ETV Bharat / politics

নিৰ্বাচনী সমীকৰণ পৰিৱৰ্তনৰ সম্ভাৱনা, ঢেকীয়াজুলিত ৩ প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ

প্ৰাৰ্থীসকলে নিৰ্বাচনী বিধি অনুসৰি ফৰ্ম ৫ দাখিল কৰাৰ পিছত নিজৰ নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

ASSAM ASSEMBLY ELECTION 2026
প্ৰতীকী ফটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 26, 2026 at 10:09 PM IST

4 Min Read
Choose ETV Bharat

তেজপুৰ: সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৬৫ নং ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা গৈছে । সমষ্টিটোৰ তিনিজন বৈধভাৱে মনোনীত প্ৰাৰ্থীয়ে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে ।

ৰিটাৰ্ণিং অফিচাৰৰ কাৰ্যালয়ে জাৰি কৰা ফৰ্ম ৬ অনুসৰি, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা ব্যক্তিসকল হৈছে ক্ৰমে আছৰব আলী, গাম্বাৰু মুছাহাৰী আৰু ৰশিদ আলী ৷ জাননী অনুসৰি, তেওঁলোকে নিৰ্বাচনী বিধি অনুসৰি ফৰ্ম ৫ দাখিল কৰাৰ পিছত নিজৰ নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

ASSAM ASSEMBLY ELECTION 2026
ঢেকীয়াজুলিত ৩ প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ (Office of the returning officer Sonitpur)

নিয়ম অনুসৰি সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছতে এই প্ৰত্যাহাৰ গৃহীত কৰা হয় বুলি ৰিটাৰ্ণিং অফিচাৰে স্পষ্ট কৰে । বিষয়াগৰাকীয়ে কয় যে নিৰ্বাচনী প্ৰক্ৰিয়া স্বচ্ছ আৰু বিধি-নিয়ম অনুসৰি আগবাঢ়ি আছে ।

ইফালে, এই প্ৰত্যাহাৰৰ ফলত ঢেকীয়াজুলি সমষ্টিত ৰাজনৈতিক সমীকৰণত লক্ষণীয় পৰিৱৰ্তন ঘটাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । নিৰ্বাচনী ৰণতৰণি এতিয়া অধিক কেন্দ্ৰীভূত হ’ব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে ৷ ঢেকীয়াজুলিত ১০ গৰাকী আৰু বৰছলাত ৮ গৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল ।

৬৫ নং ঢেকীয়াজুলি বিধানসভা সমষ্টি

এই সমষ্টিত মুঠ ১০ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে ৷ যাৰ ফলত এক অত্যন্ত ৰোমাঞ্চকৰ আৰু বহুকোণীয়া যুঁজ দেখা পোৱা যাব ৷ প্ৰাৰ্থীসকলৰ ভিতৰত মুখ্য যুঁজখন অশোক সিংহল(ভাৰতীয় জনতা পাৰ্টী) আৰু বাতাচ ওৰাং(ভাৰতীয় জাতীয় কংগ্ৰেছ) ৰ মাজত হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ লগতে ৰণজয় বসুমতাৰী(ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্বনেল) য়ে প্ৰতিদ্বন্দ্বিতাত কৰিব ৷ স্বতন্ত্ৰ প্ৰাৰ্থী হিচাপে আনছুমা বসুমতাৰী, আছৰব আলী, গাম্বাৰু মুছাহাৰী, ছামছুল হক, টাৰচিয়াছ তপ্ন’, ৰশিদ আলী আৰু লাডিলাছ ইন্দৱাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।

ASSAM ASSEMBLY ELECTION 2026
সমৰ্থকৰ সৈতে ৬৫ নং ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অশোক সিংহল (ETV Bharat Assam)

ইমানসংখ্যক স্বতন্ত্ৰ প্ৰাৰ্থীৰ উপস্থিতিয়ে ভোট বিভাজনত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে বুলি ধাৰণা কৰা হৈছে । ইয়াৰ ভিতৰত আছৰব আলী, গাম্বাৰু মুছাহাৰী আৰু ৰশিদ আলীয়ে বৃহস্পতিবাৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে ৷ যাৰ ফলত সমষ্টিটোত ৭ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত নমাটো প্ৰকট হৈ পৰিছে ৷

৬৬ নং বৰছলা বিধানসভা সমষ্টি

বৰছলা সমষ্টিত এইবাৰ ৮ জন প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা অনুষ্ঠিত হ’ব ৷ প্ৰকাশিত তালিকা অনুসৰি, ভাৰতীয় জনতা পাৰ্টীৰ পৰা ঋতুবৰণ শর্মাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলৰ পৰা বাবুৰাম বসুমতাৰীয়ে ট্ৰেক্টৰৰ চিহ্ন লাভ কৰি নিৰ্বাচনত এঘড়ী যুঁজ দিবলৈ নামিছে ।

ASSAM ASSEMBLY ELECTION 2026
ঋতুবৰণ শৰ্মাৰ মনোনয় দাখিলৰ সময়ৰ ফটো (ETV Bharat Assam)

আনহাতে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে ৰিপুণ বৰাই হাতৰ চিহ্ন লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে । সমান্তৰালকৈ ঝাৰখণ্ড মুক্তি মৰ্চাৰ পৰা আবুল মাজানে ধনু-কাঁড়, সমাজবাদী ঐক্য কেন্দ্ৰ(কমিউনিষ্ট)ৰ পৰা চম্পা কুৰ্মীয়ে বেটাৰী-টৰ্চ চিহ্ন, গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী জাছুৱা বাৰ্জোৱে, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্বনেলৰ পৰা মহেন্দ্ৰ ওৰাঙে গেছ চিলিণ্ডাৰ, ৰোড ৰ’লাৰ আৰু কঁঠালৰ ভিতৰত চিহ্ন বাচি লৈছে । লগতে, নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোজ বৰাই টেলিভিছন, কম্পিউটাৰ আৰু চি চি টিভি কেমেৰাৰ দৰে চিহ্নসমূহৰ ভিতৰত পছন্দ প্ৰকাশ কৰিছে ।

ASSAM ASSEMBLY ELECTION 2026
মনোনয়ন দাখিলৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰিপুণ বৰা (ETV Bharat Assam)

৬৭ নং তেজপুৰ বিধানসভা সমষ্টি

সমষ্টিটোৰ প্ৰাৰ্থীসকল হৈছে ক্ৰমে - নয়নমণি চৌধুৰী(ছ’চিয়েলিষ্ট ইউনিটি চেণ্টাৰ অৱ ইণ্ডিয়া - কমিউনিষ্ট), পৃথ্বিৰাজ ৰাভা(অসম গণ পৰিষদ), পল্লৱী শইকীয়া(নিৰ্দলীয়) আৰু আলোক নাথ(ৰাইজৰ দল) । কমসংখ্যক প্ৰাৰ্থী থকাৰ ফলত এই সমষ্টিত প্ৰতিযোগিতা অধিক কেন্দ্ৰিত আৰু কৌশলগত হ’ব বুলি ধাৰণা কৰা হৈছে ।

ASSAM ASSEMBLY ELECTION 2026
মনোনয়নৰ সময়ত ৬৭ নং তেজপুৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী পল্লবী শইকীয়া (ETV Bharat Assam)

৬৮ নং ৰঙাপাৰা বিধানসভা সমষ্টি

ৰঙাপৰাত এইবাৰ ৫ জন প্ৰাৰ্থীৰ মাজত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা অনুষ্ঠিত হ’ব । তাৰ ভিতৰত কৃষ্ণকমল তাঁতি(ভাৰতীয় জনতা পাৰ্টী) আৰু কাৰ্তিক চন্দ্ৰ কুৰ্মী(ভাৰতীয় জাতীয় কংগ্ৰেছ) ৰ মাজত মূল যুঁজ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

ইয়াৰ লগতে আছে মহেন্দ্ৰ ওৰাং(ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্বনেল), মেথিউ তপ্ন’(ঝাৰখণ্ড মুক্তি মৰ্চা) আৰু গিৰিন্দ্ৰ কুমাৰ ভূঞা(নিৰ্দলীয়) । এই সমষ্টিতো জাতীয় আৰু আঞ্চলিক ৰাজনীতিৰ মিশ্ৰ প্ৰভাৱ দেখা যাব ।

৬৯ নং নদুৱাৰ বিধানসভা সমষ্টি

ASSAM ASSEMBLY ELECTION 2026
মনোনয়ন দাখিলৰ সময়ত ৬৯ নং নদুৱাৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকা (ETV Bharat Assam)

নদুৱাৰত এইবাৰ একেবাৰে দুইকোণীয়া যুঁজ দেখা যাব । সমষ্টিটোৰ মূল যুঁজ পদ্ম হাজৰিকা(ভাৰতীয় জনতা পাৰ্টী) আৰু সুনীল কুমাৰ ছেত্ৰী(ভাৰতীয় জাতীয় কংগ্ৰেছ)ৰ মাজত অনুষ্ঠিত হ’ব । এই সমষ্টিটো জিলাখনৰ ভিতৰতে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷

লগতে পঢ়ক: ৩৪নং ডিমৰীয়া সমষ্টিত কংগ্ৰেছৰ নতুন মুখ: খিলঞ্জীয়াৰ হকে যুঁজ দিয়াৰ সংকল্প কিশোৰ কুমাৰ বৰুৱাৰ