অসম বিধানসভা নিৰ্বাচন : চৰ্চাত নিৰ্বাচনত অৱতীৰ্ণ কেইবাগৰাকীও টিকট বঞ্চিত প্ৰাৰ্থী
নিৰ্বাচনৰ পূৰ্বে চৰ্চা লাভ কৰা প্ৰাৰ্থীসকলৰ মাজত আছে নৱপ্ৰজন্মৰ কেইবাগৰাকীও শিক্ষিত প্ৰাৰ্থী ৷

Published : March 26, 2026 at 11:35 PM IST
গুৱাহাটী: বিধানসভা নিৰ্বাচনলৈ মাজত মাত্র ১৩ দিন বাকী । ৰাজ্যজুৰি নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ পৰিছে । ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে দিন-ৰাতি একাকাৰ কৰি চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ । ৰাজ্যৰ আকাশে-বতাহে এতিয়া কেৱল নিৰ্বাচনী গান ।
ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ বাবে সকলোৰে মাজত চলিছে অঘোষিত প্ৰতিযোগিতা । তাৰে মাজতে চৰ্চাত আছে কিছুসংখ্যক প্ৰাৰ্থী । বিশেষকৈ টিকট বঞ্চিত হৈ আন দলত যোগদান কৰি নাইবা নিৰ্দলীয়ভাৱে অৱতীৰ্ণ হোৱা একাংশ প্ৰাৰ্থী । যিসকল প্ৰাৰ্থী সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে আন দলীয় প্ৰাৰ্থীসকলৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰিছে । অৱশ্যে কেৱল প্ৰাৰ্থিত্বৰ বাবে দল ত্যাগ কৰা এনে চৰ্চিত প্ৰাৰ্থীসকলক ৰাইজে কিদৰে গ্ৰহণ কৰে, সেয়া নিৰ্বাচনী ফলাফলতহে জানিব পৰা যাব ।
এইক্ষেত্রত অন্যতম এগৰাকী চৰ্চিত প্ৰাৰ্থী হৈছে নন্দিতা গাৰ্লোছা । অসম মন্ত্ৰীসভাৰ সদস্য নন্দিতা গাৰ্লোছাক বিজেপিয়ে দলীয় প্রার্থিত্বৰ পৰা বঞ্চিত কৰাত তেওঁ নিশাটোৰ ভিতৰতে দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিছিল আৰু হাফলং সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰিছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুজনিৰ পাছতো কেবিনেট মন্ত্রীগৰাকীয়ে দল ত্যাগ কৰি কংগ্ৰেছৰ আশ্ৰয়লৈ যায় । সেইদৰে বিজেপিৰ দলৰ আন এগৰাকী জ্যেষ্ঠ নেতা জয়ন্ত কুমাৰ দাসে এইবাৰো টিকট নাপালে । দিছপুৰ সমষ্টিৰ তেওঁ বিজেপিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল । কিন্তু দলে টিকট নিদিয়াত জয়ন্ত কুমাৰ দাসে বিজেপি ত্যাগ কৰাৰ লগতে দিছপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

ইফালে মিত্ৰদলক এৰি দিয়াৰ ফলত টিকট নাপাই বঙাইগাঁও সমষ্টিত চক্ৰধৰ দাসে আৰু অভয়াপুৰী সমষ্টিত সঞ্জয় ৰয়ে বিজেপি এৰি নিৰ্দলীয় প্ৰাৰ্থীৰূপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে । অৱশ্যে বৃহস্পতিবাৰে সঞ্জয় ৰায়ে মনোনয়ন প্ৰত্যাহাৰ কৰে । ইফালে তিতাবৰ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ভাস্কৰ বৰুৱাই এইবাৰ প্রার্থিত্ব লাভৰ পৰা বঞ্চিত হ'ল । কংগ্ৰেছে টিকট নিদিয়াত তেওঁ সমষ্টিটোৰ পৰা নিৰ্দলীয় প্রার্থী হিচাপে অৱতীৰ্ণ হৈছে । সেইদৰে অসামৰিক সেৱাৰ চাকৰি বাদ দি কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে সক্রিয় হৈ কাম কৰা পল্লৱী শইকীয়াই তেজপুৰ সমষ্টি মিত্ৰদলক এৰি দিয়াত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে ।
আনহাতে ৰঙানদী সমষ্টি মিত্রদল বিজেপিক এৰি দিয়াত অগপ ত্যাগ কৰিছিল জয়ন্ত খাউণ্ডে । জয়ন্ত খাউণ্ডে কংগ্ৰেছত যোগ দি প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে । সেইদৰে ধেমাজিত নৰেন্দ্ৰ নাথ পাৱে অসম জাতীয় পৰিষদ এৰি তৃণমূল কংগ্ৰেছৰ হৈ নিৰ্বাচনী যুঁজত নামিছে । আনহাতে বাওখুংগ্ৰীত বিজেপিৰ ৰাজীৱ কুমাৰ ব্ৰহ্মই নিৰ্দলীয় প্রার্থী হিচাপে যুঁজ দিবলৈ সাজু হৈছে । সেইদৰে কলিয়াবৰ সমষ্টিত জিতেন গৌড়, বিলাসীপাৰাত ৰমেশ ৰয়, বৰপেটাত উদ্ধৱ দাসে বিজেপি এৰি নিৰ্দলীয় প্রার্থী হিচাপে অৱতীৰ্ণ হৈছে ।
এইক্ষেত্রত চৰ্চিত আন এটা নাম হৈছে প্ৰদ্যুৎ বৰদলৈ । কংগ্ৰেছ দল ত্যাগ কৰাৰ এদিন পাছতে বিজেপিত যোগদান কৰা জ্যেষ্ঠ নেতাগৰাকীক এদিন পাছতে বিজেপিয়ে দিছপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰে । সমষ্টিটোত আছে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী আৰু নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ দাস ।
চৰ্চাত যুৱপ্ৰজন্মৰ উচ্চশিক্ষিত প্ৰাৰ্থী
ইফালে এইবাৰৰ নিৰ্বাচনত বিশেষভাৱে চৰ্চাত আছে যুৱপ্ৰজন্মৰ কেইবাগৰাকী প্ৰাৰ্থী । পৰিয়ালবাদৰ বিপৰীতে যুৱ প্ৰজন্মৰ এই প্ৰাৰ্থীসকলে নিজৰ দক্ষতা আৰু সক্ৰিয়তাৰ জৰিয়তে অসমৰ ৰাজনীতিত প্ৰৱেশ কৰি চৰ্চালৈ আহিছে । উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ পাছতো তেওঁলোকে ৰাজনীতিৰ পথ বাচি লৈছে । যাৰ বাবে তেওঁলোক বিশেষভাৱে চৰ্চালৈ আহিছে । এইক্ষেত্রত চৰ্চাত আছে ড৹ জ্ঞানশ্ৰী বৰা । কিছুদিনৰ পূৰ্বে তেওঁ মহাবিদ্যালয়ৰ চাকৰি এৰি বিৰোধী দল ৰাইজৰ দলত যোগদান কৰিছিল । জ্ঞানশ্ৰী বৰাক ৰাইজৰ দলে মৰিয়নীৰ বিৰোধী মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে । তেওঁ কোনো ৰাজনৈতিক পৰিয়ালৰ পৰা অহা নাই ।

সেইদৰে এইবাৰ বিজেপিয়ে মন্ত্রী নন্দিতা গাৰ্লোছাৰ বিপৰীতে হাফলং সমষ্টিৰ ৰূপালী লাংথাছাক প্ৰাৰ্থিত্ব দিছে । যুৱপ্ৰজন্মৰ ৰূপালী লাংথাছা পৰিয়ালবাদ ৰাজনীতিৰ বিপৰীতে এগৰাকী শক্তিশালী নেত্ৰী হিচাপে চৰ্চালৈ আহিছে । উচ্চশিক্ষিত ৰূপালী এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ নন্দিতা গাৰ্লোছাৰ বিৰুদ্ধে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে ।
আনহাতে ৰাইজৰ দলৰ মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাৰ্থী ৰাহুল চেত্ৰী এগৰাকী উচ্চশিক্ষিত যুৱক । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক এসময়ত নেতৃত্ব দিয়া ৰাহুল চেত্ৰীয়ে চাহ বাগানৰ শ্ৰমিকৰ লগতে শোষিত-নিষ্পেষিত লোকৰ হৈ মাত মাতি আহিছিল । ৰাইজৰ দলৰ সৈতে সংযুক্ত হোৱাৰ পাছত এইবাৰ দলে তেওঁক মাৰ্ঘেৰিটা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । তেঁৱো পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা অহা নাই । সেইদৰে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমো এগৰাকী চৰ্চিত প্ৰাৰ্থী । তেওঁ আলগাপুৰ-কাটলিচেৰা সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ কংগ্ৰেছৰ প্ৰাৰ্থী ।
ইফালে মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকী চৌধুৰী ইতিমধ্যে অসমৰ ৰাজনীতিৰ এটা চৰ্চিত নাম হৈ পৰিছে । অতি কম দিনৰ ভিতৰতে তেওঁক লৈ বিশেষ চৰ্চা হৈছে । লণ্ডনত উচ্চ শিক্ষাগ্ৰহণ কৰি অতি লোভনীয় কৰ্প’ৰেট চাকৰি এৰি অসমৰ ৰাজনীতিত খোজ পেলাইছে কুংকী চৌধুৰীয়ে । সেইদৰে পৰিয়ালবাদৰ বিপৰীতে নিজৰ দক্ষতাৰে পৰিচয় লাভ কৰা আন এগৰাকী প্ৰাৰ্থী হৈছে কংগ্ৰেছৰ ডেভিদ ফুকন । তিনিচুকীয়া সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী ডেভিদ ফুকন এগৰাকী উচ্চশিক্ষিত যুৱক ।
আনহাতে ছাত্ৰ ৰাজনীতিৰে বিজেপিৰ সৈতে জড়িত হোৱা পবিত্ৰ ৰাভাক এইবাৰ পশ্চিম গোৱালপাৰা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । সেইদৰে চৰ্চাত আছে আন এগৰাকী নৱপ্ৰজন্মৰ প্ৰাৰ্থী অনুৰূপা ডেকাৰজা । আম আদমি পাৰ্টীৰ পৰা তেওঁ মধ্য গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে । সেইদৰে কংগ্ৰেছৰ পৰা জালুকবাৰী সমষ্টিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে বিদিশা নেওগ । এনেদৰে কেইবাগৰাকী যুৱপ্ৰজন্মৰ প্ৰাৰ্থীয়ে এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে । অৱশ্যে ৰাইজৰ যুৱপ্ৰজন্মৰ প্ৰাৰ্থীসকলক কিদৰে লয়, সেয়া নিৰ্বাচনৰ ফলাফলতহে জানিব পৰা যাব ৷
লগতে পঢ়ক: ভ্ৰষ্টাচাৰী হিমন্ত বিশ্ব শৰ্মা মহাপ্ৰৱঞ্চক, ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰে : কংগ্ৰেছ নেতা বন্ধু তিৰ্কী

