ETV Bharat / politics

চৰকাৰ যি দলৰেই আহক, কাম হ'ব লাগে : মঙলদৈৰ নতুন ভোটাৰৰ মনৰ বতৰা

মঙলদৈ বিধানসভা সমষ্টিত নতুন ভোটাৰ মুঠ ২,৭৭৫ গৰাকী । ই‌য়াৰে পুৰুষ ভোটাৰ ১,৫৪৮ গৰাকীৰ বিপৰীতে মহিলা ভোটাৰ ১,২২৭ গৰাকী ।

Mangaldoi constituency
মঙলদৈৰ নতুন ভোটাৰৰ মনৰ কথা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 26, 2026 at 6:22 PM IST

4 Min Read
Choose ETV Bharat

মঙলদৈ : দৰং জিলাৰ মঙলদৈ সদৰ সমষ্টি । এই সদৰ সমষ্টিত নৱপ্ৰজন্মৰ প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰা মঙলদৈ মহাবিদ্যালয়ৰ কেইগৰাকীমান শিক্ষাৰ্থীৰ মনৰ কথা জানিবৰ কাৰণে চেষ্টা কৰা হৈছিল ।

এই শিক্ষাৰ্থীকেইগৰাকীৰ ভিতৰত প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰা এগৰাকী ছাত্ৰীয়ে কয়, "গণতান্ত্ৰিক দেশ এখনৰ ভোটাৰ হিচাপে মই পৰিচয় লাভ কৰিছোঁ, তাৰ বাবে বহু বেছি উৎসাহী হৈ আছোঁ । আগন্তুক চৰকাৰখনে ৰাইজৰ মাজত থাকি কাম কৰক, ৰাইজে যিখিনি বিচাৰে সেইখিনি কাম কৰক । বৰ্তমানৰ চৰকাৰখনে জনসাধাৰণৰ মাজত থাকি যিখিনি কাম কৰিছে, আমি সকলোৱে দেখিছোঁ । বহু বেছি ভাল কাম কৰিছে । গতিকে হিমন্ত মামাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ।"

মঙলদৈৰ নতুন ভোটাৰৰ মনৰ কথা (ETV Bharat Assam)

তেওঁ লগতে কয়, "তেখেতে অসমৰ কাৰণে বহু বেছি কাম কৰিছে আৰু জনসাধাৰণৰ লগত তেওঁ লাগি থাকে । জনসাধাৰণে যিটো বিচাৰে সেইটো তেওঁ দিয়ে । আগন্তুক যিখন চৰকাৰ আহিব সেইখনেও যাতে জনসাধাৰণৰ হিতৰ কাৰণে কাম কৰে তাকে আশা কৰিছোঁ । মঙলদৈ সমষ্টিৰ ৰাস্তা-ঘাটবোৰ আৰু ভাল হ'লে ভাল লাগিব । আগন্তুক চৰকাৰখনে জুবিনদাক ন্যায় প্ৰদান কৰক, তাকে আশা কৰিম । জুবিনদাৰ লগত আচলতে কি হৈছিল সেইটো অসমৰ জনসাধাৰণক কওক আৰু যদি সঁচাকে এইটো হত্যাকাণ্ড হয় তেনেহ'লে হত্যাকাৰীয়ে উচিত শাস্তি পোৱাটো বিচাৰোঁ ।"

নতুনকৈ ভোটদানৰ সুবিধা লাভ কৰা মঙলদৈ মহাবিদ্যালয়ৰ এজন ছাত্ৰই কয়, "সঁচাই বহু ভাল অনুভৱ হৈছে যে মই প্ৰথমবাৰৰ বাবে ভোট দিবলৈ ওলাইছোঁ । চৰকাৰ গঠনত আমিও অংশগ্ৰহণ কৰিব পাৰিম, সেই কাৰণে বহু ভাল লাগিছে । মই আগন্তুক চৰকাৰখনৰ প্ৰতি এটাই আহ্বান জনাম যে চৰকাৰখনে যেন শিক্ষাৰ ক্ষেত্ৰত আৰু কাম কৰে । বহু কৰিছে যদিও আৰু কৰিবলগীয়া আছে । স্বাস্থ্যৰ ক্ষেত্ৰতো বহু কৰিছে যদিও আৰু কাম কৰিবলগা আছে । সকলোফালে উন্নতি হ'ব লাগে ।"

তেওঁ লগতে কয়, "আমাৰ মঙলদৈ মহাবিদ্যালয়ৰ বহু উন্নয়ন হৈছে । ইয়াত দৰং, ওদালগুৰি জিলাৰ বহু শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰে । মঙলদৈত স্কিল ইউনিভাৰ্ছিটী হৈছে, মেডিকেল কলেজ হৈছে । এখন ইঞ্জিনীয়াৰিং কলেজৰ অভাৱ আছে । লগতে মঙলদৈত ৰে'ল লাইনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগন্তুক চৰকাৰক আহ্বান জনালোঁ ।"

আন এগৰাকী নতুন প্ৰজন্মৰ ছাত্ৰই মন্তব্য কৰে, "মই প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিম । মই প্ৰথমবাৰ ভোট প্ৰদান কৰি এইটোৱে ক'ম যে চৰকাৰ যি দলৰেই আহক, কাম হ'ব লাগে । শিক্ষাৰ ক্ষেত্ৰত ভাল কাম হ'ব লাগে । ৰাস্তা-ঘাটৰ আৰু উন্নয়ন হ'ব লাগে । বৰ্তমান চৰকাৰে ভাল কামেই কৰি আছে । পৰৱৰ্তী চৰকাৰ দিনত আৰু ভাল কাম কৰক ।"

তেওঁ লগতে কয়, "এইখন চৰকাৰে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক নিযুত মইনা আঁচনি দিছে, চাইকেল দিছে, মটৰচাইকেল, স্কুটি দিছে, ভাল কাম কৰিছে । নিযুত মইনা আঁচনিৰ জৰিয়তে আমাৰ মাহিলি খৰচ চলি যায় । পৰৱৰ্তী সময়ত আৰু উন্নয়ন আমি বিচাৰিছোঁ।"

Mangaldoi constituency
মঙলদৈ সমষ্টিৰ ভোটাৰৰ পৰিসংখ্যা (ETV Bharat Assam graphics)

উল্লেখ্য যে নিৰ্বাচন আয়োগৰ ২৩ মাৰ্চ, ২০২৬ তাৰিখৰ তথ্য মতে দৰং জিলাত মুঠ ভোটাৰ ৭,২২,১৮৫ গৰাকী । ইয়াৰ পুৰুষ ভোটাৰ ৩,৬৫,৯৪১ গৰাকীৰ বিপৰীতে মহিলা ভোটাৰ ৩,৫৬,২২৪ গৰাকী । আনহাতে, তৃতীয় লিংগৰ ভোটাৰ ১৬ গৰাকী ।

একেদৰে ৫০ নং মঙলদৈ সমষ্টিৰ বৰ্তমান মুঠ ভোটাৰ ২,০১,৭৩২ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ১,০১,৭৪০ গৰাকীৰ বিপৰীতে মহিলা ভোটাৰ ৯৯,৯৮৯ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ৩ গৰাকী ।

নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য মতে, জিলাখনত ১৮-১৯ বছৰীয়া মুঠ ভোটাৰ ১০,৮৮০ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ৫,৯৭৮ গৰাকীৰ বিপৰীতে মহিলা ভোটাৰ ৪,৯০২ গৰাকী । ৫০ নং মঙলদৈ বিধানসভা সমষ্টিত নতুন ভোটাৰ মুঠ ২,৭৭৫ গৰাকী । ই‌য়াৰে পুৰুষ ভোটাৰ ১,৫৪৮ গৰাকীৰ বিপৰীতে মহিলা ভোটাৰ ১,২২৭ গৰাকী ।

নৱপ্ৰজন্মৰ এইসকল ভোটাৰে চৰকাৰ গঠনত নিশ্চয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । আগন্তুক ৪ মে' তাৰিখে জানিব পৰা যাব এই নৱপ্ৰজন্মৰ ভোটাৰসকলে কিদৰে চৰকাৰ গঠনত অৰিহণা যোগায় ।

লগতে পঢ়ক :অসমৰ প্ৰকৃত উন্নয়ন, বিকাশৰ বাবে কাম কৰা চৰকাৰ হওক দিছপুৰত : নতুন ভোটাৰৰ আশা
লগতে পঢ়ক :মই মানুহৰ বাবে মানুহৰ মাজত থাকি তেওঁলোকৰ সমস্যাৰ বুজ লৈ কাম কৰিবলৈ আহিছোঁ : কুংকি চৌধুৰী