয় , ‘‘মীৰা বৰঠাকুৰে বিজেপিৰ পিছত আৰ জে ডিৰ হৈ কাম কৰিছিল ৷ তাৰ পিছত কংগ্ৰেছ দলত যোগদান কৰিছিল । তেওঁ কংগ্ৰেছ দলত যোগদান কৰাত মোৰ অলপ ভূমিকা আছিল । ২০২১ চনত তেওঁক প্ৰাৰ্থিত্ব দিয়াত মোৰ ভূমিকা আছিল । তেওঁক মই যোগ্য বুলিয়ে ভাবোঁ । তেওঁ মোৰ প্ৰতিদ্বন্দ্বী হৈছে । তেওঁ মোৰ বিৰুদ্ধে বিষোদগাৰ কৰিবলৈ আৰম্ভ কৰিছে । মই সেইটো কেতিয়াও নকৰোঁ । তেওঁ মোক যিধৰণে আক্ৰমণ কৰিবলৈ ধৰিছে মই তেওঁক কেতিয়াও তেনেকৈ আক্ৰমণ নকৰোঁ । তেওঁৰ প্ৰতি ভাল ধাৰণা আছে । শ্ৰদ্ধাসুলভ মনোভাৱ আছে ।’’
গৌৰৱ গগৈৰ পাকিস্তান লিংক
গৌৰৱ গগৈৰ পাকিস্তানৰ লিংক সন্দৰ্ভত তেওঁ কয়, ‘‘যদি এনেকুৱা কথা প্ৰতিষ্ঠিত হয়, তেতিয়া বেলেগ কথা ৷ কিন্তু তৰুণ গগৈৰ পুত্ৰই তেনে কাম কৰিব পাৰিব বুলি মই নাভাবোঁ ।’’
পুত্ৰ প্ৰতীক বৰদলৈ সন্দৰ্ভত কি ক'লে প্ৰদ্যুৎ বৰদলৈয়ে ?
পুত্ৰৰ ৰাজনৈতিক ভৱিষ্যৎ সন্দৰ্ভত তেওঁ কয় , ‘‘মই যেতিয়া প্ৰথম বিধায়ক আছিলো তেতিয়া, মোৰ পুত্ৰ তিনিবছৰীয়া আছিল । মই বিধায়ক, মন্ত্ৰী হ’লোঁ । তেওঁ ৰাজনৈতিক পৰিয়ালত ডাঙৰ হৈছে । মোৰ পৰিবাৰ আৰু মই ৰাজনৈতিক ক্ষমতাৰ পৰা ল’ৰাজনক আঁতৰত ৰাখিছিলো । মোৰ অফিচিয়েল গাড়ী ব্যৱহাৰ কৰিবলৈ দিয়া নাছিলোঁ । এটা কথা সদায় কৈছিলোঁ নিজৰ ব্যক্তিত্ব বিকাশ কৰাৰ বাবে নিজে কৰিব লাগিব । মই পদত্যাগ কৰাৰ সময়ত প্ৰতীক বৰদলৈক টিকট দিছে কংগ্ৰেছ দলে । মই তাক কৈছিলোঁ মোৰ সিদ্ধান্তই যাতে তোমাক প্ৰভাৱিত নকৰে । তুমি যি সিদ্ধান্ত ল'বা তাকে সন্মান কৰিম । তেওঁ যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তক মই সন্মান কৰিছোঁ ।’’
লগতে পঢ়ক:
মহিলা সৱলীকৰণৰ কথা কোৱা বিজেপিৰ হৈ এইবাৰ যুঁজত নামিছে মাত্ৰ সাতগৰাকী মহিলাহে
ব্যতিক্ৰম ! কংগ্ৰেছৰ আদৰ্শ সদায় আগত, সমৰ্থকে বিচাৰিলেও দল নেৰে ভাস্কৰজ্যোতি বৰুৱাই
আন দললৈ নাযায়, বিজেপিতে থাকিব : সিদ্ধান্ত সলনি নন্দিতা গাৰ্লোচাৰ

