ভোট দিবলৈ গৈ ঘূৰি নাহিল কমল-দুলাল : ই-ৰিক্সা আৰু ট্ৰাকৰ সংঘৰ্ষই কাঢ়িলে প্ৰাণ
ভোটদানৰ পিছত ই-ৰিক্সাৰে গৈ থকা অৱস্থাত এখন ট্ৰাকৰ লগত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে মৃত্যু ঘটে কামপুৰ গুইমাৰীৰ কমল ডেকা(৫৫) আৰু দুলাল নাথ(৫০) ৰ ।

Published : April 9, 2026 at 7:20 PM IST
বঢ়মপুৰ: ৰাজ্যৰ চৌদিশে নিৰ্বাচনকেন্দ্ৰিক ব্যস্ততা ৷ সকলোৱে পুৱাৰে পৰা নিজৰ নিজৰ গণতান্দ্ৰিক অধিকাৰ সাব্যস্ত কৰাত ব্যস্ত হৈ আছে ৷ সুস্থ গণতন্দ্ৰৰ স্বাৰ্থত ভোট দিবলৈ বৃহস্পতিবাৰে পুৱা ঘৰৰ পৰা ওলাই আহিছিল কমল আৰু দুলাল ৷ দুয়োগৰাকীয়ে যথাসময়ত গৈ ভোটকেন্দ্ৰ পালে আৰু নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোটদানো কৰিলে ৷
পিছে ভোটদান কৰি দুয়ো আহি ঘৰ নাপালে ৷ আদবাটতে সংঘটিত এক পথ দুৰ্ঘটনাত কমল আৰু দুলালে প্ৰাণ হেৰুৱালে ৷ এই ঘটনা সংঘটিত হৈছে ৰহা সমষ্টিৰ কামপুৰ থানাৰ অন্তৰ্গত কামপুৰ-ৰহা পথত ৷ ভোটদানৰ পিছত ঘৰলৈ বুলি ই-ৰিক্সাৰে গৈ থকা অৱস্থাত এখন ট্ৰাকৰ লগত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে মৃত্যু ঘটে কামপুৰ গুইমাৰীৰ কমল ডেকা(৫৫) আৰু দুলাল নাথ(৫০) ৰ ।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ততাতৈয়াকে দুয়োগৰাকী ব্যক্তিকে কামপুৰ গ্ৰাম্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে । দুৰ্ঘটনাটো সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ এএছ ০১ এনচি ২৭৪৭ আৰু ই-ৰিক্সাখনৰ নম্বৰ এএছ ০২ ইআৰ ৮৪৪৯ বুলি জানিব পৰা গৈছে ।
চকুৰ সন্মুখতে সংঘটিত দুৰ্ঘটনাটোৰ বিষয়ে মিণ্টু লস্কৰ নামৰ লোকজনে এনেদৰে কয়, ‘‘লোক দুজনে ভোট দি গৈ থকা অৱস্থাত কামপুৰৰ দিশৰ পৰা এখন ট্ৰাক আহিল । ট্ৰাকখনে টমটমখনত হেঁচা মাৰি ধৰাত দুয়োজন তলত সোমাই যায় আৰু থিতাতে মৃত্যু হয় । তাৰ পিছত কামপুৰ চিভিললৈ নিয়া হ'ল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।’’
ভোটগ্ৰহণৰ দিনটোত সংঘটিত এনে খবৰে সকলোকে দুখত ম্ৰিয়মান কৰি তোলে ৷
ৰহাৰ নিৰ্বাচনী প্ৰেক্ষাপট
৬১ নং ৰহা সমষ্টিত শান্তিপূৰ্ণভাৱে ভোটদান সম্পন্ন হয় ৷ অৱশ্যে সমষ্টিটোৰ বগলাজান পঞ্চায়তৰ গুইমাৰীত ভোট দি ঘূৰি যোৱাৰ পৰত দুৰ্ঘটনাত পতিত হৈ দুজনকৈ লোকে প্ৰাণ হেৰুওৱাত শোকৰ ছাঁ পৰে ।
বৃহস্পতিবাৰে পুৱা বিজেপিৰ নিৰ্বাচনী প্ৰাৰ্থী শশীকান্ত দাসে ২৫০ নং পূব শালমৰা এলপি স্কুলত ভোটাধিকাৰ সাব্যস্ত কৰে । বিজেপিৰ প্ৰাৰ্থী দাসে ভোটাধিকাৰ সাব্যস্ত কৰি কয়, ‘‘অত্যন্ত সৌভাগ্য অনুভৱ কৰিছো । বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰত । আমাৰ দেশত গণতান্ত্ৰিক পৰম্পৰাৰে নিৰ্বাচন অনুষ্ঠিত হৈছে ৷ বৰ্তমান আমাৰ অসমতো বিধানসভা নিৰ্বাচন ২০২৬ ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে । এই নিৰ্বাচনত মই মোৰ নিজৰ বুথত আহি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছো আৰু সমূহ অসমবাসী ৰাইজৰ লগতে ৰহা সমষ্টিৰ ভোটাৰ ৰাইজক এক শক্তিশালী গণতান্ত্ৰিক ব্যৱস্থাৰে ৰাজ্যখনৰ আৰ্থ-সামাজিক উন্নয়ন আৰু বিকাশৰ বাবে আজিৰ দিনটোত ভোটদানৰ এই কাৰ্যসূচীত নিজকে সমৰ্পিত মনোভাৱৰে ওলাই আহিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছো ।’’
এমাহজোৰা কষ্টৰ পিছত কি পৰিকল্পনা লৈছে বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিধায়কজনে কয়, ‘‘নিৰ্বাচনৰ দিন যেতিয়া ঘোষণা হৈছিল, তেতিয়া অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়ন আৰু বিকাশৰ যি জয়যাত্ৰা আৰম্ভ হৈছিল, তাৰ বাৰ্তা আমি প্ৰতিটো বুথত আৰু প্ৰতিঘৰ মানুহৰ ওচৰলৈ লৈ যোৱাৰ চেষ্টা কৰিছিলো । মই নিশ্চিত যে ৬১ নং ৰহা সমষ্টিত আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়ন আৰু বিকাশৰ এই যাত্ৰাই আগন্তুক সময়ত সফলতাৰে নিৰ্বাচনৰ ফলাফল লাভ কৰাত সহায় কৰিব ৷ নিশ্চিতভাৱে ৰহা সমষ্টিত আমি বিজেপি আৰু মিত্ৰদল অসম গণ পৰিষদে নিৰকুংশ সংখ্যাগৰিষ্ঠতাৰে বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হ’ম । নিশ্চিতভাৱে ২০২৬ চনত অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাতো নিশ্চিত হৈছে আৰু এয়া জাতিৰ আহ্বান আৰু সময়ৰ আহ্বান ।’’
উল্লেখ্য যে, ৬১ নং ৰহা সমষ্টিৰ মূল নিৰ্বাচনী যুঁজখন বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী শশীকান্ত দাস আৰু বিৰোধী ঐক্যমঞ্চৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী উৎপল বণিয়াৰ মাজতে হ’ব বুলি ৰাইজে ধাৰণা কৰিছে ৷ সন্ধিয়া পাঁচ বজাত ভোটগ্ৰহণৰ সামৰণি পৰে ৷
লগতে পঢ়ক: পৱন খেড়া ‘পলৰীয়া’ : ভোট দি উঠিয়েই ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

