প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰত উথপথপ পৰিৱেশ ৰাজীৱ ভৱনত
২০০০ আৱেদন পত্ৰ ডাউনলোড ৷ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰে ভৰি পৰিছে ৰাজীৱ ভৱন ।

Published : January 19, 2026 at 6:51 PM IST
গুৱাহাটী : গুৱাহাটীৰ ৰাজীৱ ভৱনত বিৰাজ কৰিছে উথপথপ পৰিৱেশ । কংগ্ৰেছৰ এই ৰাজ্যিক কাৰ্যালয়টোলৈ ৰাহুল গান্ধী অথবা মল্লিকাৰ্জুন খাৰ্গে অহা নাই, যাৰ বাবে এনে এক পৰিৱেশৰ সৃষ্টি হৈছে ৷ আয়োজন কৰা হোৱা নাই দলৰ কোনো বিশেষ অনুষ্ঠান । তথাপি দেওবাৰৰ পৰা ৰাজীৱ ভৱনলৈ বৈ আছে দলীয় নেতা-কৰ্মীৰ সোঁত । ইয়াৰ কাৰণ আছে ৷
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিমাহ । যদিও এই নিৰ্বাচনৰ বাবে এতিয়াও তাৰিখ ঘোষণা কৰা হোৱা নাই তথাপি প্ৰতিটো দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে চলাইছে প্ৰচাৰ অভিযান । নিজৰ টিকট নিশ্চিত কৰিবলৈ সকলো প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ভিৰ কৰিছে প্ৰতিটো দলৰ কাৰ্যালয়ত । ব্য়তিক্ৰম নহয় কংগ্ৰেছ দলো । সেয়েহে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰে ভৰি পৰিছে ৰাজীৱ ভৱন ।
দেওবাৰৰ পৰা ৰাজীৱ ভৱনত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে শ শ সমৰ্থকক লগত লৈ ৰাজীৱ ভৱনত 'কংগ্ৰেছ জিন্দাবাদ', 'ৰাহুল গান্ধী জিন্দাবাদ','মল্লিকাৰ্জুন খাৰ্গে জিন্দাবাদ', 'গৌৰৱ গগৈ জিন্দাবাদ' ধ্বনি দিছে । চামগুৰিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তানজিল হুছেইন, বৰ্তমানৰ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাকে ধৰি কেইবাগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে নিজা নিজা সমৰ্থকক লগত লৈ আৱেদন জমা দিয়ে ।
আৱেদন জনাই শিৱামণি বৰাই সংবাদ মাধ্যমৰ আগত কয়,"২০২৬ৰ নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব । প্ৰত্যাহ্বান একো নাই । বিজেপিৰ যিখিনি জনবিৰোধী নীতি আমি সময়ত ফাদিল কৰিম । সেইখিনিয়ে আমাৰ ইচ্ছ্য়ু হ'ব । এটা সমষ্টিত যিকোনো এজনে টিকট পালে আমি সহায় কৰিম । আমি কংগ্ৰেছ কৰ্মী হিচাপে বিজেপি চৰকাৰক পৰাভূত কৰিবলৈ সকলোৱে একত্ৰিত হৈ আগবাঢ়ি যাম ।"
চামগুৰি বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তানজিল হুছেইনে কয়, "কংগ্ৰেছ নেতৃত্বই গণতান্ত্ৰিকভাৱে আৱেদন প্ৰক্ৰিয়া কৰিছে । ইয়াৰ পিছত টিকট কি কৰিব কি নকৰিব তেওঁলোকে সিদ্ধান্ত ল'ব । এইবাৰ কেৱল ময়েই নহয়, চামগুৰি বিধানসভা সমষ্টিৰ সকলো নিশ্চিত যে কংগ্ৰেছ ইতিমধ্যে জিকি গৈছে । উপ-নিৰ্বাচনত বিজেপিয়ে চামগুৰি সমষ্টিত ডকাইতি কৰিছিল । মই নিজে প্ৰাৰ্থী আছিলো । ৩৩ টা কেন্দ্ৰত যিদৰে টেম্পাৰিং কৰিছিল, ডকাইতি কৰি লৈ গৈছিল । এইটো এটা ডকাইতি কৰা পাৰ্টী ।"
উজনি অসম, নামনি অসমৰ কেইবাটাও সমষ্টিৰ পৰা কেবাজনো আৱেদনকাৰীয়ে শ শ সমৰ্থকক লৈ সমদল কৰি আৱেদন প্ৰ-পত্ৰ জমা দিয়ে । উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ৱেবছাইট apcc.assam.org যোগে প্ৰায় ২০০০ আৱেদন পত্ৰ ডাউনলোড হৈছে আৰু আজিৰ দিনটোত প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আৱেদন দাখিল কৰিছে । ইপিনে, দেওবাৰে ৭১গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আৱেদন দাখিল কৰে । আবেদনৰ লগত প্ৰতিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ পুঁজিলৈ ৫০ হাজাৰকৈ টকাৰ ডিমাণ্ড ড্ৰাফট জমা হৈছে । এই প্ৰক্ৰিয়া ২০ জানুৱাৰীলৈকে অব্যাহত থাকিব ।

